……হিমাদ্ৰী চৌধুৰী……. কেঁচা জোনটো তজবজীয়া হৈছে, তামোল পাঁতৰ আঁৰত মৃত্যুৰ ঘন উশাহ ।   ঢোলৰ কলিজা সেৰুৱা শব্দ ১৮ শ চনৰ ডাৱৰীয়া বতাহ ।   ঢুলীয়াৰ মনটো নগ’লে হেনো জোনৰ পোহৰৰ দৰে (!)   কেঁচা জোনটোৰ বাঢ়ি অহা তেজ লগা পোহৰ, ৰাঙলী বুঢ়ীৰ পিৰালিত ভোকটোৱে আঠুকাঢ়ি বহিছে ।   ভোকটোৱে লাহে লাহে বৰণ সলাইছে ঠিক কেঁচা জোনটোৰ দৰে !Continue Reading

……✍️বেদান্ত হাজৰিকা……. তৰুণী বতাহৰ উশাহী বতৰা বহু হৃদয়ৰ সপোন সপোন যেন কথা। হেজাৰ প্ৰেমৰ সৃষ্টি দিগন্তমুখী চেতনাৰ বৃষ্টি প্ৰতিভাৰ আলোড়ন জীৱনৰ নৱ-জাগৰণ। জালুকবাৰী উন্মনা যৌৱনৰ হাবিয়াস পাৰ কৰি অহা প্ৰতিক্ষণ মোৰ জোনাক জোনাক। আখৰে বুজাব নোৱাৰো জালুকবাৰীলৈ থকা মোৰ বাখৰ। সেউজীয়া মন এটাৰে কওঁ দুনাই জালুকবাৰী,ভালপাওঁ তোক সুখৰ চকুলোৰ সমান।Continue Reading

……হীৰণময়ী ডেকা…. বেলিটি ৰঙীণ ,কুলিটি ৰচকী এই আবেলি বহু যুগৰ চিনাকি। চিত্রকৰ হ’লে আকিলোহেঁতেন এখনি বর্ণময় ছবি। এই সময় নহয় যে এতিয়া সেই সময়। ছৌদিশে মাথো হিংসাৰ কলীয়া ডাৱৰ। তাহানিৰ চেনেহ নাই যে এধানি। শব্দবোৰ হেৰ।য় কেনিবা , হৃদয়ৰ নিভৃতম কোণত যেন  উক দিয়ে এজুপি বিষবৃক্ষ। হৃদয়বোৰ পংকিল, আত্মঅভিমানৰ তাগিদাতContinue Reading

…..ডেইজী কলিতা…… মাৰলিত ওলোমাই থোৱা ঢোলটো এইবাৰ নাবাজিল; বাকচত সজতনে জাপি থোৱা মুগাৰ ৰিহা খনো তেনেকেই পৰি ৰ’ল; গৰুবিহুৰ অনষ্টুপিয়া আয়োজন আৰু মানুহৰ সেতা মুখ বোৰ দেখি গৰু কেইজনিও বুজিছে এইবাৰ গৰুবিহুৰ উলাহ গাঁৱত নাই; বকুল আৰু অহঁতৰ তলবোৰো তেনেই নিজম পৰি আছে কাৰণ এইবাৰ হুঁচৰিৰ আখৰাও যে কৰা ন’হল;Continue Reading

…..ড° ইৰাণী হাজৰিকা…… সহকাৰী অধ্যাপিকা ………গুৱাহাটী বিশ্ববিদ্যালয়……… বাটতোত আগুৱাই গৈ থাকোঁতে পিছত ৰৈ গৈছিল সময়বোৰ অসময়বোৰ মুঠি মাৰি ধৰি৷ নষ্টালজি হৈ খেদিব পৰা নাছিল মৰিচীকাবোৰে৷ চেনেহৰ জৰীডাল খামুচি লগতে বাট বুলিছিল কিছু ডুখৰীয়া স্মৃতি সময়ৰ৷ যাযাবৰী পথিকৰ দৰে আছিল সেই যাত্ৰা৷ সম্মুখত নাছিল কোনো লক্ষ্য মনত নাছিল কোনো ঠিকনা৷ কেতিয়াবাContinue Reading

…….প্ৰিয়ংকা বেজবৰুৱা…… মই যেতিয়া অকমাণি আছিলো মোৰ গাঁৱৰ ঘৰৰ বাহিৰত ৰাস্তাৰ সিপাৰে বহু দূৰলৈকে বিয়পি আছিল প্ৰকাণ্ড গছ । ভৰ দুপৰবেলাতে ঝিলিৰ মাতে গহীন কৰি ৰখা সেই ছাঁয়াঘন গছবোৰলৈ চাই কিমান যে ভয় লাগিছিল মায়ে কৈছিল তাত হেনো এখন ডাঙৰ অৰণ্য আছিল; এতিয়া সেইখন এৰাবাৰী । এদিন এৰাবাৰীৰ ঠিকনা পাহৰিContinue Reading

…..ডাঃ আজিমুদ্দিন আহমেদ…… কিমাননো গাঠিম সপোনৰ সেই নিবিড় মালাধাৰী মুহূৰ্ততে হেৰাব খোজে মোৰ বিমূৰ্ত নিশাতি,, পাৰভাঙি যাব খোজা মোৰ দুখৰ ৰাতি সপোন সপোন লগা তাহানিৰ সোৱৰনী আজি ধূৱলী কূৱলী,, বাজি উঠে আজিও শব্দৰ শিয়নী বুৰঞ্জী পাতৰ নষ্টালজিয়া খিনি চিঞঁৰি চিঞঁৰি কান্দে হৃদয়ে আজি কত ? কত হেৰুৱালো মোৰ প্ৰেমৰ উদ্দিপ্তContinue Reading

…..মনোৰঞ্জন দত্ত…. ….Research Scholar…. Department of Bioengineering & Technology …..Gauhati University…. কৃষ্ণচূড়া দেশৰ কথা….. ছন্দময় আকাশৰ তলসৰা কথা | ; শুনিবা ??? এজাক চিঞৰ – এটোপোলা কথা (?) পুৱালি পুৱাতে, দিনটোৰ কামবোৰ এহাতে থৈ ব্যস্ততাৰ চাকনৈয়াৰ অজুহাত লৈ, এই চহৰৰ বুকুৱেদি এখোজ – দুখোজ ?? নীৰৱ শীতল আৱেলিতে, উশাহ সৰাContinue Reading

…….মনিষা ডেকা…… প্ৰজাপতি পদানৰ ৰজনীৰ ৰাজ্ঞীত ফুলিল দৰদী হাঁহি মন নীৰদৰ ৰঙা ওৰণি গুচাই‌ কোনেনো বজালে বাহীঁ! ধবল প্ৰত্যুষৰ আসল মৰমত হেম বৰণীয়া কাতৰ অনঙ্গ মনৰ ভালপোৱাৰ সীৰলুত শুনিলো ৰাগ প্ৰিয় মাতৰ…Continue Reading

…..অনুবাদক : দীপজ্যোতি বৰা…. …..অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়….. (১) বৰদান ঐশ্বৰ্যৰ ছাঁত থোৱা স্বৰ্ণ সিংহাসনত বহি থাকে এজনী গৰ্ভৱতী, দৃষ্টিত ক্ষুব্ধতাৰ এখন পথাৰ লৈ ঈশ্বৰক মাগে মাথোঁ এটাই বৰদান, পাষাণ হওক তাইৰ গৰ্ভৰ সন্তান! (২) নৈশব্দৰ সিপাৰে গছজোপা নিশব্দে আছে মৌন হৈ আছে ডালৰ কপৌজনী, সেই মৌনতাই জানো বসন্তক আদৰিবContinue Reading