….✍?ভাস্কৰ ৰাজবংশী…… ….গুৱাহাটী বিশ্ববিদ্যালয়……. হে নমস্য, বিশ্ব বৰণ্য, মহান যাযাবৰী শিল্পী… তুমি সাৰে আছানে এতিয়াও ! মনত দুৰ্ব্বাৰ আশা, বিক্ষিপ্ত স্মৃতিৰে মোৰ বক্ষত তুমি এতিয়াও উমি উমি জ্বলি আছা । অবিচলিত লক্ষ্য মোৰ দৃষ্টি ধীৰ-স্থিৰ, বিজয় নিশ্চিত যুজঁত উদ্যম গতিও সুস্থিৰ । যেন, তুমি এতিয়াও সাৰে আছা ! তোমাৰ গানেৰেContinue Reading

….হেমা চহৰীয়া….দৰং….. খণ্ড – ৫ অদিতিৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিছিল | ওঠ দুটি কঁপি উঠিছিল কিবা কব খুজিও একো কব পৰা নাছিল তাই | কেইটামান নিৰৱ মূ্ৰ্হুত পাৰ হৈছিল | আদিত্যই নিৰৱতা ভাঙিছিল কপা কপা মাতেৰে সি কৈছিল – ”তুমি মোক মনত ৰাখিছা ন অদিতি ! মই হে ……|”Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) সুখ ঘৰত নাই, ধাৰে আনিছোঁ। দুখবোৰ অমৰ লতা বঢ়া দিছে, ঘৰৰ ভিতৰে বাহিৰে। কিনোতা- নিওঁতা কোনো নাই। পুৱাই শ্ৰীমতীয়ে দন্দুৱা মুখ খনেৰে লাক বাক নোহুৱাকৈ কিবা কিবি কলে চাৱন, তেল, আলু-পিয়াজ আদিকে ঘৰত একো নাই, কেৱল নাই। নাই শব্দ যেন তাইৰ জন্মগতContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (ছয়) আজি গুৰুজনাৰ তিথি । ৰাজহুৱা নামঘৰত সন্ধিয়াৰ আগেয়ে তিৰোতাসকলে নাম ধৰিব । সন্ধিয়ালৈ মতা মানুহে ভাগৱত পাঠ কৰিব । দিপালীও নামঘৰলৈ যাব । সেয়ে তাই সোনকালে ভাত ৰান্ধি আজৰি হৈ আছে । আজি তেল-মছলা,মাছ-পুঠি নাখায় । আখলৰ সকলো বাচন-বৰ্তন বাহিৰলৈ উলিয়াইContinue Reading

…..হেমা চহৰীয়া …..দৰং …. খণ্ড – ৪ নাই ,তাই তেনে নকৰে | তেনে কৰিলে জায়েকে পাগলামী কৰা বুলি ধৰি লব | কথাবোৰ নিজৰ ভিতৰতে পাগুলিয়াই থাকিল | আদিত্যক প্ৰথম লগ পোৱা দিনটোলৈ মনত পৰিল তাইৰ | অদিতিৰ বান্ধৱী অনুৰ বাইদেউকৰ বিয়া আছিল | আন আন বান্ধৱীবোৰৰ লগত অদিতিও গৈছিল বিয়াContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) মই মোক নিলাম কৰিব খুজিছোঁ এজন ভাল গ্ৰাহকৰ সন্ধানত অচিৰেই প্ৰকাশ হ’ব বিজ্ঞাপন। তুমিও আবেদন কৰিব পাৰিবা। নিবিদাৰ বাবে নালাগে কোনো মাছূল দিলেই হ’ব একাজুলি মৰম। মোৰ পৰিধি তুমি জানিলোৱা ভাল, ৰক্ত মোৰ ৰঙা, ভাৱ ধাৰা মানৱীয়, মোৰ চিন্তাৰ পৰিধি বহুত, কিন্তুContinue Reading

……✍প্ৰাণজিৎ কলিতা….. ……গুৱাহাটী বিশ্ববিদ্যালয়……. আঁচলেৰে মেৰিয়াই ভগ্ন হৃদয় খন বুকুত সাৱতি দুচকুৰে দেখা সপোনবোৰ আজিও আবদ্ধ হৈ আছে, মোৰ হৃদয়ৰ মাজত। উজাগৰী নিশাৰ এটি এটি পল তুমি দেখা সপোনবোৰ আজি দেখোন কেনিবা হেৰাই গ’ল অ,আই। মৰমবোৰ যদি মৰম হৈ থকা হ’লে , আজি আকৌ এবাৰ তোমাৰ কোলাত মূৰ গুজি হেপাঁহContinue Reading

……হেমা চহৰীয়া…..দৰং…… খণ্ড – ৩ অদিতিৰ বাৰে বাৰে চকু পৰিছিল ডেকা যোগী জনৰ ওপৰত | ভাগ্য ভাল ডেকা যোগীজনে চকু মুদি একান্ত মনে ভাগৱত শ্ৰৱন কৰি আছিল | গেৰুৱা বখন বহুদিন নুখুৰোৱা দাৰি আৰু মুৰত সামান্য জঁটাৰে কৰবাত দেখা মানুহ যেন বোধ হ’ল তাইৰ | বাইদেউয়েকে কানে কানে তাইক কিবাContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (পাঁচ) নিশা ভালেমান হ’ল । টোপনি নাহে হে নাহে । প্ৰেম ভঙা মানুহৰ দৰে বিৰিং বাৰাং কিবা কিবি মনলৈ আহি থাকে । মুখখন ওপৰমুৱাকৈ শুই আছে । চকুহাল খুলি থৈ আকাশ-পাতাল ভ্ৰমি আছে । খোলা চকুৰেই সপোন দেখে । টোপনিয়ে আজি ভদ্ৰেশ্বৰকContinue Reading

……হেমা চহৰীয়া …..দৰং…… খণ্ড – ২ কাহিলি পুৱাতে উঠি অদিতিয়ে ঘৰৰ বাহি কাম বন কৰিলে | গা-পা ধুই শৰাই যা-যোগাৰ কৰি গিৰিয়েকক জগাই দিলে | পৱনে ৰাতিপুৱা চাহ নাখাই | বেছি fats হৈছে | সেয়ে fats কমাবলৈ খালী পেটত নেমুৰ লগত মৌ মিহলাই খাই | অদিতিয়ে নিজে খালী চাহ একাপContinue Reading