…..অজিতা দাস….. শব্দবোৰ শিপাই ; হৃদয়ৰ গভীৰতালৈ, আঘাত কৰে আৱেগক। হীনমান্যতাই আৱৰি ধৰে, প্ৰশ্ন জাগে ….. কিয় প্ৰাধান্য দিওঁ আমি আনক? যাৰ বাবে হেৰাই পেলাওঁ নিজক, নিজৰ আত্ম-সন্মানক। প্ৰেম – ভালপোৱাবোৰ, হয়তো তেনেকুৱাই, যিয়ে প্ৰতাৰণা কৰে তাকে খেদি খেদি যায়।।Continue Reading

……মিৰ্জা হাছান…… ভালকৈ আজিও চাইকেল খন চলাব নাজানো জানা,কিন্তু তোমাক বহুৱাই লৈ মানালি যোৱাৰ হেপাঁহ,, আৰ্থিক দীনতাই কোঙা কৰা সপোন বোৰ বুকুত বান্ধিয়েই যেনিবা কল্পনাৰ সাগৰত ডুবি যাঁও,দৰিদ্ৰতা মাথো নামহে মাত্ৰ,চ’ত মহীয়া বৰদৈচিলাই উদং কৰি যোৱা খেৰৰ জুপুৰিতোত আৰু কিমান সপোন দেখিম। দিন হাজিৰা কৰি পোহপাল দিয়া দেউতাৰ কপালৰ কেচাContinue Reading

….হেমন্ত ফুকন…. …..হায়দৰাবাদ বিশ্ববিদ্যালয়…… নিগৰি অহা চকুলো কিদৰে বাধা দিও? আৱেগৰ বৈ যোৱা এখন নদী, নদীৰ সিপাৰে সূৰ্য্যাস্তৰ হেঙূলীয়া বিষাদ। ৰাতিবোৰ বৰ জটিল। পাৰ নোহোৱা সময় আৰু দুখবোৰৰ শেষ নোহোৱা বিদ্বেষ। দিনবোৰ বৰ কঠিন। পোৱা নোপোৱাৰ, বুজা নুবুজাৰ, ধোঁৱা আৰু ধূলিৰ অৱশেষ। এজাক বৰষুণৰ অপেক্ষা অন্তহীন। যেন ধুৱাই লৈ যাবContinue Reading

 ….নিতুমণি নাথ….. গুৱাহাটী বিশ্ববিদ্যালয়…. বহাগ তই কিয় আহিলি লগত আকৌ নাচনী বৰদলৈচিলা ডালে ডালে কপৌফুল ফুলিল গছৰ ডালত কুলিটিয়ে বিনাই ক’লে ঘৰতে থাক, বাহিৰ নোলাবি বহাগ তই কিয় আহিলি সৌ সিদিনালৈকে অসমীয়াই যুঁজি আছিল জাতি ৰক্ষাৰ যুঁজ এতিয়া আকৌ জীবন ৰক্ষাৰ যুঁজ কঁকাল পোনাবই পৰা নাই অ’ হিয়াৰ আমঠু বহাগContinue Reading

…..পৰীস্মিতা মধুকল্য…… কথাৰ পাকতেই গতি সলায় কাহিনীবোৰে। কাহিনীয়ে পোৱালি মেলে। এই যে কাহিনীবোৰো ইমান বিচিত্ৰ! এটাৰ শেষ নৌহওঁতেই আৰু কেইটাই জন্ম পায় ঠিক নাই। জন্মদাতা কাহিনীটোৰ আঁৰতো আৰু কত কাহিনী! তাৰে কিছুমানহে জনা যায়, কিছুমান নজনাকৈয়ে থাকি যায়। এইবোৰৰে কিছুমান সঁচা, একেবাৰে জীয়া। কিছুমান মিছা। কিছুমান আধা সঁচা, আধা মিছা।Continue Reading

…..প্ৰিয়ংকা বেজবৰুৱা….. আজিকালি একোৱেই মনত নাথাকে ভাল নলগা কথাবোৰ; আনকি, ভাল লগাবোৰো। এই যে আমি মুখামুখিকৈ বহি কথা পাতোঁ‌ ক্ষন্তেকতে পাহৰি যাওঁ‌ সকলো। কিমান যে আমাৰ কথা … তুমি অনৰ্গল কৈ গ’লা ৰং, বতাহ, আকাশ, নদী। মই ৰ’ লাগি চাই ৰ’লো (কথাবোৰ মনত ৰাখিবলৈ ইমান যে দিগদাৰ!) ৰ’বাচোন; অকমাণ আগতContinue Reading

…..লীনা ডেকা…… ভয়বোৰ স্বাৰ্থপৰ। নিজৰ কামত আহি পুনৰ গুছি যায়গৈ। মই হাতত অস্ত্ৰ লৈ সাজু হৈ থাকোঁতেই যায়। ছাগে পলায়!! কিন্ত, ভয়বোৰে যদি ভয় লগাব নোৱাৰে, তেন্তে কিহৰ ভয়??? ভয়বোৰ সাহসী নহয় নেকি!!Continue Reading

…..চয়নিকা শইকীয়া….. বুকু খন হেঁচা মাৰি ধৰিলে হেঁপাহৰ ৰঙালীতো কঙালী হল.. কুলিটোও আজি বেদনাত ব্যতিব্যস্ত….. চেনাইয়ে ঘূৰি নাচালে বিহুৱান খনলৈ….. পিঠাপনা বোৰো যেন বেজাৰতে সেমেকি ৰল…. ৰঙালীৰ ৰংবোৰ অসমীয়াৰ বুকুতে এইবাৰ বেৰঙী হৈ পৰিল…. ৰঙালী ঐ আহিবি দুনাই যদি উশাহতো লগত লৈ থাকোঁ…অহা বাৰলৈ আকৌ তোৰ ৰঙতে ৰঙীন হম…. আকৌContinue Reading

…….Snehashis Parashar…… To, The February wind that carried away my first self-made kite I’m personifying you because in reality it’s you who personifies me. Two days after my tenth birthday when you stole the kite that I made out of the yellow, worn-out pages of Wisdom magazines from the ’80s,Continue Reading

….চালিমা চিদ্দিকা…..(Salima Siddika) বহুদিনেই হ’ল;দিনলিপি নিলিখা হয়তো শব্দৰ অভাৱ, হয়তো সময়ৰ, সত্য জানিওঁ গান্ধাৰীৰ ভাওঁ ধৰি নিজকে দি যাওঁ মাঁথো অজুহাত। আচলতে কি জানা? তুমিবিহীন মইজনী কাহানিবাই মৃত। আতৰি গৈছিলা তুমি,অজানিতে..মনে মনে ধৰ্ফৰাইচিলো মই,উচুপি উঠিছিলো অসহায় পাখি কটা যোৱা চৰাইজনীৰ দৰে। কলিজাটো যেন আজি স্পন্দনহীন মাতাল নকৰে আৰু মোক..হাচনাহানাৰ সুবাসে।Continue Reading