….ভাস্কৰ ৰাজবংশী…  ….গুৱাহাটী বিশ্ববিদ্যালয়….. অস্তিত্ববিহীন জীৱনত চলে সংগ্ৰামৰ দপদপনি, শূন্যতাৰ উদ্যানত নিঃশব্দৰ টিঘিল ঘিলণি । জীৱনৰ পকেটবোৰত থোপ লয় অনাকাংক্ষিত ৰেঙনি, দায়িত্বৰ ভাৰখনত সৰি পৰে সংগ্ৰামৰ চকুপানী ।  Continue Reading

….ছন্দামিতা ঠাকুৰীয়া… ….শোনিতপুৰ…. শূন্য পদপথত অৱসাদৰ ইমান কৰুণ সুৰ ক’ত লুকুৱাই থওঁ নিশাহত সৰি পৰা বিবৰ্ণ গধূলিৰ হুমুনিয়াহ ! একোৱেই আৰু আগৰ দৰে হৈ থকা নাই জহি যোৱা পেৰাত বান্ধ খাই কোন সদাগৰৰ স’তে গুচি গৈছে আত্মোপম স্বপ্নবিলাস৷ এই চহৰত আৰু কোনো নাই হেৰুৱাই পেলোৱাৰ ভয়ত সেয়ে চোতালৰ কামিনী-কাঞ্চনজোপাকো গিলিContinue Reading

…..অৰুপজ্যোতি কাকতি…… প্ৰহেলিকাৰ প্ৰান্তত জটিলতাৰ প্ৰাচীৰ ভাঙি আহিছে উৰণীয়া পক্ষীৰ জাক, বৰষুণৰ টোপালবোৰ দেহৰ কোঁহে কোঁহে আৰি মইয়ো আছোঁ উশাহবোৰ জীয়াই। সন্মুখৰ ৰাতিলৈ মূৰ দাঙি চাবলৈ প্ৰেৰণা দিয়া, সেউজীয়া সপোনৰ একা-বেঁকা এঢলীয়া বাট, জিৰি-জিৰি উন্মীলন অগাধ বিশ্বাস সাবটি বাগৰি বগুৱাই ৰান্ধনীয়ে এটা জোলোঙা বাই। পাহাৰ বগাম সাগৰ সাঁতুৰিম, মিলনৰ যজ্ঞContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) হাতুৰিৰ সমষ্ট জোৰেৰে তাই শিলত কোৱ দিছে, এই শিল তাই ভাঙিবই লাগিব হাতুৰিৰ কোৱত। ৰাস্তাৰ এঢেলীয়াত পৰি থকা শিলৰ দমটোলৈ চাই তাই একোবাৰ কঁপি উঠে, এইদম শিল তাই ভাঙিলেহে পোনা আৰু তাইৰ পেট ভৰিব। হাতুৰিৰ কোৱত নাচি থকা তাইৰ হেন্দোল দোল স্তনেContinue Reading

….মৃনাল ডেকা…. ভাবনা গহীন হ’ব ধৰিছে তোমাৰ অবিহনে উকা হ’ব ধৰিছে । বিচাৰিছো তোমাক কাষত নোৱাৰিছো বুজাব নিজক । পৰিছে মনত সেই অন্তৰংগ মুহুৰ্ত আমি সজা ৰঙীণ সপোনবোৰ । অদৃশ্য হ’ব ধৰিছে সেই প্ৰতিজ্ঞা চকুপানীয়ে লগৰী হ’ব ধৰিছে । বিচাৰিব ধৰিছো জীৱন- মৰণৰ অৰ্থ আকোঁৱালিম কাক এয়াই আজি প্ৰশ্ন ।Continue Reading

….প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়…… মইতো ভুল কৰা নাছিলো , কাৰোবাৰ মৰম প্ৰবঞ্চনাৰ বলি হোৱাৰ ইচ্ছা মোৰ নাছিল । মাথো বিচাৰিছিলো কাৰোবাৰ অন্তৰৰ এচুক , ভিজা হৃদয়খন শুকাব পৰা এডোখৰ ঠাই , যান্ত্ৰিক যুদ্ধৰ আঘাতত হোৱা পোৰণি সহিও ; জ্বলি জ্বলি শেষ হোৱা আগলৈ তোমাৰ সান্নিধ্যত বিচাৰিছিলো এবুকু মৰম । সৰলতাবিহীনContinue Reading

…..অভিলাস দাস…… ফাৰ্ষ্টট্ৰেকতকৈ কম, চোনাটাৰ ঠিক সমান, ফাচীঁ বজাৰৰ ৰ’দত শুকোৱা, চেৰাপুঞ্জীৰ বৰষুণত তিওৱা সময়বোৰ । টিউশ্যন কৰি পোৱা টকাকেইটাৰে জানো কিনি দিব পাৰি জালুকবাৰী ? পাৰি, এটা ফুচকা বেছিকৈ খুজি ল’ব পাৰি, ট্ৰেণ্ডজত পাৰ্ক কৰি মনে মনে ব্ৰেণ্ড ফেক্টৰীতো সোমাব পাৰি । দেৱালত এবাৰ আফলিয়াওতেও ৰৈ যোৱা নাছিল যি,Continue Reading

…..প্ৰীতম শৰ্মা….. মই শব্দৰ মালা গুঁঠি জনাব বিচাৰোঁ মই মোৰ যৌৱনৰ সমস্ত কাহিনীৰ কথা কব বিচাৰোঁ মই দুচকুৱে ঢুকি নোপোৱা ঠাইত তোমাক বিচাৰোঁ মই উশাহ হৈ তোমাৰ হৃদয়ত বিলীন হব বিচাৰোঁ হৃদয়ে তোমাৰ বিচৰা বোৰৰ অৰ্থ নহয় জানো মই তুমি গুপুতে সাঁচি ৰখা হেঁপাহৰ আৰম্ভণি নহয় জানো মই, নহয় জানোContinue Reading

……প্ৰীতম শৰ্মা……… এটা সময় এনেকুৱাও আছিল ঘৰচিৰিকা কেইজনীৰ খলকনিত দুচকু মেল খাইছিল পদূলিৰ দুবৰিৰ চেঁচা পৰশত শৰীৰ সতেজ হৈছিল ৰাতিপুৱা অনাতাঁৰৰ বাতৰিয়ে সময়ৰ উমান দিছিল এটা সময় এনেকুৱাও আছিল যেতিয়া সপোন বোৰ নিভাঁজ আছিল দিঠক বোৰো কুঁহি পাতে সজাইছিল খেলা ধূলা বোৰো ৬ ইঞ্চিত আবদ্ধ নাছিল এটা সময় এনেকুৱাও আছিলContinue Reading