final episode

“ককটেইল The life” (পাঁ‌চ) (ধাৰাবাহিক উপন্যাস)

……..ড° নয়না পাঠক শইকীয়া……

ৰাষ্টাত গাড়ী খন উলিয়াবলৈ লৈ সমূখৰ পৰা একো চিগনেল নিদিয়াকৈ বাইক এখন পাৰ হৈ যোৱাত পৰাগমণি হঠাৎ সচকিত হৈ ষ্টাৰ্ট বন্ধ কৰি দিলে। মৌমিতালৈ চাই পৰাগমণিয়ে খঙেৰে ক’লে দেখিলা দেখিলা ইহঁতবোৰৰ গাড়ী চলোৱাৰ ধৰণ। নিজৰতো মৃত্যু ভয় নায়েই আনকো মৃত্যু পথৰ যাত্ৰী কৰিব বিচাৰে।
ঃ মৌমিতাই ক’লে, বৰ বেছি ডাঙৰ ল’ৰা নহয় যে সেইবাবেই গাড়ী বা বাইক খন চলাবলৈ পাঁ‌ওতেই উৰাই নিব বিচাৰে।
ঃ ডাঙৰ সৰু কি আছে হে! গাড়ী খন চলাওতে সকলোৱেতো সিমানখিনি সাৱধান হ’বই লাগিব।
ঃ নহয় মই সেইটো কোৱা নাই নহয়! মই মাত্ৰ দেখাত যে ল’ৰাটো সৰু লগতে গাড়ী চলোৱাৰ অভিজ্ঞতা নথকা ল’ৰা সেইটোহে কৈছো।
ঃ যিয়েই নহঁ‌ওক সি ৰাষ্টাৰে গাড়ীখন চলাই আনিছে যিহেতু ডাঙৰ সৰুৰ কথা নাই, চলাওতে তাৰ Maturity দেখুৱাবই লাগিব।
ঃ বুজিছো বুজিছো এটি অচিনাকি ল’ৰাই এতিয়া আমাক এখন তৰ্ক মঞ্চ দিছে।
ঃ সেইবোৰ নহয়! মানে মই এটা general concept এইবোৰৰ পৰা বিচাৰি উলিয়াইছো যে এই বয়সৰ ল’ৰা ছোৱালীৰ যিহেতু স্থিৰতাৰ অভাৱ ইহঁ‌তক পুলিচ প্ৰশাষনেহে অলপ টানি ধৰিব লাগিব।
ঃঠিকেই তুমি যে atleast অভিভাৱকক সেই গুৰু দায়িত্ব দিয়া নাই। সেইটো কিন্ত ভাল কৰিলা।
ঃ হা……হা মই দায়িত্ব দি দিলেই যে সকলোবোৰ উঠি পৰি লাগি যাব, কথাতো জানো বাবেইতো কৈছো।
ঃ ইঁ‌হতবোৰক লৈ আমি যিমান চিন্তা কৰিছো অভিভাৱক সকলেও চাগে তেনেদৰে চিন্তা কৰা নাই।
ঃ ওহো চিন্তা কৰা নাই নহয়, চিন্তা কৰি কৰি এতিয়া চিন্তা এৰিয়ে দিলে চাগে!
ঃ তেনেহ’লে আমিনো ইমান কিয় বাক্ বিতণ্ডা কৰিছো।
ঃ পৰাগমণিয়ে মৌমিতালৈ চাই ক’লে কাৰণ টো হ’ল জীৱণতো আমাৰ বাবে মূল্যবান।
ঃ ওহো চাইদ কৰা চাইদ কৰা মই তোমাৰ লগত কথা পাতি থাকোতে দোকাণ খন এৰিয়ে থৈ আহিলো। দেখিছা আচল কামৰ পৰা মানুহ কিদৰে Divert হয়। আমি কিয়নো ওলাই আহিছিলো সেইটোও এতিয়া পাহৰি থাকিলো।
পৰাগমণিয়ে গাড়ী খন চাইদ কৰি ৰখাই দিলে। মৌমিতাই নামি গৈ দোকাণত সোমাল।দোকাণত বস্তুবোৰ লৈ প্ৰায় আধা ঘন্টাৰ পাছত ঘূৰি আহিল।
ঃ ঢেৰ বস্তু কঢ়িয়ালা দেখোন।
ঃ অ’ আটাইবোৰ দৰকাৰী বস্তুহে! Grossary গোটেইবোৰ বস্তু এই একেখন দোকানতে পায় বাবে ল’বলৈ সুবিধা। সেইবাবেইতো এইখন দোকাণ বিচাৰি বিচাৰি আহো। তুমি মানে ইমান সময় মোবাইল চাইয়ে কটাই দিলা।
ঃ আৰু নো কি কৰিম! তুমি দোকাণত বজাৰ কৰিলা মই যেনিবা মোবাইলতে কৰিলো। আচলতে দোকাণ বজাৰ ঘূৰি ফুৰাৰ প্ৰয়োজনেই নাই। সকলোবোৰ বস্তুৱেই online কিনিব পাৰি।
ঃপাৰি কিন্তু কেতিয়াবা এইদৰে দোকাণত বজাৰ কৰিও ভাল লাগে। তদুপৰি সদায় নতুন নতুন ধাৰা আহি থাকিব, সেইবুলি পুৰণিবোৰতো আমি সম্পূৰ্ণকৈ এৰি পেলাব নোৱাৰো।
ঃ ক’ভিদ তুংগত থকা সময়ত এই মোবাইল বজাৰে কিমান সুবিধা কৰি দিলে বহুতকে!
ঃসেইতোৱেইতো, এতিয়াও বহুতে continue কৰিয়ে আছে covid তুংগত থকা সময়ৰ অভ্যাস কিছুমান। আন বহুতে কিছুমান অভ্যাস অকল ক্ষন্তেকীয়া বুলি ধৰি লৈছে।
ঃমানে কি বুজাইছা?
ঃ ইমান বেছি টান কথা নহয়। মই কৈছো এই চাফ চিকুন হৈ থকাৰ কথাবোৰ। বাহিৰৰ পৰা আহি হাত মূখ ধোৱা অথবা senitize কৰা ইত্যাদি। বাহিৰত গ’লে মূখা এখন ব্যৱহাৰ কৰা অথবা বজাৰ সমাৰ কৰি আহি কাপোৰ সাজ একেবাৰে ধুই পেলোৱা ইত্যাদি। মই তোমাৰ বা মোৰ কথা কোৱা নাই, সকলোৰে কথাই কৈছো। মানে বহুতে ভাবে এই অভ্যাস বোৰ অকল ক’ভিদ বেমাৰ হোৱাৰ বাবেহে কৰিব লাগিব নহ’লে প্ৰয়োজনেই নাই। কিন্ত প্ৰকৃততে জানো এই অভ্যাসবোৰ আমাৰ দৈনন্দিন কৰ্ম্মৰাজীৰ ভিতৰতে সুমুৱাই ল’ব নোৱাৰো?
ঃ পাৰো, কিন্ত সকলো শ্ৰেণীৰ মানুহে সকলো ধৰণৰ কৰ্ম্মৰাজী অনুশৰন কৰিব নোৱাৰাতো স্বাভাৱিক।
ঃ কিন্ত বৰ্তমান পৰিস্থিতিত যি খিনি মানুহে এই কামবোৰ দৈনন্দিন কৰি গৈছে, সেই একেখিনি মানুহে আচলতে বাকী সময়তো কৰিব পাৰে বা কৰাৰ প্ৰয়োজন আছে।
ঃ তুমি এটা কথা জানানে এই মূখাৰ ব্যৱহাৰ ১৯ শ শতিকাৰ আৰম্ভনিতো আছিল!
ঃ ওম পঢ়িছিলো কৰবাত। সেই তেতিয়াও হেনো এক ধৰণৰ সংক্ৰমণ হৈছিল। সংক্ৰমণৰ আৰম্ভনী হেনো চীণ দেশতেই হৈছিল। তাৰ পাছতহে অন্যান্য ঠাইলৈ বিয়পিছিল।
ঃ স্পেনিচ ফ্লু নে কি বাৰু?
ঃ স্পেনিচ ফ্লু ১৯১৮ চনত হৈছিল কিন্ত তাৰো আগতেই হেনো মানচুৰিয়ান বেমাৰে epidemic ৰূপ লৈছিল। Manchurian epidemic ১৯১০-১১ ৰ ভিতৰত হৈছিল হেনো। কিন্ত Pandemic ৰূপ লোৱা নাছিল। Epidemic হৈয়ে শেষ হৈছিল।
ঃ ও……..ম। পিছে জাপানীজ বোৰৰ এই মূখাৰ ব্যৱহাৰ বেছি মানে covid হোৱাৰ বহু দিন আগৰে পৰা।
ঃ অ’ তেওঁলোকে হেনো ঠাণ্ডাৰ দিন আহিলে প্ৰায় সকলোৱেই মূখাৰ ব্যৱহাৰ কৰেই।
ঃ আচলতে Spenish flue pandemic ৰূপ ধাৰণ কৰোতে তেওঁলোকো বহুল ভাবে আক্ৰান্ত হৈছিল।তাৰ পাছতে চাগে মানুহ বোৰক এনেদৰে শিক্ষিত কৰা হৈছিল যে তেওঁলোকে মূখাৰ ব্যৱহাৰ দৈনন্দিন জীৱনতো অন্তৰ্ভুক্ত কৰিছিল।
ঃ সেইতোৱেইটো কথাতো। মানে আমাৰ শিক্ষাৰ ব্যৱস্থাতো যদি এইবোৰ কথা বৃস্তিত ভাবে আলোচিত হয় বা মূখাখন দৰকাৰী নে অদৰকাৰী ইত্যাদি বোৰ শিকোৱা হয়,তেন্তে নিশ্চয় মানুহবোৰো সেই শিক্ষাৰে শিক্ষিত হ’ব।
ঃ চীন, জাপানৰ কথা সুকীয়া আমাৰ দেশত ইমান সহজো নহয় আচলতে। বাৰু, আমাৰ আলোচনাও শেষ আৰু Driving ও শেষ। লোৱা বস্তুবোৰ চিজিল লগাই লোৱা,কেইটামান মোকো দিয়া!
ঃ ইমানবোৰ বস্তু……..দুয়োজনে কঢ়িয়াব লাগিব, ৰ’বা এইখন বেগ তুমিয়ে লোৱা……..।

….আগলৈ…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *