final episode

“ককটেইল The life” (এক) (ধাৰাবাহিক উপন্যাস)

……..ড° নয়না পাঠক শইকীয়া……

‘এক’

:আহা আহা সোমাই আহা মৌমিতা।
মৌমিতা সোমাই আহিল ৰূমটোলৈ। চাৰিওফালে এবাৰ চকু ফুৰাই বহি থকা মহিলা কেইগৰাকীলৈ সম্ভাসন সূচক হাঁ‌হি মাৰি তাই ভালদৰে বহি ল’লে। অ’ গোটেইবোৰ দেখোন আহি পালেই, ভিতৰৰ ৰূমটোৰ পৰা ছায়াৰূপাই কথাশাৰ কৈ কৈ তাইৰ ওচৰলৈ আহিল। মৌমিতা আহিলা, পৰাগ মণি নাহিলে নেকি? মৌমিতাই মাত দিলে আহিছে আহিছে বাহিৰতে সকলোকে দেখি ৰৈ দিছে। তেনেতে ডাঙৰ ডাঙৰ কৈ বিহুগীত বাজি উঠিল, লতাই হাঁ‌হি হাঁ‌হি এফালৰ পৰা হাতত ধৰি আটাইকেইগৰাকীক উঠাই আনিলে, এতিয়া নাছিব লাগিব দেই। এগৰাকী এগৰাকী কৈ সকলোৱে গীত নৃত্যৰ মাজত নিজক বন্দী কৰি মতলীয়া হৈ আহিবলৈ ধৰিলে। ছায়াৰূপাই মৌমিতালৈ চাই ক’লে আহা আহা তুমিও আহা। মৌমিতাই সৰুকৈ ক’লে মই নাচিলে আপোনালোকে নাচিবলৈ পাহৰি অকল মোকেই চাই থাকিব। আজি আপোনালোকে নাচক, মই আছোতো আপোনালোকৰ লগত। লাহে লাহে নৃত্য, হাঁ‌হি, সঙ্গীত আৰু কথা বতৰাৰ মাজত ৰূমটোত এক শৃংখলাহীন শব্দৰ সূচনা হ’ল।মৌমিতাই যিমান পাৰে আটাইকেইগৰাকীক তাইৰ উপস্থিতিক আঁ‌ওকাণ কৰিব পৰাকৈ ৰাখিলে। ছায়াৰূপা আহি মাজে মাজে লতা হঁ‌তৰ লগত নৃত্যৰত হৈছে আৰু মাজে মাজে ভিতৰলৈ সোমাই গৈছে। এসময়ত গীতা, লতিকা, মন্তি, পাপৰি হ’ত ভাগৰুৱা হৈ এগৰাকী এগৰাকী কৈ ভিতৰলৈ সোমাই যোৱাত মৌমিতা অলপ আচৰিত হ’ল। শেষৰ গৰাকী মানে লতাও যেতিয়া ভিতৰত সোমাই গ’ল,মৌমিতা ভিতৰলৈ সোমাব নে তাতে ৰ’ব ভাবি থাকিল। তেনেতে উপামণি ভিতৰৰ পৰা ওলাই মৌমিতাৰ ওচৰতে বহিল। মৌমিতা দেখিলা গোটেইবোৰ কিদৰে ভিতৰলৈ সোমাল। ছায়াৰূপাই সেই সময়তে মৌমিতালৈ চফ কেইটামান আনি ক’লে খোৱা মৌমিতা। উপামণিয়ে ছায়াৰূপালৈ চাই সুধিলে আটাইকেইজনী যে ভিতৰলৈ সোমাল ? ছায়াৰূপাই ক’লে এহ …… সিহঁত অলপ সোমাইছে ৰ’ব। মই মাতি আনোগৈ বুলি উপামণিয়ে খোজ দিবলৈ লওতে ছায়াৰূপাই ক’লে আপুনি বহকচোন আহিব সিহঁত। উপামণি কিন্ত ন’ৰল ভিতৰলৈ সোমাই মাতি আনো বুলি গ’লগৈ। অলপ পাছতে উপামণি হাঁ‌হি হাঁ‌হি ঘূৰি আহিল। অ’ মই বোলো কি হ’ল ইঁ‌হত কেইজনীৰ? মৌমিতাই একো বুজা নাই যদিও কথাবোৰত বৰ বিশেষ গুৰুত্বও দিয়া নাই। কিছু দেৰীৰ পাছত এগৰাকী এগৰাকীকৈ আকৌ ড্ৰইং ৰূমত আহি সোমাল। পাপৰি এবাৰ মৌমিতাৰ ওচৰত বহিল এবাৰ উঠি গৈ আঁ‌তৰত অকলশৰীয়া চকী খনত বহিল। উপামণিয়ে পাপৰিলৈ চাই সুধিলে কি হ’ল পাপৰি ইমান হাঁ‌হি? মৌমিতাইও কথাতো লক্ষ্য কৰি আছিল। কথাতো সুধিলে পাপৰি অপ্ৰষ্টুত হয় বুলিহে তাই সোধা নাছিল। উপামণি তেনেদৰে সোধাত মৌমিতাৰহে চিন্তা হ’ল, পাপৰিয়ে কি উত্তৰ দিব সেই কথা ভাবি। কিবা এটা কথাত যেন পাপৰি মৌমিতালৈ লাজ কৰিছে তেনে ভাব হ’ল তাইৰ। লতাই সকলোকে আঁ‌ওকাণ কৰি ডাঙৰ ডাঙৰ কৈ ক’লে এনেদৰে বহি থাকিলে ন’হব দেই। এতিয়া পাৰ্টিৰ মাজত এনেদৰে বহি থাকিলে একেবাৰেই নহ’ব। মন্তীয়ে লতালৈ চাই ক’লে কি ক’ৰা ভাত বোৰ সৰু সৰু বোৰক দিয়ে দিব পাৰি দেখোন। ছায়াৰূপাই ক’লে অ’ হয়, পিছে মতা মানুহ খিনি আহি লঁ‌ওক নেকি? উপামণিয়ে ক’লে একো নহয়, সৰু ল’ৰা ছোৱালী খিনিয়ে খাই মেলি শেষ কৰোতে সিহঁতো আহি পাই যাব, গতিকে আৰম্ভ কৰি দিব পৰা যায়। উপামণিৰ কথাত লতা আৰু গীতাই ড্ৰইং ৰূমৰ মাজৰ অংশত বহিব পৰাকৈ কাপোৰ পাৰিবলৈ ছায়াৰূপাৰ ওচৰলৈ গ’ল। ছায়াৰূপাই সিহঁতৰ হাতত কাপোৰ বোৰ দিয়াত দুয়োগৰাকী সেইবোৰ লৈ ব্যস্ত হ’ল। লতাই গীতাক জোকালে আপুনি এতিয়াও ইমান কেনেকৈ কৰিব পাৰিছে। লতিকাই মাত দিলে মোক চাবি তঁ‌হতে, মোৰ performance গীতাৰ তুলনাত একোৱেই নহয়। পাপৰিয়ে লাজ লাজ হাঁ‌হিৰেই ক’লে একদম শুদ্ধ, এইগৰাকীক দেখিলে তোমালোকে একো ধৰিবই নোৱাৰিবা, দেখিবা ৰ’বা। মন্তিয়ে ক’লে কিনো কথাবোৰত লাগি আছ ভাত বোৰ ইহঁতবোৰক দিয়াৰ ব্যৱস্থা কৰিব লাগে। ছায়ামণিয়ে ভাতৰ কেৰাহী কুকাৰ বোৰ এটা এটাকৈ আনিলেগৈ। মন্তিয়ে ভাত বাঢ়িব লৈ আগবাঢ়িল। উপামণিয়ে ল’ৰা ছোৱালীবোৰক আনি বহুৱালে। ইফালে মতা মানুহ বোৰো এজন এজনকৈ গোট খালে। সৰু ল’ৰা ছোৱালী খিনিয়ে তৃপ্তিৰে ভাত খাই থকা দেখি মৌমিতাৰ ভাল লাগিল। তেনেতে উৰ্ব্বশী দৰ্জা খন ঠেলি সোমাই আহিল। উৰ্ব্বশীক দেখি উপামণিয়ে মাত দিলে ক’ৰবালৈ গৈছিলা নে কি? উৰ্ব্বশীয়ে ক’লে অ’ আহিব পাৰিম নে নোৱাৰিম চিন্তাই হৈছিল। এতিয়া তোমালোকক দেখিহে ভাল লাগিছে। সুবৰ্ণই আগতেই plane কৰি থৈছিল কাৰণে সেইফালে cancel কৰিব নোৱাৰা হ’লো।উৰ্ব্বশী চিধা চিধি ভিতৰৰ ৰূমলৈ সোমাই গ’ল। মৌমিতাই ল’ৰা ছোৱালী বোৰৰ ভাতৰ থাল বোৰলৈ চালে। এগৰাকীৰ থালত মাংশ দুপিচ দি মৌমিতাই কাষৰ গৰাকীক কিবা লাগিব নেকি সোধাত উপামণিয়ে মৌমিতাৰ ফালে চাই সন্তুতিৰ হাঁ‌হি মাৰিলে। মৌমিতাই ক’লে বৌ মই ইহঁত বোৰক চাইছো আপুনি ভিতৰত কিবা help লাগিলে কৰক। উপামণিয়ে ক’লে তাকেই, মই সেইফালেও মন কৰিছো। মন্তিয়ে কিন্ত খুব চম্ভালিব পাৰে জানা মৌমিতা উপামণিয়ে তাইলৈ চাই চাই ক’লে। ল’ৰা ছোৱালী বোৰে খাইলৈ ভিতৰত সোমাই খেলত ব্যস্ত হ’ল। মন্তিৰ ফালে চাই দত্তই ক’লে আমি অলপ দেৰিকৈ খাম বুলি ভাবিছো, তোমালোক মহিলা সকলে খাই লোৱা নহ’লে। মন্তিয়ে ক’লে সকলোৰে একেলগে বাঢ়িম আকৌ। আমি সকলোবোৰ আপোনালোকৰ বাবেই বাট চাই আছো। মৌমিতাই ধৰিব পাৰিছে পুৰুষ সকলৰ কোটা চাগে অলপ বেছি হ’ল।তেনেতে দত্তই কৈয়ে পেলালে drinks অলপ বেছিকৈয়ে কৰাৰ নিচিনা লাগিছে। পেটতো ভৰি আহিছে। এতিয়া একেবাৰে খাবলৈ মন যোৱা নাই। উপামণিয়ে ভাত বাঢ়িবলৈ লৈ ক’লে অ’ তেনেহ’লে আমি অলপ দেৰিকৈয়ে বাঢ়ো নহয় জানো। কটকীয়ে মাত দিলে বাঢ়া বাঢ়া আমাৰ কাৰণে তোমালোকে ভোকত থাকিব নালাগে। পাপৰি আৰু ছায়াৰূপাই কটকী লৈ চাই ক’লে দাদাই দূখত হে খাওঁ বুলি কৈছে যেন পাইছো, উপামণি বৌ ভোকত আছে বুলি চিন্তা কৰিছে ন! কটকীয়ে আকৌ এবাৰ ধেমালী কৰি ক’লে পাপৰি, উপামণিৰ নাম লৈ আচলতে মই তোমালোককো সুবিধা কৰি দিছো। খাই লোৱা তোমালোকেও।

…..আগলৈ…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *