“ককটেইল The life” (পোন্ধৰ)
………ড° নয়না পাঠক শইকীয়া……….
মৌমিতাই লতিকা বাইদেউৰ লগত কথা পাতিবলৈ ফোণটো হাতত ল’লে। তেনেতে উৰ্ব্বশী calling বুলি ফোণটোত নামটো দেখি মৌমিতাই ৰিচিভ কৰিব লঁওতে কাট খাই থাকিল। দ্বিতীয় বাৰ উৰ্ব্বশীক ফোণটো লগাব নোৱাৰি লতিকা নামটো বিচাৰি থাকোতেই আকৌ উৰ্ব্বশীৰ ফালৰ পৰা অহা ফোণটো বাজি উঠিল।
ঃ আছা ঘৰতে?
ঃ অ’ আছো বৌ আহিব নে কি?
ঃ নহয় এনেয়ে বুলো খবৰ এটা কৰো। বহুদিন কথাও পতা নাই।
ঃ আহি যাঁওক নহ’লে।
ঃ মই যাম এদিন, আজি তুমিয়ে আহা চোন নহ’লে।
সিদিনা বোলে লতা হ’তৰ তাতো গ’লা, মোৰ তাত কেলেই নোসোমালা?
ঃ লতাৰ লগত হে গ’লো মই সিদিনা। যাম দিয়ক, কেলেইনো নাযাম।
ইহ আমাৰ ঘৰতো দেখোন লতাৰ ঘৰ পোৱাৰ আগতেই পায়। আহা ন’হলে আজিয়ে আহা।
মৌমিতাই উৰ্ব্বশীৰ কথা পেলাব নোৱাৰি ক’লে ৰ’ব ৰ’ব কাম দুটা মান আছে। আজৰি হৈ মই এঘন্টাৰ ভিতৰত গৈ আছো। ফোণটো থৈ মৌমিতাই লৰালৰিকৈ দৈনন্দিন কৰি থকা সাধাৰণ ঘৰুৱা কাম কেইটা কৰি যাবলৈ সাজু হ’ল। ইতিমধ্যে ১ ঘন্টা হওঁ হওঁ হোৱাত মৌমিতা উৰ্ব্বশীৰ ঘৰলৈ ওলাল। তেনেতে আকৌ উৰ্ব্বশীৰ ফোণ ………। মৌমিতাই ফোণটো হাতত লৈয়ে ক’লে ওলালোৱে বৌ, মই দুৱাৰত তলা লগাইছো।
উৰ্ব্বশীঃ অহঃ আহা আহা মই দুৱাৰ খন জপাই থৈছো, তুমি নিজে সোমাই আহিবা। মই মানে বাথৰূমত সোমাওঁ।
উৰ্ব্বশীয়ে কৈ থোৱাৰ দৰে মৌমিতাই দুৱাৰ খুলি নিজে সোমাই ড্ৰইং ৰূমৰ পৰাই মাত দিলে, বৌ মই বহিছো দেই। ড্ৰইং ৰুমৰ চেন্টাৰ টেবুলৰ পৰা মেগাজিন দুখন তুলি লৈ মৌমিতাই চকু ফুৰাই থাকোতেই উৰ্ব্বশীয়ে মাত দিলে আহিলা মৌমিতা! বহা দেই বহু দিনৰ মূৰত আমাৰ ঘৰত আহিছা তুমি।
মৌমিতাঃ সিদিনা ছায়াৰূপা বৌৰ ঘৰত দেখিলো যদিও সেয়াই বহু দিন হ’ল। আপুনিও বহু দিন অহা নাই আমাৰ ঘৰলৈ।
Our Instagram Page: https://www.instagram.com/anazori2018/
উৰ্ব্বশীঃ ওলাও বুলিও ওলাব নোৱাৰো, গ’ম পাইছাই নহয়। মাজে মাজে গা বেয়াই হৈ থাকে। এতিয়া আচলতে বয়সো হ’লতো। তাতে আমি দুয়োজন প্ৰায়ে অকলশৰীয়াকৈ আছো। মাইনা টুৱেলভ পাছ কৰাৰ পাছৰ পৰাই হোচটেলতেই থাকিল। এতিয়াতো কামত join কৰাৰ পৰা বছৰত এবাৰহে আহিব পাৰিব বুলি কৈছে। তাই আমাকে ২-৩ মাহৰ মূৰে মূৰে থকাকৈ গৈ থাকিব কৈছে। ক’তনো যোৱা হ’ব! ময়ো এতিয়া কাম কৰিব নোৱাৰা হ’লো, মানে ঘৰুৱা কাম বনৰ কথাই কৈছো। দাদাৰতো জানাই আৰু দুবছৰ আছে চাকৰি।
মৌমিতাঃ আপুনি একেবাৰে ফিট বৌ। এনেয়ে tention লোৱা যেন লাগে মোৰ। free হৈ থাকক আকৌ।
উৰ্ব্বশীঃ দেখাতহে তেনে দেখিছা, ভিতৰে ভিতৰে ঢেৰ বেমাৰ। তথাপিও মাজে মাজে কিবা কিবি কৰি থাকো, দেখুৱাও ৰ’বা তোমাক। উৰ্ব্বশী ভিতৰলৈ সোমাই গ’ল। ঘূৰি আহোতে হাতত ডাঙৰ পেকেট এটা দেখি মৌমিতাই সুধিলে, কি আনিছে ইমান ডাঙৰ পেকেটতোত। উৰ্ব্বশী মৌমিতাৰ ওচৰতে বহি ল’লে। তাৰ পাছত পেকেট খুলি এটা এটাকৈ বিভিন্ন চাইজৰ পাৰ্চ কিছুমান উলিয়াই মৌমিতা লৈ আগবঢ়াই দিলে চোৱা চোন কেনে হৈছে।
মৌমিতাঃ বাহ, ইমান ভাল লাগিছে। আপুনি নিজে বনাইছে ন! এই অকণমানি দুটা যে খুব cute লাগিছে। মোক এটা দিব হা। মই কিনি ল’ম, আপুনি গিফ্ট দিব নালাগে।
উৰ্ব্বশীঃ নিবা নিবা, যিটো লাগে লৈ যাবা। পইচা এতিয়া দিব নালাগে। পাছত কিবা এটা দি দিবা আৰু মন গ’লে।
মৌমিতাঃ পাছত নহয়, এতিয়াই দিম। কিমান দিম কওঁক।
উৰ্ব্বশীঃ মই তোমাক কিনিবৰ বাবে দেখুওৱা নাই অ’, এনেয়ে কেনে বনাইছো সেইটো জানিবলৈহে দেখুৱাইছো।
মৌমিতাঃ মই হ’লে খুব ধুনীয়া দেখিছো। আপুনি সেই wall hanging খনো নিজেই বনাইছে নে কি?
উৰ্ব্বশীঃ নাই wall hanging খন মোৰ চিনাকি ছোৱালী এজনীয়ে দিছে। মানে মই কিনিছো, তাই এইবোৰ খুব ভাল বনায়। সেই কাষৰ প’ৰট্ৰেইট খনহে মই কৰা।
মৌমিতাঃ সচাঁকৈয়ে নে, ইমান lively হৈছে প’ৰট্ৰেইট খন, মই কেমেৰাৰ ফোটো বুলিহে ভাবিছিলো। কেতিয়া কৰে আপুনি ইমান বোৰ কাম।
উৰ্ব্বশীঃ মন গ’লে যেতিয়াই তেতিয়াই বহো। বাকী সময়ত বেমাৰৰ গাণ গাও বুলিব পাৰা।
Assamese Novel
মৌমিতাঃ হা ….. হা ….. আপুনি মানুহ মাৰিব দেই। বেমাৰৰ বিষয়ে গাণ আৰু কি কি লিখে বাৰু?
উৰ্ব্বশীঃ কি ক’বা আৰু আমাৰ দূয়োজনৰে জানো ইমান বোৰ বেমাৰ কিয় হৈ থাকে। সেইবাবেই মাজে মাজে কিবা কিবি খূত খাত কাম উলিয়াই কৰি থাকো।
মৌমিতাঃ আচলতে একো কাম নাথাকিলে চাগে আপোনাৰ বেমাৰ হৈ থকা যেন লাগে। মোৰ সেইটোহে যেন লাগিছে।
উৰ্ব্বশীঃ জানো পাই! বেমাৰ বোৰ বেছিকৈ কিয় আমাৰ ঘৰলৈ আহে।
মৌমিতাঃ বেমাৰক তেওঁলোকৰ কাম কৰি থাকিবলৈ দিয়ক আপুনি আপোনাৰ কামবোৰ কৰি থাকিব। আচলতে মই অলপ অনুমান কৰিছিলোৱেই যে আপুনি এনেয়ে ঘৰত সোমাই নাথাকে। আচলতে সেইবাবেই আপোনাৰ ওচৰলৈ অকলে আহিবলৈ মন এটি আছিল।
উৰ্ব্বশীঃ ঠিকেই ঠিকেই তুমি কেইবাবাৰো আমাৰ ঘৰলৈ আহিছা যদিও এইবাৰহে দীঘলিয়া সময় লৈ অকলে আহিছা। আচলতে গোটেই বোৰ আহিলে বিভিন্ন কথা ওলায়তো। সেইবাবে মোৰ সেইবোৰ দেখুওৱাই নহয়। তথাপিও উপামণি, ছায়াৰূপা হ’তে জানেতো মই খুচখাচ কিবা কিবি কৰি ভাল পাওঁ বুলি।
মৌমিতাঃ মই কাৰো মূখত শুনা নাই। কিন্ত অনুমান কৰিছিলো।
উৰ্ব্বশীঃ ভালেই কৰিলা। তুমিও আহিবলৈ সময় উলিয়াব পাৰিলা। আচলতে সকলো মানুহৰ লগত মই এনেদৰে বেছি সময় বহি থাকিবও নোৱাৰো।সিদিনা চুমি আহিছিল। মই বৰ আমনি পাওঁ মন নাথাকিলেও তেনেদৰে বহি কথা পাতিবলৈ।
মৌমিতাঃ ময়ো বাৰু বেছি সময় লৈছো নেকি
আপোনাৰ? উঠোহে আৰু।
উৰ্ব্বশীঃ বহা বহা মৌমিতা। মইতো তোমাক নিজেই মাতিছো। মই চুমিৰ কথাহে কৈছো। তুমি জানো চিনি পোৱা নে নাই। আগতে আমাৰ কাষৰ ঘৰটোতে rent ত আছিল। ইয়াৰ পৰা যোৱা ২ বছৰৰ বেছি হ’ল। তাই আহিলে মই বৰ এটা পচন্দ নকৰো।
মৌমিতাঃ নাই নাই মই তেওঁক লগ পোৱা নাই। ইয়াত আছিল বুলি গ’ম নাপাওঁ।
উৰ্ব্বশীঃ তুমি চিনি নাপাবা। আচলতে মানুহগৰাকীক ইমান বেয়াও নালাগে। কিন্ত মানুহজনহে মোৰ পচন্দ নহয়। চুমি দ্বিতীয় পত্নী। প্ৰথম গৰাকী ঢুকাল। ঢুকাল মানে আচলতে মাৰ্ডাৰ বুলিহে বহুতে সন্দেহ কৰে। ল’ৰা ছোৱালী ও ডাঙৰ হ’ল। চুমিক বিয়া পাতোতেই বোলে সিহঁত হাইস্কুলত। ভাল নালাগে কিবা কথাবোৰ।
মৌমিতাঃ এতিয়া কিমান ডাঙৰ হ’ল ল’ৰা ছোৱালী হাল?
উৰ্ব্বশীঃ ডাঙৰেই হ’ল। ছোৱালী জনী সৰু তাইয়েই এইবাৰ master’s ৰ বাবে কিবা entrance দিছে। দুইটাৰ মাজত বৰ বেছি difference নাই বোলে। ২ বছৰ মান ডাঙৰ হ’ব চাগে। চুমিৰো ছোৱালী এজনী আছে। তাইয়ো হাইস্কুল পালে। চুমিৰ ছোৱালীজনী জন্মৰ দুবছৰ মানৰ ভিতৰতে সিহঁত ইয়াৰ পৰা গ’লগৈ। মানে ইয়াত কাৰো লগতে সিহঁতৰ আহ যাহ নাছিল। নাছিল মানে প্ৰথম গৰাকী ঢুকুৱাৰ পাছত মানুহবোৰে সন্দেহৰ চকুৰে চোৱা হ’ল যে কোনেও ভালদৰে মাত বোল নকৰে পৰিয়ালতোক। মোক জানো কি ভাল পালে তাই। মাজে মাজে আহিছিল মোৰ ইয়ালৈ। মোকো প্ৰতিবাৰেই আহিলে মাতি থৈ যায়। মোৰহে যোৱা ন’হলগৈ। আচলতে পৰিয়ালটোৰ কথাবোৰ শুনি শুনি ভাল নলগা হ’ল মানুহজনক। সেইবাবেই চুমি আমাৰ ইয়ালৈ আহিলেও মই এবাৰো নগ’লো। পিছে ছোৱালী জনী জন্মৰ পাছতে দুবাৰমান গৈছিলো।
মৌমিতাঃ আপোনাক ভাল পাই বাবেই এতিয়াও আহিছে তেনেহ’লে। নহ’লেনো কিয় আহিব!
উৰ্ব্বশীঃ আচলতে বাকী কাৰো লগতে আহ যাহ নাছিল যে! মোৰ লগত এতিয়াও তাই সম্পৰ্ক ভালেই ৰাখিছে বাৰু! কিন্ত বাকীবোৰে কথাতো বেয়া পাই বুলি জানো যে, সেইবাবেই ভয় লাগে!
Our Facebook Page: https://www.facebook.com/anazori2018
মৌমিতাঃ আপুনি বাকী বোৰৰ কথা দেখিছো বৰকৈ শুনে! ছোৱালীজনীৰ যদি একো বেয়া নাই আপুনিনো কিয় ভয় কৰিছে!
উৰ্ব্বশীঃ নহয় অ’! Murder ৰৰ কথাতো সঁচাই চাগে। কাৰণ মানুহ জনৰ আগতে প্ৰথম গৰাকীৰ লগত খুব কাজিয়া হয়। বাহিৰৰ পৰাও মানুহে ধৰিব পাৰে। সিহঁতৰ মাজত সম্পৰ্ক ভাল নাছিল। আনকি কোনোবাই মাজে মাজে হাত ভৰিত দাগো দেখিছিল। মানুহজনীয়ে পিছে সংসাৰ খন ৰাখিবলৈ চেষ্টাও নকৰা নহয়। তাই কাকো ঘৰৰ কাজিয়াৰ কথা কোৱা নাছিল। কোনোবাই কেতিয়াবা সুধিলেও পৰি দূখ পোৱা বুলিহে জনাইছিল।
মৌমিতাঃ ইচ ৰাম মানুহবোৰৰো যে কাম ঘৰুৱা কথানো কিয় মানুহজনীক সুধি অপ্ৰষ্টুত কৰিব লাগে। প্ৰয়োজন অনুভব কৰিলে চাগে নিজেই ক’ব।
উৰ্ব্বশীঃ মানুহবোৰৰ জানিবলৈ মন যাবই দিয়াচোন। ঘৰৰ কাষতে যদি পূৱা, গধূলী তৰ্ক বিতৰ্ক চলি থাকে! কাৰনো অশান্তি নালাগিব।
মৌমিতাঃ লোকৰ ঘৰৰ ভিতৰত কি হৈছে জানিব লৈ বিচৰাতো বেলেগ আৰু কাৰোবাক সহায় কৰিবলৈ পৰিস্থিতিৰ বুজ লোৱাতো বেলেগ। হয়তো মানুহগৰাকীয়ে ধৰিবই পৰা নাছিল, মানুহবোৰে নো আচলতে কিয় জানিবলৈ বিচাৰিছে!
উৰ্ব্বশীঃ বাৰু বাদ দিয়া সেইবোৰ, চাহ খাবানে চৰবত!
মৌমিতাঃ চাহ নাখাও দিয়ক এতিয়া, ঘৰত ভাত খামগৈ একেবাৰে। চৰবতকে দিয়ক।
………..(আগলৈ)……..