………ড° নয়না পাঠক শইকীয়া……….
…আঠ…
ইতিমধ্যে মৌমিতা হঁতৰ সেই society লৈ অহা প্ৰায় আঠ মাহ হ’ল। ক’ম সময়ৰ ভিতৰতে তাই মহিলা সকলৰ মাজত এক হৈ যোৱা যেন অনুভৱ কৰিলে। এই society ত থকাৰ আগতে সিহঁত বৰ্তমানৰ society টোৰ পৰা প্ৰায় ২ কি: মি: মান আঁতৰৰ society এটাত আছিল। মৌমিতাই এই নতুন society টোত অহাৰ পাছৰে পৰা এই পাৰ্টি, get together বোৰত বৰকৈ যোগ দিব লগা হৈছে। আগৰ society টোত কেতিয়াবা বছৰত এনে ২-৩ টা পাৰ্টি হৈছিল বাবে প্ৰথমে নতুন society টোত তাই আচহুৱা অনুভৱ কৰিছিল। পৰাগমণিৰ বাবেও নতুন society আগতকৈ অলপ বেলেগ আছিল। আচলতে আগৰ society ত পৰাগমণি প্ৰায় ৩ বছৰ থাকিলেও মৌমিতাৰ লগত মাত্ৰ ৭-৮ মাহ মানহে থকা হৈছিল। পিছে বৰ্তমানে থকা society ৰ প্ৰায়বোৰ অনুস্থানতে পৰাগমণি আৰু মৌমিতা নিমন্ত্ৰিত হৈছে। দুয়ো সেই অঞ্চলতে বেছ কিছু দিন থকাৰো সিদ্ধান্ত লৈ পেলাইছে। পৰাগমণিৰ মতে সেই অঞ্চলত থাকিলে পৰাগমণিৰ office ৰ বাবেতো চিন্তা নায়েই আনকি অন্যান্য সা-সুবিধাৰ বাবেও চিন্তা কৰিবলগীয়া নাথাকিব। ইতিমধ্যে সেই ঠাইৰ প্ৰায় আটাইবোৰ ওচৰ চুবুৰীয়া সিহঁতৰ চিনাকি হৈ পৰিছে। ভৱিষ্যতে সিহঁতে ঘৰ সলালেও সেই ঠাইৰ আশে পাশে থকাৰ কথাতো প্ৰায় নিচ্চিন্তকৈ চিন্তা কৰিছে। মৌমিতাই পৰাগমণিৰ লগত কথা বতৰা পাতোতে দুয়োৱে দুয়োৰে মতামত নলোৱাকৈয়ে বুজিব পাৰিলে যে বৰ বেছি ঘৰ সলাই থকাতো আচলতে দুয়োৰে বাবেই আমনিদায়ক হ’ব। দুয়োৱে প্ৰায় চাহৰ টেবুলতে বিভিন্ন কথা আলোচনা কৰে। আজিও মৌমিতাই দুকাপ চাহ আনি টেবুলত থৈ ক’লে আচলতে সকলো সময়তে অইন মানুহৰ প্ৰয়োজন ন’হলেও মাজে মধ্যে কিন্ত চুবিৰীয়াৰ লগত লগ হ’ব পাৰিলে ভাল লাগে।
ঃ অ’ পিছে সকলো বস্তুৰে একোটা limit থাকে মানে unlimitted নহলে যিকোনো বস্তুৰে demamd দীৰ্ঘদিনীয়া হয়।
ঃ প্ৰয়োজনত সকলোৰে সহযোগীতা পালে অৱশ্যে যি কোনো মানুহেই ভাল পাব, নে কি কোৱা!
ঃ প্ৰয়োজনৰ কথাতো মই কোৱাই নাই, মই মাত্ৰ কৈছো এই হ’কে বিহকে সুৰুঙা উলিয়াই থকা কথাবোহে।
ঃ যাৰ যি প্ৰয়োজন সেই হিচাপেহে বাট বিচাৰিব। নিজৰ প্ৰয়োজনকতো সকলোৱেই অগ্ৰাধিকাৰ দিবই। আমিও দিয়া উচিত!
ঃ হুম after all সকলোৰে চিন্তা নিজা নিজা, নহয় জানো। নহ’লেনো অসমীয়াত ‘ধানটোৱে ভেদে কণ টো’ বুলি এনেয়ে কয় নে?
ঃ সেইয়া তুমি নিজেই দেখোন support দিছা!
ঃ অ’ নিজক support দিবৰ বাবেই কৈছো। কিন্তু এই অযথা কাৰবাৰ বোৰ আচলতে বহুতৰ বাবে চাগে ব্যস্ত হৈ থকাৰ উপায়হে!
ঃ হ’বও পাৰে যেনেদৰে গাওঁ অঞ্চলত মহিলাৰ গোট বোৰ বৰ্তমান সময়ৰ মহিলাৰ ব্যস্ত হৈ থকাৰ উপায়ৰ লগতে সামান্য পৰিমানৰ অৰ্থ চাহিদা পূৰণৰ আহিলা।
ঃ সময়ৰ লগে লগে সকলো কথাই সলনি হয়। মই কৈছো তুমি এই মাত্ৰ কোৱা কথাষাৰৰ প্ৰসঙ্গত।
ঃ ওম মানে প্ৰশংগ সঙ্গতি দেখুৱাই কৰা বাখ্যা।
ঃ হা হা তেনেকুৱাই বুলি ধৰা। চোৱা তুমি কোৱা এই গোটবোৰৰ আগতেনো মহিলা সকলে এনেদৰে লগ হোৱাৰ অইন উপায় আছিল নে নাই? উত্তৰ হ’ব আছিল। তুমি যদি সোধা, উদাহৰণ কোনবোৰ? মই ক’ম নামঘৰবোৰৰ কথা।
ঃ অ’ অ’……, কিন্ত নামঘৰ বোৰতো অলপ বয়সে গৰকা সকলে হে অংশ ল’ব বা লৈছিল!
ঃ যি সময়ৰ কথা তুমি ভাবিছা সেই সময়ত আচলতে বয়সে গৰকা বুলি কঁওতে আজিৰ দিনৰ কোমল মতীয়া মহিলা বুলিয়ে তুমি ক’বা। ভাবা চোন তেতিয়াৰ দিনত বিয়া বাৰু আৰু সন্তান জন্ম দিয়া মহিলা সকলৰ বয়স গড় হিচাপত কিমান মান হ’ব পাৰে!
ঃ সেইটো অৱশ্যে একেবাৰে সঁচা। এতিয়া গোটেই ছবি খনেই সলনি হৈছে।
ঃ এতিয়াতো অৱশৰ গ্ৰহন কৰিব লগীয়া মানুহ গৰাকীৰ জীৱন ধাৰণ আৰু ত্ৰিশোৰ্ধ মহিলা গৰাকীৰ জীৱণ ধাৰণৰ পাৰ্থক্য একেবাৰে নগন্য।
ঃ ওম কিন্ত ব্যস্ত হৈ থকাৰ কোনবিধ অনুস্থান আচলতে গ্ৰহনযোগ্য বুলি তুমি ভাবা?
ঃ প্ৰত্যেকতোৰে নিজচ্চ গ্ৰহনযোগ্যতা আছে। তদুপৰি আছে time factor. Time factor এও গ্ৰহণযোগ্যতা বহু পৰিমানে নিৰূপন কৰিব। এতিয়া সমাজ সলনি হৈছে। মানুহৰ প্ৰয়োজন বোৰো সলনি হৈছে। বহু লোকৰ জীৱন ধাৰণৰ মানদণ্ড যিয়েই ন’হওক,কিন্ত প্ৰয়োজনীয় বুলি ভবা বস্তুৰ তালিকা খন যঠেষ্ট পৰিমানে সলনি হৈছে। নিম্ন মধ্যবৃত্ত সকলেই এতিয়া এসাজ ভাতৰ সলনি এটা ৰঙীন TV অথবা এটা smart phone ক বেছি অগ্ৰাধিকাৰ দিয়ে। অৰ্থাৎ তোমাৰ বা মোৰ বাবে এটি smart phone বা ৰঙীন TV ৰ প্ৰয়োজনীয়তা যিমান তেওঁলোকৰ বাবেও সিমানেই, তাতকৈ কোনো গুণে কম নহয়। প্ৰয়োজনত দুসাজ ভাতো তেওঁলোকে অদৰকাৰী বুলি চিন্তা কৰিব।
ঃ সময়ে তেনে কি কৰিব কোৱা! ভাত এসাজ কমকৈ খাই যদি mobile তো recharge ৰ পইচা গোটাব পাৰে, তেন্তে সেইটোতো বেছি কামত আহিব। ক’ভিদৰ সময়ৰ পৰা চিন্তা কৰাচোন smart phone এ কিমান কি দিলে! ঠিক একেদৰে গোট বোৰৰ কথাও ক’ব পাৰি। একেলগে ৮-১০ গৰাকী মহিলাই মিলি মাহেকৰ মূৰত এহেজাৰ টকাও যদি গোটতোৰ নামত জমা থ’ব পাৰে, সময়ত সেই পইচা তেওঁলোকেই ব্যৱহাৰ কৰিব পাৰে। তদুপৰি গোটবোৰৰ নামত অহা চৰকাৰী সাহায্যৰ কথাতো আছেই।
ঃ মুঠতে সামাজিক অৰ্থনৈতিক দুয়োটা দিশতেই মানুহৰ প্ৰয়োজনৰ যঠেষ্ট সলনি হৈছে।
ঃ অ’ মাজতে আৰু এটা অনুস্থান থাকি গ’ল। যেনে ধৰা অমুক মহিলা সঙ্ঘ, তমুক মহিলা সঙ্ঘ ইত্যাদি বোৰোতো আছে।
ঃ পিছে সেইবোৰ গোটবোৰৰ আগতে জন্ম হোৱা অনুস্থান। গাঁও, সৰু ডাঙৰ সকলো ধৰণৰ চহৰ বা চহৰৰ উপকণ্ঠ অঞ্চলত এটা সময়ত জন্ম হোৱা অনুস্থান।
ঃ ও….ম দুটা এটা তেনে অনুস্থান অৱশ্যে এতিয়াও আছে। এই অনুস্থান সমূহৰ জন্মৰ সময়ত অৱশ্যে একোটা উদ্দেশ্য থাকেই। পাছত সেই উদ্দেশ্য মানে মূখ্য উদ্দেশ্য কিমান কৰ্মমূখী হয় সেয়া কাৰো বিচৰ্য্য ন’হলেই চাগে ভাল।
ঃ যিয়েই নহওঁক সময়ে সময়ে এনে বিভিন্ন অনুস্থানৰ জন্ম বৃত্তন্তৰ বিষয়ে আমি জানো, কিন্ত কাকো আমি অদৰকাৰী বুলি কোৱাতো উচিত নহ’ব।
ঃ চাহৰ টেবুলত বহি ইমান কথা পতা দেখিলে মানুহে ভাবিব এওঁলোকৰ সমষ্ট পৃথিৱীৰ চিন্তা অকল খোৱাৰ সময়তহে চলে। বাকী সময়ত চাগে কোনও কাকো দেখিবলৈ নাপায়। মৌমিতাই ক’লে ঠিকেইতো ক’তনো আমি গোটেই দিনতো ইমান গভীৰ চিন্তা কৰিবলৈ বহি থাকো। গতিকে এই সময়খিনি ভাল কাম এটাত লাগিল। পিছে এতিয়া মোৰ আৰু অলপ কাম আছে দেই বুলি মৌমিতা উঠি গ’ল।
………(আগলৈ)………