…..বনিমা তালুকদাৰ…..
মনত বহুত কষ্ট লৈ নীলা বৰুৱাই বৃদ্ধাশ্ৰমৰ ফৰ্মখন পূৰণ কৰিলে |আজি নিজৰ এখন ঘৰ থাকিও ঘৰ নোহোৱা অৱস্থা তেওঁৰ |এখন ঘৰক ঘৰ বুলি কব পাৰিনে য’ত -মৰম,বিশ্বাস,আদান-প্ৰদান ,সহমৰ্মিতা আৰু শান্তি বুলিবলৈ একো নাথাকে |শাৰীৰিক আতিশয্যই মানুহৰ শৰীৰ ঘূণীয়া কৰে থিকেই ,কিন্তু মানসিক আতিশয্যই মানুহৰ ভিতৰখন তিলতিলকৈ শেষ কৰি পেলায় |এনে যন্ত্রনা বুকুত লৈ জীয়াই থকাটো বৰ কঠিন হৈ পৰে |বৰুৱানী নিজে কেতিয়াবা আচৰিত হয় তেওঁ জন্ম দিয়া পুত্র এইজনে নে যি বিয়া পতাৰে পৰা সাংঘাটিক ধৰণে সলনি হৈ গল | কথাই কথাই মাক দেউতাকৰ দো়ষ দেখা পোৱা হল |ভুল-শুদ্ধ বিচাৰ কৰিব নোৱাৰা হৈ পৰিল |পুতেক পুলকৰ এনে আচৰনত জ্বলা জুইকুৰা ঢালিলে তেওঁৰ বোৱাৰী নিপাই |এনে এগৰাকী বোৱাৰী আহি ঘৰত সোমালে,যি অহাৰে পৰা ঘৰখনত শান্তি নামৰ বাতাবৰণ নাইকিয়া হৈ পৰিল |বোৱাৰী নিপাৰ হোৱাই নোহোৱাই চিঞৰ বাখৰ কৰা,কথাই কথাই তৰ্ক কৰা,কাকো সন্মান দিব নজনা যেন এক স্বভাৱজাত বৈশিষ্ট্য হে |বৰুৱানীয়ে বহু চেষ্টা কৰিলে ঘৰখন ধৰি ৰাখিবলৈ |নাই ,তেওঁ তাত বেয়াকৈ পৰাস্ত হল |বান্ধৱী ৰীতা চলিহাই এক ন্যাসৰ অধীনত পৰিচালনা কৰা বৃদ্ধনিৱাসৰ খবৰটো পাই তেওঁ থিক কৰিলে জীৱনৰ বাকী দিনকেইটা অসুস্থ স্বামীৰ সতে সমবয়সীয়া মানুহবোৰৰ লগত বৃদ্ধাশ্ৰমতে কটাব |স্বামীৰ পেঞ্চনৰ পইচা খিনি বৃদ্ধাশ্ৰমৰ মাহিলী বৰঙণিত খৰচ কৰিব আৰু তেওঁ এই ঘৰ দুৱাৰ ,মাটি বাৰী বান্ধৱী ৰীতাক কৈ বৃদ্ধাশ্ৰমৰ উন্নয়নৰ কাৰনে দান কৰিব |বৃদ্ধাশ্ৰমৰ ধাৰণাটোৰ প্ৰতি সমাজৰ মানুহৰ এটা প্ৰশ্নবোধক চিন থাকিলেও নীলা বৰুৱাই উপলদ্ধি কৰিলে যে মানুহক দেখুৱাবলৈ ঘৰ এখনত বসবাস কৰি , আৰু সমাজক দেখুৱাবলৈ এক কৃত্রিম অভিনয় কৰি একো লাভ নাই |অন্তত: বৃদ্ধাশ্ৰমৰ বাতাবৰণে তেওঁক আৰু তেওঁৰ স্বামী খৰ্গধৰ বৰুৱাক জীৱনৰ বাকীচোৱা তেওঁলোকৰ ওপৰত দিনে নিশাই চলা মানসিক আতিশয্যৰ পৰা দূৰত ৰাখিব……….বহুত দূৰত….