final episode

“ককটেইল The life” (চাৰি) (ধাৰাবাহিক উপন্যাস)

……..ড° নয়না পাঠক শইকীয়া……

কলিং বেলটো বজাত মৌমিতাই দুৱাৰ খন খুলি দিলে। বাহিৰত উপামণি বৌ আৰু কটকী দা। মৌমিতাৰ মনটো ভাল লাগিল। বহুত দিনৰ পাছত ঘৰলৈ কোনোবা আহিছে। আচলতে ক’ভিদৰ পাছত প্ৰায় ১০ দিন মান বিশেষ ক’তো ওলোৱা নাই। লাগতিয়াল বা অতিব প্ৰয়োজনীয় বস্তু দুটা মানৰ বাবে মাজতে ঘৰৰ ওচৰৰ দোকাণ খনলৈ গৈয়ে গোটাই আনিছিল। গতিকে প্ৰায় এমাহ মানৰ মূৰত অভ্যাগতক আদৰিবলৈ পাই মৌমিতা যঠেষ্ট আনন্দিত হ’ল। কটকী দাই সোমায়ে মৌমিতাক উদ্দেশি ক’লে আমিবোৰ যে আছো মানুহ বোৰে মনেই নকৰে জানা সেইবাবে মাজে মাজে এনেদৰে মানুহ বোৰক দৰ্শন কৰিবলৈ আহো।
মৌমিতা: কিজে কয় দাদা! মানুহ social হ’ব লাগে আমিহে আচলতে কিছু দিনৰ পৰা unsocial হৈ আছো।
কটকী : ক’ভিদ হ’ল বুলিনো আৰু সমাজ এৰি পেলাব লাগে নে? আমাৰটো wave ৰ আৰম্ভনিতে হৈ গ’ল। ক’তা আমিতো একেই আছো।
মৌমিতা: আমিও একেই আছো দাদা,অলপ হাঁ‌হি মৌমিতাই উত্তৰ দিলে মাত্ৰ অলপ break এটা দিছো আৰু।
উপামণি: দাদাৰ কথা কিনো ক’বা। এইবোৰ মানুহটোৰ এনেয়ে কৈ থকা কথাহে। এক্কেবাৰে seriously ন’লবা।
পৰাগমণি: ইচ ৰাম বৌ মইহে একদম serious হৈ গৈছিলো!
কটকী: পৰাগমণিয়েহে আচল কথাতো কৈছে। ল’ৰাতো লগাতকৈ বেছি seroius হে মৌমিতা …….।
এইবাৰ আটাইকেইজনে হাঁ‌হি সামৰিব নোৱাৰিলে।
পৰাগমণি: মৌমিতাই এতিয়া বা কি খোৱাই আমাক।
উপামণি: একো নালাগে মৌমিতা, তুমি বহাহি আমি এনেয়ে এপাক সোমালো। মানে বজাৰলৈ গৈছিলো,ওলাই আহিলোৱেই যেতিয়া তোমালোকক চাই যাঁ‌ও বুলিয়েই সোমালো।
মৌমিতা: একো নোখোৱাও দেই মই, হাতত চাহৰ ট্ৰে লৈ মৌমিতা ড্ৰইং ৰূমলৈ সোমাই আহিল।
কটকী: এওঁ‌ ক’লেই হ’ব নে। মইতো চাহ খাম বুলিয়ে আহিছো।
উপামণি: আপুনি মানুহ মাৰিব দেই! এতিয়া তোমালোকৰ লগত বুলিহে। এইদৰে অইনৰ লগত কথা ক’লেতো মই nervous এই হৈ যাম।
পৰাগমণি: আৰে বৌ দাদাৰতো সেইটোৱেই plane . আপুনি কিন্ত একদম nervous নহ’ব দেই।
বহু দিনৰ মূৰত এইদৰে কথাৰ মহলা মাৰি পৰাগ মণিয়ে কটকী দা হ’তক আগবঢ়াই থৈ আহিল। তেওঁলোক যোৱাৰ পাছতে পৰাগমণিয়ে মৌমিতাৰ লগত বহু দেৰিলৈ তেওঁ‌লোকৰ কথাই পাতি থাকিল। মৌমিতায়ো ভাবিলে বহু দিনৰ পাছত পৰাগমণি ক’ভিদ নামৰ বেমাৰৰ বেষ্টনীৰ পৰা যেন অলপ ওলাই আহিব পাৰিছে। কাৰণ যোৱা কিছু দিন ধৰি তাই মন কৰিয়ে আছিল, পৰাগমণি যেন ক’ভিদৰ আতংকৰ পৰা সম্পূৰ্ণ মুক্ত হৈয়ো যেন ক’ৰবাত এতিয়াও আতংকিত হৈয়ে আছে। আচলতে বৰ্তমান পৰিস্থিতিয়েহে তেনে অৱস্থাৰ সৃষ্টি কৰিছে সেই কথা মৌমিতাই বুজিব পাৰে। টিভিটো খুলি লৈ অথবা মোবাইলতো পিটিকি থাকিলেও সেই একেই ক’ভিদ পৰিস্থিতিৰ বিৱৰণ। আজিকালি মৌমিতায়ো প্ৰায়ে এনে বাতৰিক অৱজ্ঞা কৰিবলৈ লৈছে। ন’হলে খাওঁতে শোৱতে মানুহে মাত্ৰ ক’ভিদৰ ভয়াবহতাৰ চিত্ৰ দেখি সপোনতো ক’ভিদৰ কাহিনীহে দেখিবলৈ লোৱাতো প্ৰায় খাতাং বুলি মৌমিতাই ভাবি লৈছে। বৰ্তমান যেনিবা ক’ভিদৰ বাবে হস্পিতাললৈ নিয়া, অক্সিজেনৰ টনা টনিৰ বাতৰিবোৰ কমি ভেকচিন ন’ললে বা ভেকচিনৰ নাটনিৰ বাবে সৃষ্টি হোৱা ঘটনা কিছুমানৰ আধিক্য দেখা গৈছে। ক’ভিদৰ সময়চোৱাত মৌমিতাই কাৰোবালৈ ফোণ কৰিলে সিহঁতৰ ক’ভিদ হৈ থকা বুলি ক’লেও বিশেষ গুৰুত্ব নিদিয়াকৈ থকা মানুহবোৰৰ কথা পৰাগমণিক ক’লে পৰাগমণিয়েও মূখেৰে বিশেষ একো মতা নাছিল। মৌমিতাই সেই সময়ত মনত কেইবাটাও প্ৰশ্নবোধক চিন্হৰ সৃষ্টি কৰিলেও উত্তৰ বিচাৰি পোৱা নাছিল। কিন্ত বৰ্তমান পৰিস্থিতিত পৰাগমণিক দেখি তাই সেইবোৰ উত্তৰ নিজেই বিচাৰি পালে। আচলতে মৌমিতা হঁ‌ততকৈ আগতেই বহুতে ক’ভিদ সন্ত্ৰাসৰ আতিসাহ্যৰ মাজত সময় অতিবাহিত কৰি আছিল। সেই আতিসাহ্যৰ পৰা মুক্ত হোৱাৰ পাছত হয়তো কোনেও আকৌ এবাৰ তেনে সন্ত্ৰাসৰ কথা ভাবিবলৈ অথবা শুনিবলৈ ভয় কৰিছিল। মৌমিতা বা পৰাগমণিৰ লগত দুই একৰ বাহিৰে বেছি সংখ্যকেই take care জাতীয় সৌজন্যমূলক শব্দ দুটাৰে whatsapp ৰ গ্ৰুপত মোখনি মাৰি থৈছিল। ব্যক্তিগত ভাবে ফোণ অথবা মেচেজ এটা লিখিও বৰ বিশেষ সময় খৰছ কৰিব নিবিচৰাতোৱেই তেতিয়া প্ৰযোজ্য হৈছিল। বহুতে যে সেই সময়ত কোনো ডাক্তৰ নাৰ্চৰ সহায় নলোৱাকৈ নিজক ঘৰত আবদ্ধ কৰি ৰাখিছিল, সেই কথা মৌমিতাই যোৱা কিছু দিনত দুই একৰ লগত হোৱা সৌজন্যমূলক বাৰ্তালাপৰ যোগেদিহে জানিবলৈ সক্ষম হৈছিল। মৌমিতাই তেনে বাৰ্তালাপৰ যোগেদি গ’ম পোৱা আটাইতকৈ চিন্তনীয় কথাতো আছিল সেই ক’ভিদ আতঙ্কিত সকলে যেতিয়া সাধাৰণ জ্বৰ পানী লগা বুলি বিনাদ্বিধাই ঘূৰি ফুৰি টেষ্ট নকৰাকৈ সকলোকে বেমাৰৰ বীজানু বিলাই ফুৰিছিল। সেই সকলৰ যুক্তি এটাই আছিল যে টেষ্ট কৰাই বেমাৰবিধ হোৱা বুলি গ’ম পাই ভয়ত অথবা চিকিৎসালয়ত বিনা চিকিৎসাই পৰি থকাতকৈতো তেনেদৰে ঘূৰি ফুৰাই শতগুণে শ্ৰেয়। মৌমিতাই অৱশ্যে কাৰো যুক্তিকে এশ শতাংশই শুদ্ধ বা ভুল বুলি মনতে ভবা নাই। কিন্ত সকলোৰে যুক্তিৰ মাজত কিছু শতাংশও যদি শুদ্ধ বিবেচনা থাকে তেন্তে বাকী ৰৈ যোৱা অশুদ্ধ বিবেচনাকো যে ভুল বুলি প্ৰমাণিত কৰিবলৈও যঠেষ্ট সচেতন ভাবে খোজ দিব লাগিব সেই কথা তাই অনুমান কৰে। আচলতে মাক্স খন অথবা চাবোন, চেনিটাইজাৰৰ ব্যৱহাৰ যে অকল ক’ভিদ প্ৰতিৰোধৰ বাবে নহৈ যিকোনো বেমাৰৰ পৰা হাত সাৰি থকাৰ এক সামান্যতম প্ৰচেষ্টা সেই কথা অন্তত সকলোৱে মুক্তমনে গ্ৰহনযোগ্য বুলি ভাবিলেও যে কিমান কামত আহিব, মৌমিতাই চিন্তা কৰি চায়। মৌমিতাই পৰাগমণিক তাই ভাবি থকা বা চিন্তা কৰি থকা কথাবোৰ ক’বলৈ মাজে মাজে সময়ৰ টনা টনি হয়। কিন্ত কেতিয়াবা অজানিতে পৰাগমণিয়ে মৌমিতাই ভাবি থকা কথাবোৰ পাতিবলৈ ল’লে, আজিকালি মৌমিতা অকণো আচৰিত নহয়। ইতিমধ্যে বহুবাৰ তেনে আলোচনা কৰি কেতিয়াবা দুয়ো আৰু কেতিয়াবা অকলেও আছহুৱা অনুভৱ কৰিছে। বৰ্তমান সেয়া সিহঁতৰ বাবে সাধাৰণ কথাৰ দৰে হৈ পৰিছে।

….আগলৈ….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *