……© ৰুণজুন বৰুৱা…… (১৬) দুপৰীয়াৰ ভাত সাজ খাই উঠিয়েই অম্লানহঁতে ডাঃ ঋষিকেষৰ পৰিয়ালটোৰ পৰা বিদায় লৈ আগতেই ঠিক কৰি থোৱা হোটেললৈ বুলি ৰাওনা হ’ল….. সকলোকে আচৰিত কৰি ঋষিকাহঁতৰ ঘৰৰ পৰা ওলাই অহা পৰত প্ৰীতমে ডাঃ ফুকনক উদ্দেশ্য কৰি কয় “ফুকন কাইলৈ যাম আকৌ আপোনাৰ চেণ্টাৰলৈ বুজিছে কথাবোৰ শেষ হোৱাই নাইContinue Reading

……© ৰুণজুন বৰুৱা…… (১৫) প্ৰীতমে হয়তো কথাবোৰ ক’বলৈ পাই ভালেই পাইছিল। কৈ গৈছিল সি সলসলীয়াকৈ, ভেন্সাৰ স্কুল সমূহৰ চৰকাৰীকৰণৰ বাবে তেতিয়া আমিবোৰে দেহে কেহে খাটি আছিলোঁ। এদিন গুৱাহাটী ,এদিন টাউন মুঠতে উশাহটো সলাবলৈ সময় নোহোৱাকৈ ব্যস্ততা মূৰত।দুই তিনিদিন কেতিয়াবা ঘৰত নাথাকিছিলোঁ।সেয়ে লগ পালেই মৰম আকলুৱা মনটোৱে অভিমান কৰিছিল মোৰ ওচৰত।আৰুContinue Reading

……© ৰুণজুন বৰুৱা…… (১৪) বাৰাণ্ডাত থকা বেতৰ ছোফাখনত ঋষিকাৰ ওচৰতে বহি লয় অম্লান। তাৰ মুখত চিন্তাৰ ৰেখাডাল সু স্পষ্ট হৈ উঠে। ঋষিকাই অনুভৱ কৰিব পাৰে কি কথাত সি চিন্তাত পৰিছে। তাই তাৰ হাতখন নিজৰ হাতৰ মুঠিত তুলি লয়। সি তাইৰ হাতৰ উত্তাপত একাঁঁজলি সাহস বিচাৰি পায়। ভাগৰুৱা যেন লগা দেহাটোContinue Reading

……© ৰুণজুন বৰুৱা…… (১৩) প্ৰতিটো সুখৰ দুখৰ বতৰা ভগাই লব পৰাৰ জোখাৰে দুখন হৃদয় বন্ধুত্বৰ এনাজৰীৰে নিকপকপিয়া কৈ সময়ে বান্ধে। সময় বাগৰি থাকে,তাৰ লগে লগে সম্পৰ্কৰ বাটবোৰ মসৃণ হৈ গৈ থাকে, অকৃত্ৰিম ভালপোৱা, বিশ্বাস ,প্ৰেৰণাৰ আঁচলত । প্লেছমেণ্ট হৈ যায় দুয়োটাৰে ,গুৱাহাটীলৈ চাকৰি কৰিবলৈ গৈ অম্লান ক’ত থাকিব সেয়াও ঋষিকাইContinue Reading

……© ৰুণজুন বৰুৱা…… (১২) এনুৱেল মিটৰ ব্যস্ততাৰ মাজত ঋষিকাৰ পাতিম বুলি ভাবি থোৱা কথাবোৰ পতা নহয় অম্লানৰ সৈতে। এনুৱেল মিট শেষ হোৱাৰ পিছত আকৌ আৰম্ভ হয় ক্লাছৰ ব্যস্ততা। ভাল লাগে গতানুগতিক দিনবোৰৰ ৰুটিনখন ঘূৰি অহাত । ক্লাছৰ শেষত সিহঁতৰ গোটেই গ্রুপটোৰ খাবলৈ গৈ কেণ্টিনত বহি দিয়া আড্ডাবোৰ পুনৰ জীপাল হৈContinue Reading

……© ৰুণজুন বৰুৱা…… (১১) ঋষিকাৰ বন্ধুত্বৰ আচ্ছাদনত সৰুৰে পৰা অন্তৰ্মুখী স্বভাৱৰ অম্লানে হাঁহিব শিকে। পঢ়াতেই মনটো গুজিব জনা লৰাটোৱে এজাক ল’ৰা ছোৱালীৰ মাজত বহি একেলগে কফিৰ আড্ডাত বহিব পৰা হয়। ফিল্ডত জুবিনৰ গানৰ তালে তালে বন্ধুৰ কান্ধত হাত থৈ নাচিবলৈ শিকাই তাক এই ছোৱালীজনীয়েই। “অম্লান আজি মোৰ ৰুমমেটৰ ক্লাছিকেল ডান্সContinue Reading

……© ৰুণজুন বৰুৱা…… (১০) ৰক্তাভ অৰুণে পূব আকাশত সলাজ হাঁহিটো পিন্ধি ভূমুকি মাৰিবলৈ লওঁতেই সিহঁতৰ যাত্ৰা আৰম্ভ হ’ল। ঋষিকাই দেউতাকৰ লগত কথা পাতি সকলো ঠিক কৰি থৈছে বুলি ৰাতিপুৱাই মেছেজ কৰি জনাইছে অম্লানক। সিহঁতে দহ মান বজাত গৈ পাবগৈ লাগে বুলি কৈছিল সি। হ’লেও ঘৰৰ পৰা ওলালে এবাৰ জনাব দিছিলContinue Reading

……© ৰুণজুন বৰুৱা…… (৯) প্ৰয়োজনীয় দুই এপদ বস্তু বেগটোত সামৰি ভৰাই লৈছে প্ৰীতমে। কাপোৰ দুযোৰো লৈছে লগত। পুতেকৰ ছেমিনাৰখনলৈ সি ভালদৰে যাব লাগিব। দেউতাকৰ উছাহ দেখি অম্লানৰ মনত দুখবোধে ক্ৰিয়া কৰে। তেওঁক মিছা কোৱা বাবে তেওঁ মনত আঘাট নাপালেই হ’ল……… “দেউতা আমি অলপ ফুৰিও আহিম হা “ দেউতাকৰ মনটো ভালContinue Reading

……© ৰুণজুন বৰুৱা…… (৮) অস্তাচলৰ হেঙুলীয়া সূৰ্যটোত মায়া বিচাৰি পাই অম্লানে, জীয়াই থকাৰ মায়া।সেই মায়াতেই আবদ্ধ হৈ আগন্তুক সময়ৰ সৈতে মুকাবিলা কৰাৰ জোখাৰে নিজৰ মাজত নিজকে শক্তিশালী কৰি লয় সি। তাৰ কুমলীয়া মনটোত সাঁচ বহি যোৱাকৈ এই নৈৰ পাৰতেই বহি দেউতাকে তাক জীৱনবোধৰ পাঠ দিছিল সেইদিনা,কেতিয়াৰ কথা আছিল সেইয়া? হায়াৰContinue Reading

……© ৰুণজুন বৰুৱা…… (৭) “দেউতা যদি ডাক্তৰৰ ওচৰলৈ যাবলৈ সন্মত নহয়, কি কৰা যাব?” নিজৰ মাজতেই উপযুক্ত সমিধান এটা বিচাৰি থকা অম্লানক দেখিলেই ধৰিব পাৰি সি কোঠাটোত অন্য দুজন মানুহৰ উপস্থিতিৰ কথা পাহৰি গৈছে। চিলিং ফেনখনৰ শব্দৰ বাহিৰে এটা শব্দও নাই চ’ৰাঘৰৰ ভিতৰত ।একেখন মৌনতাৰ চাদৰে মেৰিয়াই থকা তিনিওজন মানুহৰContinue Reading