….আশীষ প্ৰিয়ম গোস্বামী…..
দেশ আজি শ্বাসৰুদ্ধ
জীৱন সংকতাপন্ন,
চৌদিশে ভয়ৰ এক শব্দ
মানৱজাতি আজি ৰুগ্ন।
দিনে নিশাই ব্যস্ত
চিকিৎসকবৃন্দ,
উৰণীয়া বিহংগ আজি
পিঞ্জিৰাত আৱদ্ধ ।
ভাইৰাছৰ আঁতংকই
সকলোকে কৰিলে স্তব্ধ,
বজাৰ-সমাৰ বন্ধ
ৰাজপথ জনশুন্য ।
এতিয়াও বন্ধ নাথাকিল
ধৰ্মভিত্তিক ৰাজনীতি,
কোনে বুজাব তেওঁলোক
এই ভাইৰাছে যে নুবুজে
জাতি ধৰ্মৰ নীতি ।