final episode

“ককটেইল The life” (তিনি) (ধাৰাবাহিক উপন্যাস)

……..ড° নয়না পাঠক শইকীয়া……

পৰাগমণি অফিচৰ পৰা উলটি আহি কোনো ফালে নোচোৱাকৈ বিচনাখনলৈ আগবাঢ়ি আহি মৌমিতাক মাতিলে। মৌমিতাই একো ক’বলৈ নাপাওঁতেই ধুই অহা মূখ হাত মচি লৈ পৰাগমণি বিচনাত আশ্ৰয় ল’লে। মৌমিতাই আঁ‌তৰি যাবলৈ ল’ওতেই পৰাগমণিয়ে সেহাই সেহাই ক’লে আজি মোক বিচনাতে পৰি থাকিবলৈ দিয়া, চাহ ভাত একো খাবলৈ মন যোৱা নাই।
ঃমৌমিতাই ক’লে ৰ’বা চাঁ‌ও,তোমাৰ জ্বৰ উঠিছে নেকি? থাৰ্মোমিটাৰৰ কাভাৰটো আঁ‌তৰাই সেইডাল পৰাগমণিৰ কাষলতিত লগাই মৌমিতা পৰাগমণিৰ ওচৰত ৰৈ থাকিল। বিপ বিপ বিপ থাৰ্মোমিটাৰৰ পৰা শব্দ ওলোৱাত জ্বৰ কিমান উঠিছে তাই চাই ল’লে। নাই তোমাৰ জ্বৰ বৰ বেছি নাই। গৰম চাহ একাপ খাই লৈ ৰেষ্ট লৈ লোৱা, ভাল লাগিব।
ঃ নাই জ্বৰ নাথাকিলেও মোৰ কিন্ত আচলবিধেই এইবাৰ পালে যেন পাইছো। আজি দুপৰীয়াৰ পৰাই অশান্তি পাই আছো। এতিয়া এই তলৰ চোৱা খুব টানি টানি ধৰিছে! বিচনাখনৰ পৰা আৰু যেন নুঠিমেই তেনে লাগিছে।
ঃ তুমিও যে আৰু ইমান ভয় খাব নালাগে যিকোনো ইনফ্লুৱেঞ্জাতে এনে লাগেই। কিয়নো আচলবিধ বুলি ভয় খাইছা!
ঃচাহ কাপ আনি মৌমিতাই পৰাগমণিক অলপ ধৰি দিলে! চাহ খাই উঠি পৰাগ মণি শুই পৰিল।
মৌমিতাই পৰাগমণিক শুই থকা দেখি নজগাই নিজৰ কামবোৰ কৰি যাবলৈ ধৰিলে। নিশালৈ ভাত পানী বনাই আজৰি হোৱাৰ পাছতো পৰাগমণি সাৰ নোপোৱা দেখি মৌমিতা অলপ চিন্তিত হ’ল যদিও চিন্তাৰ ৰেশ মূখত পৰিব নিদিয়াকৈ পৰাগমণিক জগাবলৈ চেষ্টা কৰিলে। পৰাগমণি সাৰ পোৱাৰ পাছতো দুৰ্বল দুৰ্বল দেখা গ’ল।
ঃ ভাত খাবলৈ অকণো মন যোৱা নাই। বনালাই যদি বাৰু…….মই গৈছো ব’লা।
ঃ মৌমিতাই ভাত বাঢ়ি ৰৈ থাকিল।
ঃ পৰাগ মণিয়ে ভাতৰ থাল খন নিজৰ ফালে আগবঢ়াই লৈ মূখত দুগৰাহ মান ভৰাই উঠি গ’ল।নোৱাৰিম দেই, একেবাৰে টেষ্ট পোৱা নাই।
ঃ মৌমিতাই মনে মনে ভাবিলে ৰাতিপূৱালৈ যদি এনেদৰে থাকে তেন্তে টেষ্টটো কৰাই পেলোৱাই ভাল হ’ব।
ঃ পৰাগমণি পিছে অকণো ৰাজি নহল টেষ্টৰ বাবে। নাই নাই বহুত কাম আছে অফিচত অলপ দেৰীকৈ হ’লেও মই যাম দেই, মোক ৰাতিপূৱা জগাই দিবা।
ঃ ব’লা টেষ্টটো কৰাই লঁ‌ও অফিচতো আজি দেৰীকৈ যাম বুলি তুমি কৈছাই।
ঃ নাই নাই ৰ’বা আৰু দুদিন মান চাই লঁ‌ও গা ভাল হৈয়ো যাব পাৰে আবেলীলৈ।
মৌমিতাই একো নামাতিলে। তাই জানে পৰাগমণিক জোৰকৈ তাই একো কৰাব নোৱাৰে। তাই আবেলীলৈ অপেক্ষা কৰি চালে। আবেলী পৰাগমণিক দেখি তাই মনে মনে ভাবিলে ৰাতিপূৱালৈ পৰাগমণিক আকৌ কৈ চাব লাগিব।
ঃ ৰাতিপূৱা পৰাগমণিক মৌমিতাই বিশেষ ক’ব লগা নহ’ল। মৌমিতাই পৰাগমণিৰ লগত হস্পিতালত যাবলৈ সাজু হ’ল।
ঃ তুমিও টেষ্ট কৰাই ল’বা জানো, পৰাগ মণিয়ে সুধিলে!
ঃ অ’ মইয়ো কৰিম! তোমাৰ যদি possitive ওলাই মোৰোতো ওলাবই আৰু যদি নোলাই covid লৈ ইমান serious হোৱাৰো প্ৰয়োজন নাই বুলি proof হৈ যাব!
ঃ পৰাগমণিয়ে ক’লে মোৰেই কৰিব মন যোৱা নাই তুমিনো আৰু কিয় কৰিব লাগে। ডিঙিয়ে নাকে ঘুকূটি শেষ কৰিব!
ঃ হ’ব দিয়া একো নহয়। test টো কৰি ল’লে নিজে at least safe বুলি গ’ম পাই যাম।
পিছদিনা দুপৰীয়া লৈ RT PCR Report চাই পৰাগমণিৰ প্ৰায় বিবুদ্ধিত পৰা চেহেৰা দেখিয়ে মৌমিতাই ধৰিব পাৰিলে Result টো কি হ’ব পাৰে।
ঃ মৌমিতাই জানে পৰাগমণিক এই সময়ত বিশেষ একো কৈ লাভ নাই। মৌমিতাই মাত্ৰ এষাৰ কথা কৈ পৰাগমণি সুস্থিৰ হোৱালৈ বিশেষ একো নকোৱাকৈ থাকিল।
ঃ তুমি কৈছা টেষ্টতো কৰালো ভাল হ’ল,নহ’লে গমেই নাপালোহেঁ‌তেন আমাৰ ক’ভিদ হৈ আছে বুলি। কিন্ত টেষ্ট নকৰালেতো বেমাৰৰ একো টেনচনেই নাই। কিমান মানুহে চাগে গাতে এনে বেমাৰ লৈ ঘূৰি ফুৰি ভালো হৈ উঠিল। পৰাগমণিয়ে যুক্তিবোৰ মৌমিতাক শুনাই গৈছে। যিহেতু মৌমিতাৰ পৰাহে পৰাগমণিয়ে টেষ্টতো কৰাবলৈ তাগিদা পাই আছিল।
ঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃ
ঃএসপ্তাহ পাৰ হৈ গ’ল গ’মেই নাপালো। অফিচলৈ যাব পৰা হ’লেও দেখোন মোৰ যাবলৈ মনেই নাযাব।
ঃ এতিয়া গ’ম পালা, নহয় জানো, আচলতে যে rest লোৱাতো জৰুৰী আছিল।
ঃ Rest লোৱাৰ বাবে বাৰু ভালেই হ’ল শৰীৰ আৰু মনৰ ভাগৰ বোৰ লাহে লাহে কমিছে আৰু। আচলতে Rest নোলোৱা হ’লে ভাগৰ লাগি থকা কথাতো গ’মেই নাপালোহেঁ‌তেন। পিছে আৰু এসপ্তাহ ঘৰত থকাৰ পাছত যে কি হ’ব মোৰ! মোৰতো একেবাৰে office কৰিবলৈ মন নাযাব।
ঃ ঠিক কৈছা তুমি, আমাৰ ডাঙৰ বোৰৰে এই অৱস্থা, পিছে ছাত্ৰ ছাত্ৰীবোৰ যোৱা এটা বছৰ স্কুললৈ নযোৱাকৈ প্ৰায় ঘৰতে কটাইছে।
ঃ এটা বছৰ বাদ দিয়া আৰু বা কিমানটা বছৰ পাছত এই ৰোগ নিৰ্মুল হোৱা বুলি গ’ম পোৱা যাব সেইতোহে ডাঙৰ কথা হৈ পৰিছে।
ঃ নিৰ্মুল নহ’লেও অন্তত প্ৰতিষেধক লৈ হ’লেও ছাত্ৰ ছাত্ৰী বোৰ স্কুললৈ যাব পৰা হ’লে ভালেই আছিল।
প্ৰতিষেধকতো ল’ব পৰা যাব। অৱশ্যে সকলোৱে লৈ শেষ কৰালৈ Time অলপ লাগিব। অহা মাহৰ ভিতৰত আমাৰ বয়সৰ সকলোৰে লৈ শেষ হ’ল হেতেঁ‌ন যদিহে প্ৰতিষেধক যিমান দৰকাৰ সিমান যোগান ধৰিব পৰা গ’লহেঁ‌তেন। মানে চৰকাৰে যদি বিশেষ regulation কিছুমানৰ মাজেৰে দিয়ে মইতো ভাবো অহা এবছৰৰ ভিতৰতে সকলোৱে লৈ ল’ব পাৰিব।
ঃ কিন্ত আমাৰ দৰেওতো কিছুমান আছে। মানে আমিতো এতিয়া ল’ব পৰা catagorite আছিলো। কিন্ত ক’ভিদ হোৱাৰ ল’গে ল’গে আমিতো এতিয়া আৰু ৩ মাহ ৰৈ দিব লাগিব!
ঃ বাৰু বুজিছো। কিন্ত আৰু দুদিন মানৰ পাছত অফিচ কৰিবলৈ ওলাওতে যে তোমাক বহুত mental preparation লাগিব সেইতো মই ধৰিব পাৰিছো।
ঃ মাত্ৰ কাইলৈৰ দিনটো হে আছে। Doctor ৰৰ Advice মতে ইমান protein rich আহাৰ গ্ৰহন কৰাৰ পাছতো দেখোন খুব বেছি energetic যেন অনুভৱ কৰা নাই। অৱশ্যে পৰহি দেওবাৰ হোৱাৰ বাবে অফিচ নোযোৱাকৈ যে হ’ব সেইটোহে বহুত ডাঙৰ কথা বৰ্তমান।
ঃ ভালেই হ’ল পৰহি ঘৰৰ পৰা বাহিৰলৈ ওলালে কেনে লাগে এনেয়ে এবাৰ চাই আহিব পাৰিবা।
বজাৰৰ পৰা ঘূৰি আহি পৰাগমণিয়ে পানী এগিলাচ খাই মৌমিতালৈ চাই ক’লে ক’ভিদ হৈ যোৱা যেন মই এতিয়াহে অনুভৱ কৰিছো। খুব ভাগৰ ভাগৰ লাগিছেহে বাহিৰৰ পৰা আহি!
ঃ মানে এতিয়া post কভিদৰ symptom ৰ পাছতহে confirm কৰিছা যে তুমি covid patient আছিলা!
ঃ নহয় সঁ‌চাকৈয়ে কৈছো হে মৌমিতা, ভাগৰ কিন্ত লাগিছে মোৰ।
ঃএকো নহয় বহু দিন ঘৰৰ ভিতৰত সোমাই থকা বাবে তেনে লাগিছে।
ঃ পিছদিনা অফিচ যাবলৈ সাজু হৈ থকা পৰাগমণিলৈ চাই মৌমিতাই ক’লে আজি বহুত দিনৰ পাছত অফিচ যাবা যেতিয়া extra কামৰ pressure ল’ব নালাগে। কৰিব পৰা খিনি কৰি সোনকালে free হৈ ল’বা। পৰাগমণি ওলাই যোৱাৰ পাছত মৌমিতাই ভাবিলে ক’ভিদৰ দিন কেইটা খুব বেছি complicacy ন’হোৱাকৈ যে পাৰ কৰিব পাৰিলো! বহুতেতো ঘৰত থাকি relief নাপাই আকৌ hospitalize ও হ’ব লগা হৈছে।

…..আগলৈ……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *