…..গীতাঞ্জলি গগৈ….. ৰিম্ ৰিম্ বতাহজাকে চুই গ’ল আলফুলে বতাহজাকৰ সতে খেলা কৰা মোৰ চুলিখিনিয়ে… যেন তোমাৰে কথা কৈ গ’ল কাণে কাণে হেইযে তুমি আঙুলি বোলাই দিছিলা মোৰ কোলাত শুই তোমাৰ তিৰবিৰাই থকা সেই চকু দুটি ইমান গভীৰ যেন মাজ নিশাৰ বলিয়া জোনাক হেৰাই যাব খোজো মই সেই গভীৰতাত উভতি অহাৰContinue Reading

….গাৰ্গী বৰুৱা….. ডিব্ৰুগড় বিশ্ববিদ্যালয়…. তোমাৰ পুথিভঁৰালত সন্নিবিষ্ট মোৰ আত্মজীৱনিখনক লৈ প্ৰশ্ন কৰো নে ফাগুনৰ বতাহজাকত শীতল হ’বলৈ হাহাকাৰ কৰো ?? দ্ৰুত সময়ে চুৰমাৰ কৰিলে মোৰ সৃষ্টিৰ নিবন্ধন শান্তিৰ মৰীচিকা খেদি খেদি পৰিণত হ’লো ডেউকাবিহীন চৰাইজনীলৈ অস্বস্তিকৰ নিসংগতাক আনন্দৰে উপভোগ কৰিছো অথচ ভয় লাগে প্ৰেমৰ ৰিমজিম বৰষুণজাকত তিতি জুৰুলি হ’বলে ভয়Continue Reading

……ডালিমী বৰুৱা, শিক্ষয়িত্ৰী….. …..জয়মতী কুৱৰী এম ই বিদ্যাপীঠ….. ইতিহাস মোৰ বাবে অভিশপ্ত এখিলা পাত- নুচুও বুলিলেও বাৰে বাৰে ভাহি আহে ওভতনি সোঁতত, নকওঁ বুলিলেও বতাহে বতাহে উৰে তাৰ কণ্ঠ, দুচকুত জোৱাৰ ওঠে দুখৰ চকুপানীৰ, বুকু চুৰ্ণ-বিচূৰ্ণ হয় অজানিতে, ৰোধিব নোৱাৰি সেই নদী- অলক্ষিতে ভাঙি যোৱা জীৱনৰ মথাউৰি । তুমিটো নুবুজাContinue Reading

…..হিমাক্ষী বৰা……সাহিত্য সম্পাদক(২০১৭-১৮)…. গুৱাহাটী বিশ্ববিদ্যালয়….. পাগলী জনীয়ে গোটেই ৰাতি বৰষুণৰ বন্দনা কৰি থাকিল, আৰু শেষ ৰাতি জোনৰ বিষাদত ডুব গ’ল চহৰ খন । যুদ্ধৰ কুজকাৱাজবোৰে প্ৰাচীন ইতিহাসৰ দৰে গোন্ধোৱা বাটটোৰ মাটিবোৰ দুফাল কৰি ফালিছিল, বাটটোৰ বিশেষত্ব নাছিল তেনেকৈ কেৱল ঢলপুৱাতে শালিকী দুটা জীয়াইছিলহি আৰু সৰাপাতৰ বিষন্ন আবেলি এটা হেঁপাহৰ সুহুৰিContinue Reading

…. নৱজ্যোতি বৰ্মন….. অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়…. হাজাৰ হাজাৰ শতিকাৰ পিছত পৃথিৱীৰ চকুপানীত বৈ যোৱা শব্দবোৰ কৰে পৰা আহিলি ,কিয়নো আহিলি মৰিশালীৰ নির্জনতাত পাৰ হোৱা দুঃ সময়। তেওঁলোকৰো হৃদয় আছিল আছিল জীৱন জীয়াৰ বাসনা কিয় মাৰিলি সিহঁতক , উদং কৰি মাতৃৰ বুকু ভুগিছো তাৰেই অভিশাপ। পৃথিৱী,মংগল নে বুধ! কত আছোContinue Reading

….ডেইজী কলিতা…. মোক কোনো Boyfriend নহয়, এজন প্ৰকৃত সংগীৰ প্ৰয়োজন..! কোনো সন্ধিয়া সংগীতৰ লয়ত বিলীন হৈ long driveত যাবলৈ বিচৰা জন নহয়,  মোৰ হাতত হাত থৈ একেলগে খোজকাঢ়ি ভালপোৱা এজন লগৰীৰ প্ৰয়োজন। ফুলৰ থোপা উপহাৰ দিয়া নহয়, মোৰ লগত প্ৰতিজোপা ফুলৰ প্ৰতিপাল কৰা এজন সংগীৰ প্ৰয়োজন। মোক নিজতকৈও বহুত বেছিContinue Reading

…কল্পজ্যোতি ৰায়…. ।। পাহাৰটো ।। -ইমান ওখ পাহাৰ বাৰু  কেনেকৈ বগায় মানুহে -পাহাৰ বগাবলৈ পালোৱান এটা হ’ব নালাগে নহয়  মনটোহে লাগে -হ’ব পাৰে । মই নাজানো -তুমিনো কি জানা । বহুত কিবাকিবি জানা   কিন্তু এই সৰু সৰু কথাবোৰেই নাজানা -মইতো নিজকেই ভালকৈ নাজানো -পাহাৰ বগাবলৈ পালোৱান হ’ব নালাগে  Continue Reading

….মৃদুল দলে…. গুৱাহাটী বিশ্ববিদ্যালয়…. বুঢ়া পাহাৰৰ সেউজীয়াত মই লুকাই আছোঁ চৰাই পাখিৰ কুঁৱলীবোৰে মোক নিতৌ সাধু শুনায় নিজান ৰাতিত পাহাৰখনে শিল এচটাৰ কথা কয় আৰু মই নীলা চৰাইটোৰ প্ৰেমত নদী এখনৰ সপোন দেখিছোঁ যাৰ গভীৰতাত গা ধোঁৱে প্ৰকৃতিয়ে মেলি থয় কাহিলী পুৱা যেন ঊষা পাৰাপাৰহীন চুলি একোচা   ভৈয়ামৰ গৰখীয়াইContinue Reading

……ড˚ চিত্তৰঞ্জন দাস……. জোন নোচোৱাৰ বা চাবলৈ নোপোৱাৰ যন্ত্রনাই আমাৰ মালিতাৰ সক্ষিপ্ত সাৰ কথা সূৰ্যৰ সোণকণাৰ সলনি ভাল পালা তুমি জোনাকৰ চাদৰত নিৰ্জনতাৰ খলকনি তুমি সপোনৰ দেশৰ আদিম অধিবাসী বস্তুৰ ব্যস্ততাত হেৰুৱালো হয়তোবা আলফুল ভূমিৰ খোপনি নক্ষত্রৰ আখৰ পঢ়ি গম পালো জোন হেৰুৱাৰ কাহিনী দুদন্তৰ শান্তিৰ জিৰণি ৰ’দ ভাল পাইContinue Reading

……ড˚ চিত্তৰঞ্জন দাস……. আপুনিয়েই কথাষাৰ কওক যিষাৰ কথা ক’ম ক’ম বুলি ভাবি আছে আপুনি সেইষাৰ তেওঁৰো কথা আপুনি ক’লেই তেওঁ তেওঁৰ সহজ সোঁহাত আগবঢ়াই দিব চকু জপাই চালেই গম পাব দুয়োখন হাতৰ মাজত আৰু দহখন হাতৰ চাপ এই এটা চাপৰ বাবেই সময় ৰৈ আছে ইতিহাসে উকা কৰি ৰাখিছে পৃষ্ঠাৰ পিচতContinue Reading