………ড° নয়না পাঠক শইকীয়া……….
ছায়াৰূপাই এবিধ এবিধ কৈ খোৱা সামগ্ৰীবোৰ আনি টেবুলত থৈ যাবলৈ ধৰিলে। টেবুল খন কিছু সুস্বাদু সামগ্ৰীৰে ভৰি পৰিল। লতিকাই ড্ৰইং ৰূমৰ পৰাই চিঞৰিলে ছায়া অ’ই ছায়া আহ চোন ওলাই আহ এতিয়া আৰু একো আনিব নালাগে। এতিয়াই খাবলৈ মনেই যোৱা নাই। ছায়াৰূপাই ও বুলি শলাগি ওলাই নহা দেখি লতিকা ভিতৰলৈ সোমাই গৈ ক’লে ইচ ৰাম এতিয়াই লুচি বোৰ ভাজি নেপেলাবি চোন, থই দে।
ঃ মই যে বেলিলোৱেই।
ঃ একো নহয় বেলি থৈ দে নহ’লে , ৰ ময়ো দুখন মান বেলি দিম, অ’ই লতা আহ আমি সোমাও আহ।
ঃ লতা এই ছায়াৰূপাক অলপ বহিবলৈ দেগৈ আমি দুয়োজনীয়ে ফটাফট বেলি শেষ কৰি ড্ৰইং ৰূমত বহোগৈ। লতা তই লাড্ডু কেইটা বনাই যা, মই বেলি যাম।
অগত্যা উপাই নাপাই ছায়াৰূপা ৰূমৰ পৰা ওলাই গ’ল। অলপ পাছতেই লতা আৰু লতিকাই কপালত লাগি থকা বিন্দু বিন্দু ঘাম মচি ওলাই আহিল। গীতাই ক’লে ইচ ৰাম দুয়োজনী ঘামি জামি ওলাইছে, অ’ই মন্তি ফেনখন বঢ়াই দেচোন। মন্তিয়ে হাঁহি হাঁহি ক’লে ফেন আচলতে ৫ তকৈ বেছি জোৰে চলাব নোৱাৰি। regulator ত ৫ নম্বৰলৈকে হে থাকে। লতিকাই ক’লে ঘাম এনেয়ো শুকাব ফেণৰ speed বঢ়াৰ নালাগে। মোক অলপ ফেণখনৰ তলতে বহিবলৈ ঠাই অকণ উলিয়াই দে হ’ত। ছায়াৰূপাই টুল এখন ভিতৰৰ পৰা আনি ফেণৰ তলত পাতি দিলে। পালে এতিয়া ……., মোক পাকঘৰৰ পৰা উলিয়াই নিজে সোমাই লৈছিল নহয়!
Our Facebook Page: https://www.facebook.com/anazori2018
লতিকাঃ তঁহতে মোৰ বুদ্ধি বুজিয়ে পোৱা নাই। আচলতে মই মোৰ ফালৰ কাম আজৰি কৰি থলো। এতিয়া মোৰ দায়িত্ব শেষ। ভাজিবৰ সময়ত মোক নামাতিবি।
ছায়াৰূপাঃ কোনো সোমাব নালাগে দেই। মই নিমন্ত্ৰণ দিছো মইয়েই বনাম আকৌ।
লতিকাঃ নোৱাৰ নোৱাৰ তই ইমানবোৰ ইতিমধ্যে বনাইছই।
লতাই চিঞৰিলে হ’ব হ’ব ময়ে বনাই দিম দিয়ক, পাপৰি বৌৱে মোক অলপ help কৰি দিব, মানে দুটা কেৰাহিত দুজনীয়ে ভাজিলে অলপ সোণকালে হ’ব।
লতিকাঃ তঁহতি যেনেকে কৰ, কৰ মুঠতে মই খাবলৈ পালেই হৈ যাব।
পাপৰি ঠিয় হৈ লতাক টানিলে আহা আহা আমিও আমাৰ কাম কৰি আজৰি হঁও।
ছায়াৰূপাঃ বোলে আকৌ অলপ দেৰিকৈহে খাব। বহি লওঁকচোন অলপ।
লতিকাঃ অ’ মইতো সেইতোৱে কৈছো, ভাজি পেলালে হৈয়ে যাব দেখোন খাব পৰা। এতিয়াই আচলতে খাবলৈ মনো যোৱা নাই।
পাপৰিঃ মই আকৌ আজৰি হৈ লঁও বুলিহে ভাবিছিলো।
এইবাৰ লতাই মাত দিলে ইহ বাদ দিয়ক বলক পাপৰি বৌ আমিওতো আজৰি হ’ব লাগে। গীতাই ক’লে এটা কাম কৰা ভাজি লৈ অকণমান বহি লবাহি! লুচি ইমান সোণকালে ঠাণ্ডা হৈ নাযায়। তদুপৰি এতিয়া যিহে গৰম, গৰম গৰম খাবলৈ কোনেও বিশেষ ভাল নাপাব ঠাণ্ডা পুৰি হৈ যাব তেতিয়ালৈ। ছায়াৰূপাই ইতিমধ্যে এখন এখনকৈ প্লেট ৰেডি কৰিবলৈ ধৰা দেখি উপামণি উঠি আহি ছায়াৰূপাক চকী খনত বহুৱাই দিলে। লতিকাই ক’লে অ’ই ছায়া তই বাৰু হাঁহিবলৈ পাহৰিলি নেকি? অটাইসোপাই হাঁহি হাঁহি বহি আছে আৰু তই লাগিছগৈ খোৱা বিলোৱাত আমি নিজে লৈ খাব পাৰিম নহয়। ইতিমধ্যে লুচিৰ ট্ৰে খন লৈ আহি লতাই ডাইনিং টেবুলত থৈ দিলে। কিছু সময়ৰ পাছত পাপৰি একেদৰে এখন ট্ৰেত লুচি ভৰ্ত্তি কৰি লৈ আহিল। লতিকাই ক’লে বহ বহ এতিয়া অলপ বহি ল। অলপ পাছত আমি খাবলৈ উঠিম নহয় জানো।
মৌমিতাঃ বলক বলক লতিকা বাইদেউৰ নামত আমিও পেট পুৰাই খাই লঁও।
গীতাঃ জানো পাই ছায়াৰূপাই গোটেই সোপাক মাতি কেলেই ইমান কষ্ট কৰিছে। তাইক অকলে মতা হ’লেই হৈ যায় চোন।
ছায়াৰূপাঃ ক’তনো ইমান সোপা বনাই মাতিছো। লতিকা বৌৰ নামতেই আমিবোৰ লগ হোৱাৰ সুবিধা কৰিছো।
লতাঃ ভালেই কৰিলে ভালেই কৰিলে। ময়ো আটাইকেইগৰাকীকে মাতিম। গীতা বৌৱে চাগে অকল লতিকা বাইদেউকে মাতিব। একো নাই আমিতো কেতিয়াবা নমতাকৈও যাওঁ। মাত্ৰ গ’ম পালেই হ’ল।
গীতাঃ সেইটো বাৰু পাছৰ কথা। পিছে খানা সঁচাকৈয়ে ভাল হৈছে। মই আচলতে ইমান ভাল বনাব নাজানো।
পাপৰিঃ তথাপি আপুনি কৰা চেষ্টা আমি কেতিয়াও অথলে যাবলৈ নিদিম। মাতিব মাতিব আমাকো মাতিব।
মাজতে উপামণিয়ে মাত দিলে এই চাতনি বিধ কেনেকৈ বনাইছা, মানে Recipie টো কোৱানা ছায়া। ইমান ভাল লাগিছে!
ছায়াৰূপাঃ ক’ম ক’ম সকলোৱে খাই লঁওক চোন আগতে। একো নাই অলপ কেচা বা কম মিঠা আপেল ল’লেই হ’ল বাকী আপুনি আপোনাৰ হিচাপত মিঠা বা নিমখিয়া কৰিব পাৰে। অৱশ্যে নৰসিংহৰ পাত দিবলৈ নাপাহৰিব।
উপামণিঃ নহ’ব নহ’ব ছায়া তেনেদৰে নহ’ব ভালদৰে শিকিব লাগিব। প্ৰথমৰ পৰা একেবাৰে শেষলৈ।
ছায়াৰূপাঃ হ’ব দিয়ক এদিন বনাই থাকোতেই মাতিম আপোনাক।
উপামণিঃ বাৰু মাতিবা কিন্ত।
বাহিৰত কোনোবাই দুৱাৰত টুকুৰিয়াই থকা যেন পাই উপামণি উঠি যাওঁতেই সিফালৰ পৰা দৰ্জা খন খোল খালে। অ’ই উৰ্ব্বশী তুমিহে।
কিবাকে land কৰিলো আৰু ছায়াৰূপাৰ ঘৰত উৰ্ব্বশীয়ে ক’লে।
ছায়াৰূপাঃ আপুনি যে আহিব পাৰিলে, খুব ভাল লাগিছে।
লতাঃ ময়োতো নাহে বুলিয়ে sure আছিলো। আচলতে সিদিনা লতিকা বাইদেউৰ ঘৰলৈ যাবলৈও ল’গ ধৰিছিলোতো, পিছে উৰ্ব্বশী বৌৱে আকৌ বেলেগ এদিন যাম বুলি কোৱাত মৌমিতা বৌৰ লগতে গ’লোগৈ।
পাপৰিঃ ইহ তাই মোক ক’তো লগেই নধৰে। মইয়ো এতিয়াৰ পৰা লগ নধৰো।
লতাঃ নক’ব দেই তেনেকে। মইতো সদায়ে কৰবাত ওলাই যাব পাৰিলে খুবেই ভাল পাওঁ। এতিয়াৰ পৰা always আপোনাৰ লগতেই plane হ’ব।
পাপৰিঃ হ’ব হ’ব মই এনেইহে জোকাইছো। পিছে ইয়াৰ পাছত কোনে নিমন্ত্ৰণ দিছে আমাক, মানে লতিকা বাইদেউক।
উপামণিয়ে ক’লে কোনেও যদি এতিয়ালৈ Programe fix কৰা নাই মোৰ তাতেই আহিবা নহ’লে আগবেলাতেই আহিবা লতাই মাত দিলে মানে Breakfast নে Lunch.
উপামণিঃ Breakfast বুলিয়ে যাবা। কিন্ত Lunch নকৰিলেও চলিব তোমালোকৰ, মানে ঘৰলৈ আহি অলপ দেৰীকৈ খাব পাৰিবা। মোৰ তাততো দুপৰীয়া হৈয়ে যাব।
লতাঃ সেইবোৰ বাদ দিয়ক কি খুৱাব কঁওক।
উপামণিঃ Iteam ঠিক কৰা নাই। কিন্ত এনেয়ে কৈছো আৰু হিচাপ এটা কৰি সকলোবোৰ যদি ১১ বজাতো মোৰ ঘৰত গোট খোৱা ১২- ১২:30 ভিতৰত খাই ১-১ঃ৩০ ভিতৰত ঘূৰিব পাৰিবা তেতিয়াইনো কেনেদৰে আকৌ ঘৰত ভাত খাবলৈ মন যাব গতিকে ৩ টা মানত তোমালোকে ঘৰতে Lunch টো কৰি ল’ব পাৰিবা।
লতিকাঃ তাৰ মানে তুমি ভাত খোৱাৰ ব্যৱস্থা নাৰাখা। ok মোৰতো problem নাই। মই ৰাতিপুৱাই ভাত বনাই থঁও। মানুহ জনে tiffin লৈয়ে যায়। সমস্যা নাই।
লতাঃ হ’ব দিয়ক যি খোৱাই খুৱাব। আমি যোৱা মানুহ যাব লাগে মুঠতে।
লতিকাঃ ৰাইজ আজিলৈ সভা ভংগ কৰক আৰু আমি যাবগৈও লাগে নহয়!
মন্তিঃ ব’ল ওলা এদিন নহ’লে আমি বাহিৰতে কৰবাত dinner কৰিম।
লতাঃ ঠিক আছে ঠিক আছে, ok, আমি চবে মিলি Pay কৰিম। আপুনি arrange কৰক।
লতিকাঃ হ’ব সেইবোৰ ফোণেৰে ঠিক কৰিব পৰা যাব। মই উঠো দেই।
লগে লগে মন্তি লতা হতো থিয় হ’ল, চুলি কাপোৰ এবাৰ ঠিক ঠাক কৰি ছায়াৰূপাক অটাইকেইগৰাকীয়ে মাত লগালে।
……আগলৈ…….