“ককটেইল The life” (চৈধ্য)
………ড° নয়না পাঠক শইকীয়া……….
কি হ’ল আজি দেখোন তোমাৰ গতি মন্থৰ যেন লাগিছে। আজি দেখিছো চাহ পানী নাপাম! মৌমিতা লাহে ধীৰে উঠি গ’ল, ৰ’বা বনাইছো। বহু দেৰী বিশেষ কথা বতৰা নকোৱাকৈ চাহ দুকাপ লৈ টেবুলত থৈ ভিতৰলৈ সোমাই যোৱাত পৰাগমণিয়ে ক’লে আজি মাতবোল বন্ধ নে কি?
মৌমিতাঃ ভাগৰ লাগিছেহে!
পৰাগমণি- কিয় দিনতো দেখোন ঘৰতে থাকা!
মৌমিতাঃ আজি অলপ লৰা লৰি হ’ল। দুপৰীয়া ওলাই গ’লো যে! ঘৰৰ কাম বোৰ ঘূৰি আহিহে কৰিলো।
পৰাগমণিঃ আজি মানে Lunch party আছিল নে কি?
মৌমিতাঃ নহয় ও, আগবেলা লতা আহিছিল। তাই লগ ধৰাত তাইৰ ঘৰলৈ গ’লো।
পৰাগমণিঃ Lunch ক’ত কৰিলা?
মৌমিতাঃ ঘৰতে আকৌ! ঘূৰি আহি মই বনালো নহয়। চবজি এখনহে বনাবলৈ আছিল। ৰাতিপূৱা তোমাৰ টিফিনৰ বাবে বনোৱা ডালি আছিলেই নহয়!
পৰাগমণিঃ তেনেহ’লেনো কিয় ইমান ভাগৰ লাগিল।
মৌমিতাঃ আহোতে অলপ বজাৰ আনিলো। মানে লতাই তাইৰ ঘৰলৈ লগ ধৰিছিল। তাইৰ ‘Shopping Edge’ ৰ বস্তু আনি থোৱা আছিল। তাৰ পৰাই আনিলো। আনিবলগীয়াতো আছিলেই আমাৰো। সেইবাবে লৈয়ে ল’লো আৰু।
পৰাগমণিঃ অলপ অলপ লোৱা হ’লেই হৈ যায় দেখোন। পাছত এদিন বজাৰলৈ গ’লোহেঁতেন।
Our Instagram Page: https://www.instagram.com/anazori2018/
মৌমিতাঃ গ’লো যেতিয়া লৈয়েই আহিলো আৰু। grossery প্ৰায় খিনি হৈয়েই গ’ল। হ’ব দিয়া এনেয়ো বজাৰ কৰিলোৱেহেঁতেন যেতিয়া লৈয়ে ল’লো।
পৰাগমণিঃ ভালেই হ’ল, মাত্ৰ এতিয়া ভাগৰটো অলপ বেছিকৈ লাগিল। বাকীতো ok, মইটো ভালেই পাইছো।
মৌমিতাঃ লতাই মোকো membership লৈ লোৱাৰ কথা কৈছে। মই বোলো চাওঁচোন কি কৰো।
পৰাগমণিঃ বজাৰ খিনি পালেই হ’ল। কেলেইনো আৰু membership লৈ ল’ব লাগে। আজিকালি চব shopping mall তেই দেখোন কাৰ্ড এখন দিয়েই বজাৰ কৰিলে। সঁচাই মিছাইতো score চাই Discount ও দিয়ে।
মৌমিতাঃ সেইটোৱেইতো। কিন্ত ঘৰত আহি কৈ গ’লে বেয়াও লাগেতো। আচলতে সেই কাৰণেই বস্তুবোৰ ল’লো। মই পিছে membership ল’ম বুলি তাইক কোৱা নাই।
পৰাগমণিঃ হ’ব, তুমি ন’কলেও তাই বুজি পাব নহয়।
মৌমিতাঃ বেলেগ shopping mall ৰ score related discount card ৰ কথা ক’ব নোৱাৰিম দেই। সেইবোৰ ক’লে চাগে shopping edge ৰ মানুহ আহি ঘৰত বুজাই থৈ যাবহি! হ’ব এনেদৰে মাজে মাজে দুই এবিধ বস্ত লৈ থাকিলেই হৈ যাব।
পৰাগমণিঃ তুমিয়ে লৈ আহিবা। মোক আনিব ক’লে মই পিছে বজাৰৰ পৰাহে আনিমগৈ।
মৌমিতাঃ ময়েইতো আনিম!
পৰাগমণিঃ ওম, আনি থৈ এনেদৰে মাত বোল নহোৱাকৈ মাজে মাজে পৰি থাকিলেই হ’ল।
মৌমিতাঃ ধেৎ তেৰি, সদায় ইমান নানো নহয়। আজি প্ৰথম বুলি অলপ বেছিকৈ লৈ লোৱা হ’ল।
পৰাগমণিঃ payment কৰিলা নে নাই পিছে?
Assamese Novel
মৌমিতাঃ ওম, দি থৈ আহিম মই। অলপ দিলো। আচলতে পইচা হাতত তেনেকৈ বেছি নিয়া নাছিলোতো। তাইতো পাছত একেলগেই দিবলৈ কৈছিল। মই কাইলৈ দি আহিম ৰ’বা।
পৰাগমণিঃ দিবা দিবা সোণকালে দি আহিবাগৈ, এনেদৰে পইচা দিবলৈ বাকী থাকিলে মনটো free নাথাকে।
মৌমিতাঃ মোৰতো জানাই! সেইবাবেই হাতত নিয়া খিনিকে দি থৈ আহিলো। কিছুমানে কিদৰে তেনেদৰে দিবলগীয়া avoid কৰিব পাৰে!
পৰাগমণিঃ থাকে কিছুমানৰ সেইটো nature. বাৰু যিয়েই নহওঁক তুমি দি আহিবা। এইবাৰ আকৌ নতুন এসোপামান বস্তু এনেয়ে উঠাই নানিবা।
মৌমিতাঃ ok, ইমান tention ন’লবা। আনিবলগীয়া আৰু একো নায়েই এতিয়া। প্ৰায় এমাহৰ বস্তু হৈ গ’ল।
পৰাগমণিঃ এনেদৰে পাচলিৰ বজাৰখনো তোমালোকৰ মহিলা সভাতে হৈ যোৱা হ’লে ………..।
মৌমিতাঃ তেতিয়া তুমি ঘৰতে বিচনাত বাগৰি মোবাইলক আৰু অলপ সময় দিব পাৰিলাহেঁতেন ন!
পৰাগমণিঃ তুমিয়ে উলিয়াবাচোন তোমালোকৰ সমিতিত। কোনোবা গৰাকী উদ্বুদ্ধ হৈয়ো যাব পাৰে।
মৌমিতাঃ উলিয়াম লগতে সেয়া তোমাৰ great suggestion বুলিও জনাব লাগিব।
পৰাগমণিঃ ধেৎ নক’বা মোৰ নাম। কথাতো এনেয়ে উলিয়াবা আকৌ। নহ’লে তুমি Meeting r পৰা ঘৰলৈ ঘূৰি অহাৰ পাছত পুৰা discussion হ’ব। কোনোবা এগৰাকীয়ে চাগে তেতিয়া ক’ব, আমাক এতিয়া চবজি বেপাৰো কৰিবলৈ দিছে।
মৌমিতাঃ অ’তো দিছাই আকৌ।
Our Facebook Page: https://www.facebook.com/anazori2018
পৰাগমণিঃ মানে তুমিও মোৰ side ন’লোৱা তেতিয়া।
মৌমিতাঃ তুমি নিজৰ একো সাংঘাতিক কামৰ বাবে টাইম উলিয়াবলৈ মহিলা সকলক suggest কৰা নাই নহয়, কেনেদৰে তোমাৰ side ল’ম?
পৰাগমণিঃ ইমান অদৰকাৰী চিন্তাও নহয় দিয়াচোন, Time pass ৰ কাৰনেহে ব্যৱসায় লাগে সমিতিক…………।
মৌমিতাঃ তুমি ইমান imvolve ন’হলেও হ’ব। তোমাৰ involvement দেখি মইহে এতিয়া আঁতৰি আহিব লাগিব।
পৰাগমণিঃ তুমি আঁতৰি আহিব নালাগে নহয়। তোমাক automatically side কৰিব।
মৌমিতাঃ হা..হা..হা…..একদম right. গতিকে involve নহোৱাই ভাল নে কি?
পৰাগমণিঃ সেইবোৰ তুমি decide কৰি থাকিবা। এতিয়া তোমাৰ পিছে fresh লাগিছে নে নাই।
মৌমিতাঃ এতিয়ালৈ ভাগৰ লাগিয়েই থাকিব নে? কেতিয়াবাই fresh হ’লো ন’হলেনো তোমাৰ লগত ইমানবোৰ কথা পাতি থাকিব পাৰো নে?
পৰাগমণিঃ কথা পাতি থকা কাৰণে নে … fresh হৈ লোৱাৰ বাবে কথা পাতিব পাৰিলা!
মৌমিতাঃ ওম দুয়োটাই কিজানি।
পৰাগমণিঃ বাৰু লতিকা বাইদেউক মাতিব পৰা হৈছেগৈ নে?
মৌমিতাঃ ও ও ভাল মনত পেলালা। মতিয়েই দিও নেকি এই সপ্তাহতে। গোটেই ladies পাৰ্টিটোকেই মাতিব লাগিব। চবেই তেনেকৈ মাতিছে।
পৰাগমণিঃ বাৰু মাতা তেন্তে, কিন্ত মানুহজন আৰু ল’ৰাতোকনো কিয় তোমালোকে ইমান অৱহেলা কৰিছা!
মৌমিতাঃ এটা কাম কৰো ৰ’বা, আবেলী সকলোকে চাহ খাবলৈ মানে tea and snacks টাইপৰ arrange কৰি, ৰাতিলৈ তিনিওকে ভাত খাবলৈ কৈ দিম।
পৰাগমণিঃ পাৰিবা ইমান load ল’বলৈ। তোমালোক লেডিজটো কেইবাগৰাকীও।
মৌমিতাঃ Tea snacks ত ইমান problem নাই। দুই এবিধ snacks আগতেই বনাই থ’ম বাকীখিনি order কৰি দিম নহ’লে।
পৰাগমণিঃ ঠিক আছে, তেনেহ’লে তেনেকৈয়ে কৰা।
……..(আগলৈ)………