….জুবিন কাকতি…..
দানবতাৰ শক্তি প্ৰকাশে
জানো মানুহৰ মনত শান্তি আনিব পাৰে।
যদি পাৰে শান্তি আনিব
তেতিয়াহলে কৰক এই
মানৱ আৰু পশু হত্যা
যদি শান্তি আনিবই নোৱাৰে
তেতিয়াহলে কিয় এই শক্তি প্ৰয়োগ
কিয় এই নিস্পাপ জীৱৰ ওপৰত
অবৰ্ণনীয় অত্যাচাৰ?
কি পায় শক্তি প্ৰয়োগৰ দ্বাৰা
দানৱৰ শক্তি?
নে আন কিবা?
নে দানবৰ
অধিপ্ৰৰ্ত বিস্তাৰৰ
এক চৰম পন্থা
নে মানৱৰ নামত দানৱৰ
অত্যাচাৰ ?
জীৱৰ্শ্রেষ্ঠ মানৱৰ
আটাইতকৈ ঘৃণ লগা
পৰিস্থিতি এয়া….
আজি সচাকৈয়ে ঘৃণা উপজিচে
মানৱ নামৰ দানৱ
বোৰৰ ওপৰত
ধিক্কাৰ এই মানৱতাক……