………ড° নয়না পাঠক শইকীয়া……….
বতৰতো বেয়া হৈয়ে আছে। বৰষুণ নেৰা নেপেৰাকৈ আৰু দুদিন দিলে কি যে অৱস্থা হ’ব ভাবিয়ে ভয় লাগিছে মৌমিতাই কথাখিনি পৰাগমণিৰ ফালে চাই কৈ আছে। পৰাগমণিৰ পৰা একো প্ৰত্যুত্তৰ নাপাই মূৰ দাঙি চাই দেখে তাই অকলে অকলে কথা পাতি আছে। মৌমিতাই ইফালে সিফালে চাই চকীখনৰ পৰা উঠি ভিতৰৰ ৰূমত সোমাল। পৰাগমণি মোবাইল পিটিকি বহি আছে।
ঃ অ’হ তুমি ইয়াতেহে!
ঃ পৰাগমণিয়ে মোবাইলৰ পৰা মূৰ নোতোলাকৈয়ে মাত দিলে কিবা কৈছা তুমি?
ঃ কিনো ক’ম আৰু এনেয়ে বহি আছা বুলি মাত এষাৰ দিছিলো আৰু!
ঃ অ’হ কোৱা
ঃ নাই নাই তুমি মোবাইলৰ লগতে কথা পাতা মই আমনি নকৰো! মোবাইল নাথাকোতে জানো মানুহ কিদৰে আছিল!
ঃ এহ টাইম পাচ হে কৰিছো।
ঃ টাইম পাচ কৰিবলৈ নিৰ্জিব বস্তুহে আচলতে বেছি উপযোগী। মই কথাতো ভবাই নাছিলো!
ঃ কোৱা কোৱা কিবা কথা আছিল ন!
ঃ নাই এনেয়ে, আগৰ দিনত টাইম পাচ কৰিবলৈ বিভিন্ন ব্যৱস্থা আছিল,এতিয়াতো আৰু মোবাইলতোহে আছেগৈ! উপায়ো নাই দিয়াচোন।
ঃ উপলুঙা কৰিছা!
ঃ নাই নাই, নাই কৰা! কিন্ত মোবাইলে যে আমাৰ সকলোৰে ব্যক্তিগত সময় কাঢ়ি লৈ গৈ আছে সেয়া চাগে তুমিও উপলব্ধি কৰা।
ঃ মোবাইলতো নহ’লেও নহয় দিয়াচোন। সকলো কাম যদি মোবাইলতে কৰিব পৰা যায় তেনেহ’লেনো মানুহে ব্যৱহাৰ নকৰিব কিয়?
ঃ কাম থাকিলেতো কৰিবই!
ঃ এন্টাৰটেইনমেন্টো লাগে দিয়াচোন। নহ’লেনো কিয় আমি T V চাওঁ, গাণ শুনো, park, ৰেষ্টোৰা ইত্যাদিত গৈ সময় কটাঁও।
ঃ তেনেহ’লে বাকীবোৰ এণ্টাৰটেইনমেণ্টৰ ডিভাইচ বোৰৰ প্ৰয়োজন একেবাৰে শূণ্য কৰি দিব বিচাৰিচা মানে।
ঃ নাই বিচৰা কিন্ত তেনেই হ’বলৈ গৈ আছে। এতিয়া চাবাচোন কেছুৱাৰ পৰা বৃদ্ধলৈকে সকলোৱে মোবাইল চাই কিমান সময় অতিবাহিত কৰে।
ঃ কিন্ত সেইবুলিতো TV, Music system sell নহোৱা হৈ যোৱা নাই। অথবা park ৰেষ্টোৰাত মানুহৰ আহ যাহ বন্ধ হৈ যোৱা নাই।
ঃ অ’ যেতিয়ালৈকে utility আছে ব্যৱহাৰ হৈ থাকিব। TV তো ন’হলেও এতিয়া মানুহৰ খুব বেছি অসুবিধা নহয় কিন্ত মোবাইল ন’হলেতো কিমান ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব সেয়া তুমি বা মই সকলোৱে জানো।
ঃ কথাতো কেনেধৰণৰ জানা কিতাপ এখন হাতত লৈ পঢ়া মানুহজনে সদায় কিতাপ খন বিচাৰিবই যিমানেই ইন্টাৰনেটত পঢ়ক। কিছুমান আমাৰ অভ্যাস আৰু কিছুমান হ’ল প্ৰয়োজন।
ঃ হ’ব পাৰে বৰ্তমান বহুতৰে মোবাইলতো হাতত লৈ চাই থকাতো এটা অভ্যাসত পৰিণত হৈছে মানে ধৰা TV টো চলিয়েই আছে, বাতৰি পৰিবেশন কৰা চাইয়েই আছে কিন্ত তাৰ মাজতে আকৌ মোবাইলটো পলে পলে চকু দিয়াতো এটা অভ্যাস বুলিয়ে ক’ব পাৰা।
ঃ তোমাৰ পিছে কোনটো, অভ্যাস নে কি?
ঃ ক’লোৱেই দেখোন মই এনেই টাইম পাচ কৰি আছিলো অথনি আচলতে তুমি কাম কৰি আছিলা যে ডিচটাৰ্ব নকৰিলো আৰু।
ঃ মানে অজুহাত লৈ তুমিও মোবাইল মেনিয়াত ভোগা যেনহে লাগিছে দেখোন মোৰ!
ঃ নহয় নহয় তেনে হোৱা হ’লে মই এতিয়াও তোমাৰ লগত কথা নাপাতিলো হেতেঁন। এতিয়াতো মই তোমাৰ লগতে কথা পাতি আছো।
ঃ মোবাইলে আমাৰ টাইম লৈছে কিন্ত মোবাইলৰ দুটা app এ আমাৰ সময় বেছিকৈয়ে লৈ লৈছে মানে মই কৈছো whattapp আৰু you tube ৰ কথা। এই দুবিধে কিন্ত আমাৰ কম বয়সিয়া অথবা বয়স্ক লোককো গ্ৰাস কৰিছে।
ঃ Face book টো চাগে কম বুলি ভাবিছা। নিজৰ একাউণ্ট খোলাৰ লগে লগে কিমান যে ভিডিঅ’ ওলাই থাকে। এফালৰ পৰা scroll কৰি গ’লেই হ’ল আৰু। ইমান Track কৰে সিহঁতে আমাক আচৰিত লাগে। কেতিয়াবা যদি ভুলতেও তোমাৰ এটা ভিডিঅ’ click হৈ গ’ল, প্ৰতিদিনে তোমাৰ account ত তেনেধৰণৰ ভিডিঅ’বোৰ অহৰহ আহিয়ে থাকিব।
ঃ সেইতোৱেইতো তেনেদৰে যি কোনো বস্ত বাৰে বাৰে দেখুৱাবলৈ বিচাৰি থাকিলে এবাৰ নহয় এবাৰতো মানুহে অলপ সময়ৰ বাবে হ’লেও থমকি ৰ’বই।
ঃ তোমাৰো চাগে সেইতোৱে হয়।
ঃ মই সকলোৰে বুলি কৈছো। এই সকলো শব্দটোত তুমি, মই গোটেইবোৰ সোমাই যাওঁ।
ঃ তেনেহ’লে সকলোবোৰ বুলি কোৱাতকৈয়ো আমিবোৰ বুলি ক’লে সোণত সুৱগা চৰিব।
ঃ এতিয়া যে ইমান সাহিত্য লগাই কথা ক’বলৈ মন যোৱা নাই। আমি ঘৰতহে কথা পাতিছো। কথাবোৰ বুজি পোৱাকৈ কৈ গ’লেই হ’ল।
ঃ মানে মই বুজি পোৱা নাই কাৰণে তেনেকৈ কৈছো বুলি ভাবিছা নে কি?
ঃ বুজিতো পাইচাই কিন্ত বুজিও যে বাৰে বাৰে একেখিনিকে সুধি আছা!
ঃ টাইম পাচ আকৌ! অৱশ্যে তোমাৰ দৰে নিৰ্জিব বস্তৰ লগত নহয়………..।
ঃ হুহ……….. চাৰিওফালৰ পৰাই কমুৰ দিছা মানে।
ঃ At least তুমি এইখিনি সময়তো মোবাইলতো আঁতৰত মানে অলপ দূৰত ৰাখিব পাৰিছা!
ঃ বাৰু ময়ো দেখিম নহয় তোমাক মোবাইল চাই থকা, তেতিয়া পিছে ………..?
ঃ তেতিয়া মোকো মনত পেলাই দিবা! Atleast মই গ’মতো পাম যে ময়ো addicted হৈ গৈ আছো লাহে লাহে।
ঃ ok ok আজিলৈ আৰু সামৰিব পাৰি নেকি?
ঃ পাৰি পাৰি মোৰ lunch ও ৰেদি হৈ গ’ল এইবোৰৰ মাজতে। At least আজি sunday তো enjoy কৰিলো!
ঃ এনেকৈ মানে তৰ্কৰ চলেৰে enjoyment!
ঃ ঘৰতে বহি মূখ ফুলাইতো থকা নাই, ধুনীয়াকৈ কাম কেইটাও হ’ল কথাও পতা হ’ল।
ঃ বাহ বঢ়িয়া, আনা আনা সোণকালে খাই লঁও। নহ’লে দিনতো শেষ হৈ সোমবাৰতো আহিয়ে পাব এতিয়া।
……..আগলৈ………