……© ৰুণজুন বৰুৱা…… (৫) অন্তহীন ভাললগা এটাত স্ব -ইচ্ছাই আকণ্ঠ ডুবিব খোজা ছোৱালী জনীৰ মুখখনত ফুটি উঠা দৃঢ়তাত মানুহজনী নিশ্চিত হৈছিল। পুতেকৰ হাতখনত বিপদত মুঠি মাৰি ধৰিবলৈ এখন সবল হাতৰ সন্ধান পায়। কিবা এটা নাম নজনা মোহত মানুহজনীয়ে তাইক সাৱটি লয়,কেৱল মমতাই নাথাকে সেই স্নেহস্পৰ্শত। অনুষ্টুপীয়াকৈ কিন্তু যথা ৰীতি অনুসৰিContinue Reading

……© ৰুণজুন বৰুৱা…… (৪) “এইখন ঘৰৰ পৰা তাই যি বাটে ওলাই গ’ল তাৰ বিষয়ে জনাৰ বা শুনাৰ অলপো ইচ্ছা নাই। মোৰ কোনো ছোৱালী নাই। তাই মোৰ বাবে মৃত।” দেউতাকৰ কথা শুনি অনিমেশে প্ৰতিবাদ কৰি উঠে। সি মানি লব নোৱাৰে তাৰ মৰমৰ ভনীয়েকজনীক সি মৃত ঘোষণা কৰিব। দেউতাকৰ ওচৰলৈ ঢপলিয়াই আহেContinue Reading

……© ৰুণজুন বৰুৱা…… (৩)   প্ৰীতমৰ মাকে ওচৰৰ মানুহ কেইঘৰত কথাটো জনায়।সকলোৱে মিলি খবৰটো সোনকালেই মনালিছাহঁতৰ ঘৰত দিয়াৰ সিদ্ধান্ত লয়। গাঁৱৰ পাঁচজন মানুহক দায়িত্ব অৰ্পণ কৰা হয়, তাইৰ ঘৰত খবৰ দিবলৈ যাব তেওঁলোক আৰু কি প্ৰকাৰে সিহঁতৰ ঘৰখন আগবাঢ়িব খোজে তাৰ সবিশেষ আলোচনা কৰি আহিব।মুখত এসোপা চিন্তাৰ ৰেখা সুস্পষ্ট হৈContinue Reading

……© ৰুণজুন বৰুৱা…… (২) এজন দুজনকৈ মানুহবোৰৰ মাজত জনাজাত হয় সিহঁতৰ প্ৰেমৰ কথা।অনিমেশ আৰু প্ৰীতমৰ সম্পৰ্ক তিক্ততা পূৰ্ণ হৈ আহে ক্ৰমান্বয়ে। চাকৰি হয় অনিমেশৰ, ঘৰত তাই দেউতাকৰ সৈতে থকাতকৈ কলেজৰ হোষ্টেলত থকাৰ ব্যৱস্থা কৰে ,সি চাকৰিৰ ঠাইলৈ যোৱাৰ আগতেই তাইক হোষ্টেলত সি থৈ আহিবগৈ।উদ্দেশ্য প্ৰীতমৰ পৰা তাইক আঁতৰাই অনা।চাকৰি পোৱাৰContinue Reading

……© ৰুণজুন বৰুৱা…… (১) “মোৰ চাকৰিটো যদি নোহোৱা হয় ঘৰখন কি হব আমাৰ ?” মানুহজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই। একান্ত মনে চিৰিয়েল খনত মনোনিবেশ কৰি ছোফাখনত ভৰি তুলি বহি লয়,উম এতিয়াহে যেন সুখদায়ক হৈছে বহিবলৈ, তেনে এটা ভাবত কাষতে থকা কোচনটো কোলাত তুলি লয় তাই। মানুহজনীৰ পৰা কোনো উত্তৰ নাপায় প্ৰীতমেContinue Reading

….হেমা চহৰীয়া….দৰং….. খণ্ড – ৫ অদিতিৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিছিল | ওঠ দুটি কঁপি উঠিছিল কিবা কব খুজিও একো কব পৰা নাছিল তাই | কেইটামান নিৰৱ মূ্ৰ্হুত পাৰ হৈছিল | আদিত্যই নিৰৱতা ভাঙিছিল কপা কপা মাতেৰে সি কৈছিল – ”তুমি মোক মনত ৰাখিছা ন অদিতি ! মই হে ……|”Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (ছয়) আজি গুৰুজনাৰ তিথি । ৰাজহুৱা নামঘৰত সন্ধিয়াৰ আগেয়ে তিৰোতাসকলে নাম ধৰিব । সন্ধিয়ালৈ মতা মানুহে ভাগৱত পাঠ কৰিব । দিপালীও নামঘৰলৈ যাব । সেয়ে তাই সোনকালে ভাত ৰান্ধি আজৰি হৈ আছে । আজি তেল-মছলা,মাছ-পুঠি নাখায় । আখলৰ সকলো বাচন-বৰ্তন বাহিৰলৈ উলিয়াইContinue Reading

…..হেমা চহৰীয়া …..দৰং …. খণ্ড – ৪ নাই ,তাই তেনে নকৰে | তেনে কৰিলে জায়েকে পাগলামী কৰা বুলি ধৰি লব | কথাবোৰ নিজৰ ভিতৰতে পাগুলিয়াই থাকিল | আদিত্যক প্ৰথম লগ পোৱা দিনটোলৈ মনত পৰিল তাইৰ | অদিতিৰ বান্ধৱী অনুৰ বাইদেউকৰ বিয়া আছিল | আন আন বান্ধৱীবোৰৰ লগত অদিতিও গৈছিল বিয়াContinue Reading

……হেমা চহৰীয়া…..দৰং…… খণ্ড – ৩ অদিতিৰ বাৰে বাৰে চকু পৰিছিল ডেকা যোগী জনৰ ওপৰত | ভাগ্য ভাল ডেকা যোগীজনে চকু মুদি একান্ত মনে ভাগৱত শ্ৰৱন কৰি আছিল | গেৰুৱা বখন বহুদিন নুখুৰোৱা দাৰি আৰু মুৰত সামান্য জঁটাৰে কৰবাত দেখা মানুহ যেন বোধ হ’ল তাইৰ | বাইদেউয়েকে কানে কানে তাইক কিবাContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (পাঁচ) নিশা ভালেমান হ’ল । টোপনি নাহে হে নাহে । প্ৰেম ভঙা মানুহৰ দৰে বিৰিং বাৰাং কিবা কিবি মনলৈ আহি থাকে । মুখখন ওপৰমুৱাকৈ শুই আছে । চকুহাল খুলি থৈ আকাশ-পাতাল ভ্ৰমি আছে । খোলা চকুৰেই সপোন দেখে । টোপনিয়ে আজি ভদ্ৰেশ্বৰকContinue Reading