final episode

………ড° নয়না পাঠক শইকীয়া……….

উৰ্ব্বশী বৌৰ ঘৰলৈ গৈছিলো, ঘূৰোতে বোলো আপোনাৰ তাতো এপাক সোমাই যাওঁ। কি কৰিছে!
মৌমিতাঃ এনেয়ে আছো। কিনো কৰিবা। মোবাইলতো অনবৰত পিটিকি থকা অভ্যাসো বৰ এটা ভাল নহয়। সেইবাবে কিনো কৰা যায় তাকেহে ভাবি আছো। তুমি আহিলা ভালেই হ’ল।
লতাঃ এতিয়া বিশেষ কাম নাই বাবে এবাৰ উৰ্ব্বশী বৌৰ খবৰ এটাকে কৰি আহিলো। তেওঁ‌ক বহুদিন দেখাও নাছিলো।
মৌমিতাঃ ভালে আছেনে তেওঁ?
লতাঃ অ’ মাজতে অলপ গা বেয়া আছিল বোলে সেইবাবে কতো ওলোৱা নাছিল। আমাৰ লাষ্ট party দুটাতো তেওঁ অহা নাছিল যে ! এতিয়া পিছে ভালেই তেওঁ‌ৰ। মই আমাৰ next পাৰ্টী বোৰত যেনে তেনে attend কৰিবলৈ কৈছো। আচলতে গা বেয়া বুলি সোমাই থাকিলে বেমাৰ বেছিকৈয়েহে হয়। মইতো নিজে ইমান কেয়াৰ নকৰো বেমাৰলৈ। তদুপৰি কিছুমান বেমাৰৰ কোনো চিকিৎসা নাথাকে বুলিয়েই ক’ব পাৰি। অৱশ্যে বেছি serious হ’লে ময়ো Doctor ক Consult কৰো।
মৌমিতাঃ ও মনতোৰ লগতো বহু কথা থাকে বাৰু। মন ভালে থাকিলে অলপ অচৰপ অসুস্থতাই একো কৰিব নোৱাৰে মানুহক।
লতাঃ মোৰ মতেও সেইটোৱে। মই এনেয়ে ঘৰত সোমাই ব’ৰ হৈ একেবাৰে নাথাকো। আজিয়ে চাওঁক, বৰ্তমান বিশেষ কাম নাই গতিকে অলপ ওলাই আহিছো।
মৌমিতাঃ হয় ঠিকেই। কিন্ত সকলোৱে তেনেদৰে ওলাই যাওঁ বুলি ওলাই যাবও নোৱাৰেতো।
লতাঃ নাযানো দেই উৰ্ব্বশী বৌক বেছিভাগ ঘৰতে সোমাই থকা যেন লাগে।

Our Instagram Page: https://www.instagram.com/anazori2018/

মৌমিতাঃ ঘৰত কিবা কিবি কামত লাগি থাকে চাগে তেওঁ। এদিন কৈছিলতো craft work তেওঁ হেনো খুব ভাল পায়।
লতাঃ মইযে একো নুশুধিলোৱে তেওঁক। হয় হয় দুখনমান wall ত painting কৰি থোৱাও দেখিছো। এতিয়াহে ভাবিছো, তেওঁ নিজেই কৰিছে চাগে। মোক সুধিছিলতো painting কেনে দেখিছা বুলি! মই ভাল লগা বুলি ক’লো যদিও তেওঁ নিজে অঁ‌কা বুলি একেবাৰে নাভাবিলো। সুধিবৰে নহ’ল।
মৌমিতাঃ এতিয়া আকৌ এদিন গৈ আহিবাগৈ!
লতাঃ ঠিকেই ঠিকেই, যাব লাগিব এদিন।
মৌমিতাঃ মই ফোণ কৰিয়ে খবৰ ল’ম গা ভাল পালে নে নাই!
লতাঃ ঠিক আছে ময়ো উঠোৱেই আৰু। আচলতে সিদিনা ছায়াৰূপা বৌৰ ঘৰত উৰ্ব্বশী বৌক লগ পালো যদিও খবৰ লোৱাই নহ’লতো তেওঁৰ। সেইবাবে এপাক মাৰি আজিলো আজি।
মৌমিতাঃ ভালেই কৰিলা দিয়া। সিদিনা গোটেইকেইগৰাকী খোৱা লোৱাত ব্যস্ত থকাত বৌৰ গা বেয়াৰ কথাতো আচলতে কাৰো মনলৈ নাহিল।
লতাঃ হয়ো দিয়ক চোন। খোৱাৰ সময়তনো কাৰ বেলেগ কথা ওলাব। তাতে তেওঁ সিদিনা অলপ দেৰীকৈও গৈছিলতো। খোৱাৰ সময়ত খোৱা বোৱাৰ কথাই ওলাব দিয়কচোন।
মৌমিতাঃ তুমি খবৰ কৰিলাই নহয় আজি ভালেই হ’ল। তেওঁ দেৰিকৈ হ’লেও অলপ সময়ৰ বাবে আহিলে যে সেইবাবেই ভাল লাগিল সিদিনা।
লতাঃ সেইটো অৱশ্যে হয়। বাৰু মই উঠো দিয়ক। আপুনিও কামত লাগক।
লতা উঠি যোৱাৰ পাছত মৌমিতাৰ মূখত অলপ সময়ৰ বাবে হাঁ‌হি এটি ওলমি ৰ’ল। মৌমিতাই আচলতে জানেই তাই ন’কলেও যে লতাই উৰ্ব্বশীৰ খবৰ এটি কৰিবগৈয়ে। সঁ‌চাকৈয়ে দুদিনমানৰ পাছত লতাই উৰ্ব্বশীৰ খবৰ লৈ মৌমিতাৰ তালৈ আহিল। সিদিনা দুৱাৰ খুলিয়ে লতাক দেখি মৌমিতাই বুজি পালে তাই খুব বেছি সময় বহাকৈ অহা নাই।
লতাঃ কি কৰিছে! এনেয়ে এপাক সোমাই চাই যাওঁ বুলিয়ে সোমালো।
মৌমিতাঃ চাই যাবলৈ নিদিও আহা বহাহি। বহি চাহ খাই লোৱাৰ পাছতহে যাবলৈ দিম।
লতাঃ আজি আৰু এফালে যাব লগা আছে, বেলেগ এদিন বহিম।
মৌমিতাঃ তোমাৰ যে সদায় লৰালৰি। কোনফালেনো যোৱা?
লতাঃ আজি মানে মন্তি বৌৰ লগত পাছবেলা বজাৰলৈ যোৱাৰ কথা। মাহেকীয়া বজাৰ খিনি মই shopping edge ত বৌৰ লগতেই কৰো আজিকালি। আপুনিও membership লৈ ল’ব পাৰে। মই আজি গ’লে form খন আনি দিম ৰ’ব।
মৌমিতাঃ অ’ এদিন যে কোনোবা কোম্পেনীৰ management ৰ দুগৰাকীমান member আহিছিল মন্তি বৌৰ ঘৰত! সেই কম্পেনীৰে প্ৰডাক্ত নে কি?
লতাঃ হয় হয় আপোনাৰ মনত পৰিছে ন! আপুনিও attend কৰিছিল,মই যে পাহৰি গৈছিলো পাই।
মৌমিতাঃ তুমি join কৰিলা নে কি?
লতাঃ মইতো কেতিয়াবাই join কৰিলো। Shopping edge ৰ মানুহে campaining কৰাৰ আগতেই। মোক মন্তি বৌৱে কেতিয়াবাই বুজাইছিলতো chain system হে। মই তেওঁৰ তলত সোমাইছো। আপুনি নহ’লে মোৰ তলতে সোমাই ল’ব। Membership ল’লে atleast আপুনি নিজে ব্যৱহাৰ কৰা সামগ্ৰীবোৰেই অলপ বেছি discount ত কিনিব পাৰিব।
মৌমিতাঃ চাঁ‌ও ৰ’বা। মই আচলতে এই বস্ত sell কৰাত ইমান cooperate কৰিব নোৱাৰিম কোম্পেনীক।
লতাঃ ইচ ৰাম সেইবোৰ একো কৰিব নালাগে নহয়। আপুনি মাত্ৰ Membership লৈ ল’ব আৰু নিজৰ দৰকাৰী বস্ত্ত বোৰ কিনি ল’ব। বাকী সকলো হৈ থাকিব। Marketing ৰ কাৰণে মই লগ দিম নহয় আপোনাক, মোৰ লগতেই যাব পাৰিবতো।
মৌমিতাঃ হ’ব দিয়াচোন মই লাগিলে তোমাৰ পৰাই কিবা কিবি ল’ব পাৰিম নহয়।
লতাঃ কেলেই নোৱাৰিব। মোৰ তাত এতিয়া ঢেৰ কিবা কিবি আছে ব’লক নহ’লে কি লাগে লৈ আহিব পাৰিব। উঠক আমাৰ ঘৰলৈ যাওঁ।
মৌমিতাঃ ৰ’বা ৰ’বা যাম। আজি আমাৰ ঘৰতে চাহ একাপ খাই লোৱা। যাম বাৰু দুয়ো বহি চাহ কাপ খাই লঁ‌ও। আচলতে মই অকলে চাহ কাপ খাই বৰ এটা ভাল নাপাওঁ।
লতাঃ বাৰু বাৰু বহিছো। বনাওক আপুনি।
মৌমিতা উঠি গৈ চাহ বনোৱাত লাগিল। লতাই হাতত ফোণ পিটিকি থাকিয়ে মৌমিতাক ক’লে খালি চাহ হে খুৱাব দেই। মই breakfast কৰিয়ে ওলাইছো। পাৰিলে লাল চাহে বনাওক। মৌমিতাই চাহ কাপ লৈ অহালৈ লতাই মন্তিৰ লগত ফোণত ব্যস্ত হৈ পৰিল। ইৰিমধ্যে মৌমিতাৰ চাহো ৰেডি হ’ল। মৌমিতাই চাহৰ লগত বিস্কুট কেইবাবিধো উলিয়াই আনি ক’লে, একোৱে বনোৱা নাই। কেবল বিস্কুট চাহ খোৱা আৰু।
লতাঃ ইচ ৰাম ইমান বোৰ বিস্কুট কেলেই আনিলে, দিয়ক salted এখনেই দিয়ক। মই আজিকালি মিঠা বোৰ বৰকৈ নাখাওঁ।
মৌমিতাঃ খোৱা খোৱা যি ভাল পোৱা তাকেই খোৱা।
লতাঃ আপুনি এনেদৰেই যাব পাৰিব আমাৰ তালৈ। এতিয়া মানুহ বোৰ চব অফিচলৈ ওলায় গ’লেই, একো নহয়। অ’ change কৰে যদি টপটো কেই সলাই লঁ‌ওক নহ’লে।
মৌমিতাঃ তুমি চাহ কাপ শেষ কৰি লোৱা চোন। মোৰ বেছি সময় নালাগে।
মৌমিতা ওলাই অহালৈ লতা যাবলৈ সাজু হ’লেই। লতাই নিজেই উঠি গৈ চাহৰ কাপ প্লেট পাগঘৰত থৈ চিঞৰি ক’লে আপুনি পাছত এইবোৰ ধুই থাকিব। এতিয়া ওলাওক। দুয়ো গৰাকী যাবলৈ সাজু হৈ উঠিল। মৌমিতাই দুৱাৰত তলা লগাব লওতেই মনত পৰিল ইচ ফোণতো ভিতৰতে থাকি আহিল। বাদ দিয়ক একো নহয়, আপুনি খুব বেছি ১/২ ঘণ্টাহে বহিব। লতা আৰু মৌমিতাই ল’ৰালৰিকৈ খোজ ল’লে।

…….আগলৈ…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *