……© ৰুণজুন বৰুৱা…… (৩১) সময় পাখি লগা কাঁড়ৰ পিঠিত বহি উৰন্ত গতিত ধাৱমান আৰু মনালিছালৈ এৰি দিছে মুঠি মুঠি তাচ্ছিল্য।কোৱাল সোঁতত ককবকাই ফুৰা মানুহজনী পাৰ পাবলৈ লওঁতেই গড়াখহনীয়াত যোৱা পাৰৰ মাটিবোৰে তাইক যেন হেঁচি ধৰিলে। পুনৰ তাই উটি গ’ল সোঁতৰ সৈতে, আৰু এইবাৰ ঘুলী এটাত আবদ্ধ তাই,এই যেন নিচিহ্ন কৰিContinue Reading

……© ৰুণজুন বৰুৱা…… (৩০) অনাকাংক্ষিত খবৰ এইয়া। মানি লব নিবিচৰা এটা সঁচা কথা। অবিশ্বাস্য অম্লানৰ বাবে। হেৰুৱাৰ আশংকাত থৰ থৰকৈ কঁপি উঠে, অম্লান। কেনেকৈ মানি লব পাৰে ডাঃ জনে এই মাত্ৰ কৈ যোৱা কথাটো। “দ্বিতীয়টো চাৰ্জাৰীৰ বাবে আমি ৰেডি হৈছোঁ, কাৰণ ৰক্তক্ষৰণ কমা নাই,বৰঞ্চ বাঢ়িছেহে।।কিন্তু তাৰ পিছতো ইম্প্ৰুভমেন্ত হোৱাৰ চান্সContinue Reading

……© ৰুণজুন বৰুৱা…… (২৯) নাৰী পুৰুষৰ মিলনৰ বিভৎস এক আদিম উত্তেজনা, সেই নিশা আপেক্ষিক আছিল । কিয়নো নৈশ আহাৰ মাথোঁ এক অজুহাত বুলি মোৰ জ্ঞাত। এটা পুৰুষক কামনাত উন্মাদ কৰিবৰ জোখাৰে মই কিমান দূৰ সক্ষম তাৰ পৰীক্ষা পাতিব বিচাৰিছিলোঁ মই আৰু প্ৰীতমৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই স্ব-ইচ্ছাই সন্মতি দিছিলোঁ সেইContinue Reading

……© ৰুণজুন বৰুৱা…… (২৮) “হাও দেয়াৰ ইউ এডভোকেট শইকীয়া ? মোৰ চৰিত্ৰৰ স্খলনৰ ওপৰত প্ৰশ্ন তুলিছে আপুনি……. উন্নতিৰ জখলা হিচাপে মই মোৰ শৰীৰটোক ব্যৱহাৰ কৰা বুলি কবলৈ আপুনি কোন, কি জানে আপুনি মোৰ বিষয়ে……?” উষ্মাৰে কথা কেইষাৰ কৈ মনালিছা ফোঁপাই উঠে। “চাওঁক মিছেছ বৰুৱা আপোনাৰ চৰিত্ৰৰ আলোকপাত কৰিবলৈ মোৰ কোনোContinue Reading

……© ৰুণজুন বৰুৱা…… (২৭) প্ৰভাতি পুৱাৰ কোমল ৰ’দজাক অকণমানি ভেন্টিলেটৰখনৰ জলঙাৰে সৰকি আহি মনালিছাৰ মুখত পৰিছে।অস্বস্তি পাই তাই শুই থকা ঠাইখনৰ পৰা উঠি চেলটোৰ লোহাৰ দুৱাৰখনৰ ওচৰলৈ আহে। উদ্দেশ্য, কাৰোবাক কৈ অকণমান পানী আৰু একাপ ৰঙা চাহৰ আয়োজন কৰিব পাৰি নেকি। নাই কোনেও মনালিছাৰ কিবা প্ৰয়োজন হ’ব পাৰে বুলি ভ্ৰূক্ষেপContinue Reading

……© ৰুণজুন বৰুৱা…… (২৬) লকআপৰ ভিতৰত পকা মজিয়াত বহি থকা মনাজনীৰ গাত ধুমুহাৰ পিছত শান্ত হৈ পৰা পৰিৱেশ এটাৰ দৰেই নির্জনতা বিৰাজি আছিল। সদৰ থানাখনত উপস্থিত হৈয়েই অ’চি জনৰ পৰা অনুমতি লৈ প্ৰীতম ঢপলিয়াই যায় তাইক এবাৰ চাবলৈ। উফ কি অনুভৱ হৈছে চাগৈ তাইৰ! সমাজত থকা তাইৰ সন্মানীয় আসনখন!মুহূৰ্ততে জ্বলিContinue Reading

……© ৰুণজুন বৰুৱা…… (২৫) ” নিৰ্দিষ্ট দিনা মনা ,অনিমেশ আৰু মাহঁত দিল্লী অভিমুখে ৰাওনা হয় আৰু মই মোৰ প্লেনিং মতেই আগদিনাৰ পৰা হঠাৎ আৰম্ভ হোৱা মাইগ্ৰেনৰ পৰা মুক্তি নোপোৱাৰ অজুহাত উলিয়াই সিহঁতৰ সৈতে নোযোৱাকৈ ঘৰত অকলে থাকিবলৈ সক্ষম হওঁ।মোৰ যোৱা নহব বুলি জানি, মনাৰ মুখত বিষাদৰ মেঘ এটুকুৰা ওলমি উঠিছিলContinue Reading

……© ৰুণজুন বৰুৱা…… (২৪) “সময়ে কাকো ক্ষমা নকৰে, আনৰ চকুৰ পৰা নিজৰ ভুলবোৰ বাৰু লুকুৱাব পাৰিব কিন্তু নিজৰ পৰা, ওহোঁ সেইয়া কেতিয়াও সম্ভৱ নহয়।কেঁকোৰাৰ পেটৰ সন্তানেই কেঁকোৰাক খুলি খুলি খায় শেষ কৰাৰ দৰে নিজৰ মাজত লুকুৱাই ৰখা নিজৰ ভুলবোৰে সময়ৰ লগে লগে আপোনাক কুটি কুটি খাই শেষ কৰিবই,সেইয়া চিৰন্তন।” প্ৰীতমেContinue Reading

…..বনিমা তালুকদাৰ….. মনত বহুত কষ্ট লৈ নীলা বৰুৱাই বৃদ্ধাশ্ৰমৰ  ফৰ্মখন পূৰণ কৰিলে |আজি নিজৰ এখন ঘৰ থাকিও  ঘৰ নোহোৱা অৱস্থা তেওঁৰ |এখন ঘৰক ঘৰ বুলি কব পাৰিনে য’ত -মৰম,বিশ্বাস,আদান-প্ৰদান ,সহমৰ্মিতা আৰু শান্তি বুলিবলৈ একো নাথাকে |শাৰীৰিক আতিশয্যই মানুহৰ শৰীৰ ঘূণীয়া কৰে থিকেই ,কিন্তু মানসিক আতিশয্যই মানুহৰ ভিতৰখন তিলতিলকৈ  শেষ কৰিContinue Reading

……© ৰুণজুন বৰুৱা…… (২৩) মই যেন স্বামী নামৰ আচ্ছাদন ধাৰী এটা বিষাক্ত বিছা। মোক সাৱটি ধৰাৰ ফলত মনাৰ দেহত এই বিছাৰ শুং বোৰে ডাকি ডফলা ডফলি কৰিব। নাই নাই মনাৰ কোনো দোষ নাই তেন্তে কিয় তাই কষ্ট খাব লাগে ।তাইৰ দুবাহুত সোমাই থকাৰ অধিকাৰ মোৰ হে নাই গতিকে মই তাইৰContinue Reading