final episode

“ককটেইল The life” (ন) (ধাৰাবাহিক উপন্যাস)

………ড° নয়না পাঠক শইকীয়া……….

…….ন……

লতিকা বাইদেউৰ যে ল’ৰা ছোৱালী ইমান ডাঙৰ ধৰিবই নোৱাৰি নহয় নে? লতাই মৌমিতাৰ ফালে চাই ক’লে। মৌমিতাই মূৰ দুপিয়াই অ’ পাই বুলি শলাগি লতাই আৰু কি কয় শুনিব বিচাৰিলে। লতাই এইবাৰ মৌমিতাক প্ৰশ্ন কৰিলে আপুনি চাগে লতিকা বাইদেউক বেছিকৈ পোৱাই নাই নহয়। মৌমিতাই লাহেকৈ ক’লে বেছি ক’ম বুলিনো কিয় ক’ম আচলতে ল’গ পালেও বেছি কথাহে পতা হোৱা নাই। সঁ‌চাকৈ তেওঁলোকে অইন ঠাইত ঘৰ ল’লে নে কি? লতাই ক’লে ময়ো শুনিছোহে। লতা মৌমিতা হতঁ‌ৰ ড্ৰইং ৰূমত বহি থাকোতেই তাইলৈ ফোণ কল এটা আহিল! ইচ ৰাম সঁ‌চাই তাৰমানে ফোণতে লতাই পতা কথাষাৰ মৌমিতাই শুনি লতাৰ মূখলৈ চালে। লতাই হাতেৰে দেখুৱাই ক’লে কৈ আছো ৰ’ব। বৌ সঁ‌চাকৈ লতিকা বাইদেউ হ’তে ঘৰ, মাটি কিনিলে এতিয়া তালৈ যোৱাৰ plane কৰিছে, মন্তি বৌৱে ক’লে। মৌমিতাই ক’লে তেন্তে ভাল খবৰহে তেওঁলোকে নিজাকৈ ঘৰ মাটি ল’লে। অ’ ভালতো হয়েই কিন্ত আমাৰ গ্ৰুপৰ পৰা এগৰাকী মানুহ কমি যাব। মৌমিতাই ক’লে অ’ অৱশ্যে হয় তোমালোকে প্ৰায়ে লগ হোৱা নহয় আটাইকেইগৰাকী! মই আচলতে ভবাই নাছিলো কথাতো। ইচ লতিকা বাইদেউজনীলৈ যে বৰকৈ মনত পৰিব। কালিলৈ পৰহিৰ ভিতৰত কোনোবা এদিন লতিকা বাইদেউৰ ঘৰলৈ যামগৈ দিয়ক ওলাব আপুনিও। বাৰু একো বেলেগ কামত ব্যস্ত হ’ব লগা নহ’লে যাম দিয়া মৌমিতাই ক’লে। কিছু সময় কথা পাতি লতাই মৌমিতাক মাত লগাই গ’লগৈ। মৌমিতাও নিজৰ কামত লাগিবলৈ উঠিল। সময় বোৰ আৰু কি কি কামত লগাব পাৰি মৌমিতাই এবাৰ চিন্তা কৰি চালে। সকলো গতানুগতিক কাম কৰি উঠাৰ পাছত আৰু কি কি কৰিব পৰা যায়, কেইবাবাৰো তাই ভাবি চালে। আচলতে বহু কেইটা কামেই কৰিব পৰা যায় কিন্ত কাম কেইটা কৰি সময়খিনিক উপযুক্ত ভাবে অইন এটা কামৰ ৰূপ দিবলৈ চেষ্টা কৰি এটা সন্তোস জনক পৰিবেশ নিজৰ বাবে সৃষ্টি কৰাৰ মানসিকতা সকলো মহিলাৰে থাকিব লাগে। মৌমিতাই ভাবিলে ঠিকেই লতা, মন্তি, পাপৰি অথবা গীতা আটাইকেইগৰাকীয়েতো তাকেই কৰি আছে। তেওঁলোকৰ নিজৰ নিজৰ পচন্দৰ অথবা নিজৰ নিজৰ মানসিক আয়তনৰ ভিতৰত পৰা খিনি কৰিছে……………।
লতাই মৌমিতালৈ ফোণ কৰি সুধিলে যাব নে আজি? এক মূহুৰ্তৰ বাবে মৌমিতাই চিন্তা কৰি চালে, ও কেতিয়া ওলাবা তুমি?
ঃ আবেলীয়ে ভাল হ’ব দিয়ক নে কি? অৱশ্যে আপুনি free থাকিলে breakfast ৰ পাছতো ওলাই যাব পাৰো আমি।
ঃ ওম হ’ব দিয়া পাছবেলাই যাম!
ফোণটো থৈ মৌমিতাই ভাবিলে টাইমটো নক’লে ভালেই হ’ল। ৫ টা বা ৪ যিটোকে কোৱা হয়। ঠিক সেই সময়তে আহি ওলাবহি লতা। টাইম নক’লে atleast ৫-১০ মিনিট ইফাল সিফাল কৰাৰ ঠল থাকে। আবেলি ঠিক ৫টা বজাৰ লগে লগে মৌমিতাই লতালৈ ফোণ কৰি ল’লে। লতাই ক’লে মোৰ হ’লেই আৰু। দুয়োগৰাকী লতিকাৰ ঘৰলৈ বুলি ওলাল। লতিকা ঘৰৰ আগফালে ওলাই ফোণ টো পিটিকি আছিল। লতাই দূৰৈৰ পৰা লতিকাক দেখি ফোণ কৰিয়ে সুধিলে কাক চাই আছে বাহিৰত ৰৈ। লতিকাই তপৰাই উত্তৰ দিলে এনেয়ে ওলাই যাওঁ বুলি ভাবিছো কিন্ত তই আহিবি আহিবি যেন লাগি থকাৰ বাবে ৰৈ দিছো। লতাই হাঁ‌হি হাঁ‌হি ক’লে ৰৈ দিয়ক গেটৰ মূখতে আপোনাক লগ কৰিম। লতিকাই ল’গে ল’গে ক’লে তেনেহ’লে সোমায়ে দিঁ‌ও আৰু, তোক বাহিৰে বাহিৰে মই যাব দিম বুলি ভাবিছ নে কি?
লতা হ’ত গৈ গৈ লতিকাৰ ঘৰৰ মূখ পাই চিঞৰি চিঞৰি মাতিলে লতিকা বাইদেউ, লতিকা বাইদেউ ……….। লতিকাৰ মাত নুশুনি দুয়ো গৰাকী ভিতৰলৈ সোমাই গ’ল। লতিকা ড্ৰইং ৰূমতে বহি আছিল। আহিলি হ’ত! মই মাতিলেই তহঁ‌তে গেটৰ মূখৰ পৰাই ঘূৰি যাবি সেইবাবেই ভিতৰলৈ সোমাই আহিলো। তই পিছে মৌমিতাকো লগত অনা বুলি জনা নাছিলো। জনা হ’লে নিশ্চয় বাহিৰতে ৰৈ থালিলো হেঁ‌তেন।
মৌমিতাঃ মই বুলো লতিকা বাইদেউৰ ঘৰটোকে চাই আহো।
লতিকাঃ ভালেই কৰিলা দিয়া, যোৱাৰ আগতে যে ঘৰলৈ আহিলা ভালেই পালো।
লতাঃ অ’ কথাতো তাৰ মানে সঁ‌চা। অহুকানে পহুকাণে কথাতো আমিও শুনিছো।
লতিকাঃ ঠিকেই শুনিছ, অৱশ্যে তহতঁ‌ক নকোৱাকৈ বাৰু নাযাঁ‌ও।
লতাঃ সেইটোতো জানোৱে। কিন্ত কথাতো কিমান দূৰ সঁ‌চা সেইতোতহে মোৰ অলপ সন্দেহ আছিল। ইমান ভাল সম্পৰ্কবোৰ আমাৰ, আপুনি যে এৰি যাব অলপো তেনে লগা নাছিল।
মৌমিতাঃ লতিকা বাইদেৱে surprise দিলেহেঁ‌তেন বুলি ভাবিছিল যদিও, সকলোৱে কথাতো গ’ম পাই গ’ল।
লতিকাঃ নাই নাই তেনেদৰে ভবা নাই। মন্তিয়ে লতাক ক’ব বুলি জানোৱে। গতিকে surprise দিয়াৰ কথাই নাই।
লতাঃ ওম, কিন্ত মোক যে নক’লে।
লতিকাঃ ওহ, তই গ’ম পোৱাতো খাতাং কাৰণ মন্তিয়ে দেখোন তোক ক’বই। অ’ তোক বলেগকৈ নকোৱাৰ কাৰণে যদি বেয়া পাইছ তেনেহ’লে মোৰ ক’ব লগীয়া একোৱে নাথাকে। মন্তিয়ে তয়ে দেখোন সদায় লগ পাৱই। মন্তিক ন’কৈ এতিয়া তোক ক’ব গ’লেতো তায়ো বেয়া পাব। মন্তিয়েতো তোক লগ পোৱাৰ আগৰে পৰা আমাক গোটেই কেইগৰাকীক চাপোৰ্ট দি থাকে। মোৰোতো বেয়া লাগে দেচোন তহঁ‌তক চবকে এৰি যাবলৈ। সেইকাৰণে তাইক কৈয়েই অলপ অলপ সান্তনা ল’বলৈ বিচাৰিলো।
লতাঃ আপুনি যে আৰু একোৱে বুজি নাপায়। মই ধেমালীহে কৰিছো। ইমান serious ন’হবচোন। চবৰে লগত ধেমালী নকৰো নহয় মই। আপুনি বুলিহে অলপ ধেমালী কৰিলো।
লতিকাঃ বাৰু বাৰু হ’বদে! তইহে মোক ইমান serious কৰি পেলালি। ময়ো আচলতে ইমান serious নহয়।
মৌমিতাঃ ইচ ৰাম আপোনালোক দুয়োগৰাকী এনেদৰে আজি লাগিয়েই থাকিব যেন পাইছো। মোৰ পিছে যোৱাৰ সময়হে হ’ব এতিয়া।
লতিকাঃ ইহ এতিয়াই যাবৰ হ’লেই নে তোমাৰ, বহা বহা। কথাই পতা হোৱা নাই?
মৌমিতাঃ নাই নাই, আপোনালোকৰ কথাৰ মেল খন অলপ enjoy কৰিলো।
লতিকাঃ এই ঘৰটো এতিয়া অলপ সৰু সৰু লগা হ’ল ও। ল’ৰা ছোৱালী হালকো দুটা ৰূম ল’গা হ’ল। ইহঁত হাল ডাঙৰ হ’লে আৰু দুই চাৰি বছৰ পাছত নিজৰ নিজৰ কামত লাগিব। তেতিয়া আগফাল পিছফাল থাকিলে ময়ো কিবাকিবি কামত ব্যস্ত থাকিব পাৰিম আৰু তঁ‌হতবোৰতো মাজে মধ্যে আমাৰ তালৈ আহিবিয়েই।
লতাঃ সেইতোনো আপুনি ক’ব লাগিছেনে? আমিতো যামেই।
মৌমিতাঃ ঘৰ মানে বনোৱাই আছে নে বনাব লাগিব আপোনালোকে?
লতিকাঃ বনোৱাই আছে কিন্ত আমি আৰু অলপ কিবাকিবি কৰি ল’ম। তোমালোকক এদিন লৈ যাম দিয়া।
মৌমিতাঃ ঠিক আছে, চাই আহিম এদিন আপোনাৰ লগতে।
লতিকাই কিছু সময় পাছত ভিতৰলৈ সোমাই গৈ ওলাই নহা দেখি লতাই চিঞৰিলে লতিকা বাইদেউ আহক আহক আমি চাহ খাইয়েই ওলাইছো। লতিকাই মাত দিলে গৈছো ৰ! হাতত চাহৰ ট্ৰে খন লৈ লতিকা, লতা আৰু মৌমিতা হতঁ‌ৰ সমূখত থ’লে।
মৌমিতাই চাহ কাপত প্ৰথম ধোক মাৰিয়েই ক’লে আপুনি গুছি গ’লে আমি এই চাহ কাপ মিচ কৰিম দেই।
লতিকাঃ ও তাৰমানে আমাৰ তাৰ ঘৰলৈ তহঁ‌তবোৰ নাযাৱ তাৰমানে?
লতাঃ মইতো যামেই, আপুনি নামাতিলেও যাম।
লতিকাঃ সেইটো বাৰু জানো ময়ো। মৌমিতা তুমিও আহিবা আকৌ!
মৌমিতাঃ যাবতো লাগিবই, কিন্ত এনেদৰে ওচৰতে থাকিলে যিমানবাৰ আহ যাহ হোৱাৰ ঠল থাকে, তাতকৈ চাগে কমি যাব।
লতিকাঃ ও, এতিয়াহে বুজিছো।
লতাঃ আমি উঠোহে নেকি বৌ মৌমিতা লৈ চাই লতাই ক’লে।
মৌমিতাঃ ব’লা তেন্তে।

………(আগলৈ)………

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *