……প্ৰাণজিৎ কলিতা…. সেইদিনা জেঠ মাহৰ ২৫ তাৰিখ , পূৰ্ণিমা ; গাওঁৰ নামঘৰত ভকতসকলে কীৰ্ত্তন পঢ়িব । নীতি আৰু পৰম্পৰা অনুসৰি হৰেশ্বৰকাই নামঘৰলৈ শৰাই নিব লাগিব । হৰেশ্বৰকাইৰ ঘৈণীয়েকে গধূলি নহঁওতেই মাহ-প্ৰসাদ ধুই শৰাইৰ সকলো যা- যোগাৰ কৰি থৈছে , কিন্তু আজি ইমান দেৰি হ’ল হৰেশ্বৰকাই বেপাৰৰ পৰা আহি পোৱা নাইContinue Reading

…..প্ৰাণজিৎ কলিতা….. বিপদ মানুহৰ জীৱনত যে কেনেদৰে কেতিয়া আহে কোনেও একো কব নোৱাৰে । জীৱনৰ গতি স্তব্ধ কৰাৰ সাহস যে একমাত্র বিপদৰ । ৰঞ্জনৰ মাক বিধৱা হোৱা আজি প্ৰায় পাঁচ বছৰে হ’ল । দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ আলাই- আথানি নোহোৱা হ’ল , মাটি বুলিবলৈও ঘৰৰ ভেটিটোৰ বাহিৰে একোৱেই নাই ।Continue Reading

……✍চিমি কোঁৱৰ…. : ফুল হৈ ফুলিবা যাৰ আগত ,তেঁৱে তোমাক আদৰ দেখুৱাই ছিঙি লৈ গুচি যাব আৰু মৰহি গ’লে আৱৰ্জনাৰ লগত ডাষ্টবিনলৈ দলিয়াই পেলাব ।ফুলৰ সৌন্দৰ্য্য সদায় নাথাকে মন্দিৰা ।যিদৰে মৰহা ফুল এপাহলৈ মায়া বহুত কম মানুহৰহে থাকে ।সোঁৱৰণিৰ মালা গাঁথি যি সামৰি ৰাখে বুকুত একোপাহ নিস্তেজ ফুল …এনে মানুহContinue Reading

……ড° চিত্তৰঞ্জন দাস….. ৰ’দত গা ধুই আছিল ৰাতিপুৱাটোৱে । বতাহৰ শান্ত গতি, ফুলৰ কোমল হাঁহিয়ে পৰিবেশটো সহজ আৰু মিঠা কৰি ৰাখিছিল। বাৰন্ডাতে বহি বাতৰি কাকত পঢ়ি আছিল আইমণিয়ে। মাকে চাহ একাপ দি গৈছিল। খাবলৈকে পাহৰিলে তাই। বেছিকৈ চাহপাত আৰু গাখীৰ দি কৰা চাহকাপত ইতিমধ্যে এটা ডাঠ চামনি পৰিছে। আইমণিয়ে একেContinue Reading

……প্ৰাণজিৎ কলিতা….. বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব সাফল্যৰ অন্ততঃ আজি সকলোতে যেন এক যন্ত্রৰ পৰিবেশৰ সৃষ্টি হৈছে । নিমিষতে সৃষ্টি কৰি মানুহৰ সময় আৰু কষ্ট লাঘৱ কৰি পেলাইছে । তথাপি যেন ৰাজীৱৰ আহৰি নাই , ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ , ঘৰৰ পৰা কিছু নিলগত তাৰ কাৰ্যালয় । আজি দুদিনমান আগৰ পৰা মাকৰ ফোন আহিContinue Reading

……✍ নীতিৰাজ চহৰীয়া……                ঘৰটোৰ এফালে ডাঠ হাবিখন, আনফালে পুখুৰীটো । ঘৰ মানে ঠিক ঘৰ নহয়, খেৰ-বাঁহেৰে সজা জুপুৰি এটা । এচুকত এটা চৌকা, তাৰ সমুখত বাঁহৰ চাং এখনত  পাকঘৰৰ সজুঁলি দুবিধমান, ক’লা বৰণ লোৱা বৈয়াম দুই-তিনিটা। দুহাতমান দূৰত মলিয়ন চাদৰ এখন ওলমি আছেContinue Reading

…..অৰুণাভ হাজৰিকা….. …..কটন বিশ্ববিদ্যালয়….. “…… এওঁৰ বন্ধুসকল আহিল খবৰ নিদিয়াকৈ ; খাই হেনো‌ গাজৰৰ হালুৱা । সুখৰ কথা যে হকিন্স কন্টিউৰা আছে ; ইয়াত আহাৰ লৰাবলৈ ইমান সহজ , হালুৱা হ’ল তৈয়াৰ মাত্ৰ আধা ঘন্টাতে । বাঃ বৌ….” – বিখ্যাত বিজ্ঞাপনটো আধাতে এৰি তাই টিভিৰ সন্মুখৰ পৰা উঠি ঘৰলৈ লৰContinue Reading

……..ঋষিকা দাস……. “তোমাৰ পুৱাৰ মাতষাৰী শুনিবলৈ বৰ মন গৈছে, ক’ল এটা কৰিব পাৰিম নে” ?- চকু দুটা মোহাৰিয়ে পোৱা মেচেজ টোৱে যেন তাইৰ বুকুৰ সাগৰ খনত ছুনামি হে আনিছে আৰু পলকতে তাই স্মৃতিৰ ঢৌ বোৰত ডুব গল।         উত্তৰত কি লিখিব; পাৰিব জানো ক’ল কৰিব; কি আছেContinue Reading

……. ৰচিদুল হক (ৰিকু)…… “তুমি মোক পাহৰি যোৱা , তোমাক মই আৰু ভাল পাব নোৱাৰিম” পূজাৰ এনে কথাত ৰজতৰ বুকুখনত যেন কোনোবাই হাঠুৰিৰে কোবোৱা যেন পালে। পূজা এগৰাকী সুন্দৰী গাভৰু ছোৱালী আনহাতে ৰজতো এজন পাহুৱাল ডেকা। পূজাৰ ঘৰৰ পৰা ৰজতৰ ঘৰ প্ৰায় অলপ দূৰত। সিহঁত দুয়ো একেটা শ্ৰেণীতে পঢ়ে। ১৬Continue Reading

 …….ইমন কায়স্থ….. সুইট্… সুইট্…..গলিটোৰ জাবৰবোৰ নিবলৈ অহা মানুহজনৰ হুইচেলৰ শব্দত টোপনি ভাগিল তাইৰ। ম’বাইলটো চালে, ছয় বাজিছে। হোৱাটচএপত মেছেজ এটা আছে পাঁচ বাজি তেইশ মিনিটত। “Okoman xui lou ha etiya. 11 tat meeting. 9:45 manot jogai dibasun.” এইবাৰ কল লিষ্টখন চালে তাই। চাৰি বাজি ঊনপঞ্চাশ মিনিটত ফোন কৰিছিল সি। গুৱাহাটীContinue Reading