কেতিয়া শেষ হব নৃশংস বৰ্বৰতা???

…..?️প্ৰণামী দত্ত…..
…….শিৱসাগৰ কলেজ,জয়সাগৰ……

কেতিয়া শেষ হব নৃশংস বৰ্বৰতা???অনুশোচনা/অনুকম্পা নথকা এইবোৰ কেনে মানুহ!এজন মানুহৰ মৃত্যু ইমান সহজ !ধিক্কাৰ —

আকৌ যেন পুনৰাবৃত্তি হল অভি-নীল হত্যাকাণ্ডৰ।সভ্য সমাজক লজ্জাজনক কৰা ভয়ংকৰ ঘটনা সংঘটিত হল মৰিয়নীত।মৰিয়নী গাভৰু পৰ্বতত পিতৃ আৰু ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই মাৰি পেলালে দেৱাশীষ গগৈ নামৰ ২৪ বছৰীয়া এজন যুৱকক।বহুতে আনকি বাধাৰ দিয়াৰ পৰিবৰ্তে নীৰৱ দৰ্শক হৈ চাই ৰল সমগ্ৰ ঘটনা।মানুহবোৰ এনেকুৱা দিশে গতি কৰিছে যে জন্তু এটা মাৰিলে জুম বান্ধি চাই সেইটো উপভোগ কৰে এতিয়া মানুহ মাৰিলেও সকলোৱে একগোট হৈ চাই থাকি আনন্দ পাই কিন্তু কোনেও এষাৰ মাত নামা
তে কিয়? জাতি হিচাপে গৌৰৱ কৰাতকৈ এজন প্ৰকৃত মানুহ হওঁক ।মানুহ হৈ মানুহৰ কথা ভাৱক।
“পিতৃ আৰু বায়েকৰ সন্মুখতে মৰিয়াই মৰিয়াই মাৰি পেলালে মৰিয়নী দেৱাশীষক,পিতৃয়ে কান্দি কান্দি কলে,মানুহ মাৰি হেঁপাহ পলোৱা নাই যদি মোকো মাৰি পেলাওক।”
যেন পুনৰাবৃত্তি হল অভি-নীল হত্যাকাণ্ডৰ।

যি সময়ত অসমবাসীয়ে”অভি-নীল”কাণ্ডৰ শোক আজিও পাহৰিব পৰা নাই,অভি-নীলৰ পৰিয়ালে এতিয়াও ন্যায় পোৱা নাই,তেনেকুৱা এটা ঘটনাৰ পুনৰাবৃত্তি দুৰ্ভাগ্যজনক।প্ৰায় দুটা সপ্তাহত ৰাজ্যত তিনিটাকৈ গণহত্যা।

ঝংকাৰ,অভি-নীল,সনাতন ডেকা,চিকিৎসক আৰু এতিয়া দেৱাশীষ গগৈ।মানুহৰ আছে নাই মানৱীয়তা।কিমান পৰিয়াল নিঠৰুৱা হব,চকুপানী টুকিব।পৰিয়ালটোলৈ সাহায্য দিয়ে ঠিকে কিন্তু সেই পইচা শেষ হৈ যাব কিন্তু ব্যক্তিগৰাকী ঘূৰাই নাপায়।টকা দি কি লাভ তাৰ বদলি যদি সঁচাই ন্যায় ব্যৱস্থা আছে ইয়াৰ উচিত তদন্ত কৰি আইনী প্ৰক্ৰিয়াৰে উপযুক্ত শাস্তি প্ৰদান কৰিবৰ বাবে চৰকাৰক দাবী জনালোঁ।অন্যথা আকৌ পৰি ৰব কোনো অখ্যাত স্থানত অসমীয়া ডেকাৰ তেজাল মৃতদেহ।

(মানুহ হয় তেওঁলোকক এনেকৈ মৰিয়াই মৰিয়াই মাৰি যাব আৰু আমি চকু মুদি চাই যাম)
কিমান জ্বলাম মমবাতি, চাকি! মমবাতি,চাকিবোৰৰো  চাগে ঘৃণা জন্মিছে মানৱজাতিৰ ওপৰত।

এজন এজন কৰি কেইবাজনো নিৰপৰাধী লোক অকালতে আঁতৰি গল আমাৰ মাজৰপৰা।কিন্তু এনে জঘন্য কাম কৰা নৰপিশাচবোৰ কেইদিনমান চৰকাৰী আলহী হৈ থাকি পুনৰ মুক্ত আকাশৰ তলত মুক্ত মনেৰে বিচৰণ কৰি আছে।

অসমত হত্যা কৰাটো উৎসৱলৈ পৰিণত হৈছে নেকি বাৰু???
নে আমাৰ আইনখন সলনি কৰিবৰ হল?
ফাষ্টট্ৰেক আদালতৰ কিবা অৰ্থ আছে নে??
যদি আছে অভি-নীল কাণ্ডৰ ৰায়দান কি হল ???
যোৱা এটা সপ্তাহত দুজনক হত্যা এতিয়া আকৌ দেৱাশীষ গগৈক হত্যা??

বৰ্তমান অসমীয়াৰ তেজ গৰম হোৱাৰ আগতেই চেঁচা পৰি যায়।অন্যায়ৰ বিৰুদ্ধে মাত মাতিবোৰ সময়ছোৱাতেই হঠাৎ কোনোবা এখন ঠাইত হিন্দু-মুছলমানৰ লগত সংঘৰ্ষ লাগে আৰু লগে লগে তাৰে পৰা হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ হয়।এনেকৈ যদি সংৰ্ঘষ হৈ থাকে আমি অন্যায় বিৰুদ্ধে মাত মাতিম কেতিয়া?? সকলো একত্ৰিত হোৱাৰ সময় হল নহলে আপুনি,মই কিমান জন অসমীয়া এনেকৈ তেজাল মৃতদেহ হৈ মাটিত পৰি ৰব।

কাৰণ,ভাৰতীয় আইনখন ইমানেই সোপাঢিলা যে হত্যাকাৰীৰ বিৰুদ্ধে প্ৰমাণ পালেও কি দৰে মুক্ত আকাশৰ তললৈ উলিয়াব পাৰি তেনে সুবিধা প্ৰদান কৰে আৰু যিসকলে দেশৰ স্বাৰ্থত,মাতৃভূমি স্বাৰ্থত মাত মাতে অন্ধ আইনে হোৱাই নোহোৱাই ধাৰ লগাই থাকে।

ভাৰতীয় আইনক অপমান কৰা নাই কিন্তু সন্মান কৰিবলৈ হলে প্ৰকৃত হত্যাকাৰী,অপৰাধী সকলক কম দিনৰ ভিতৰত উচিত শাস্তি প্ৰদান কৰক অন্যথা এই আইনৰ নিয়ম-কানুন দেখি যোৱা এটা সপ্তাহত তিনিটাকৈ অভি-নিলৰ দৰে হয় সংঘটিত হল আৰু হৈ থাকিব কিন্তু অপৰাধী মুক্তভাৱে আকাশৰ তলত ন ন হত্যা-হিংসাৰ কৌশল ৰচনা কৰি থাকিব।

#ন্যায় ব্যৱস্থা খৰতকীয়া হোৱাৰ দাবী জনাওঁ।
#আইনৰ সুৰুঙাৰে যাতে কোনো দোষী বাছি যাব নোৱাৰে।
#দোষীক দৃষ্টানমূলক শাস্তি প্ৰদান কৰক।

দেৱাশীষ গগৈৰ আত্মাই শান্তি পাওঁক,
নিৰীহ পৰিয়ালটোৱে ন্যায় পাওঁক,
দোষীয়ে শাস্তি পাওঁক।।???

?️প্ৰণামী দত্ত।
শিৱসাগৰ কলেজ,জয়সাগৰ।

Share কৰক:

1 Comment

  1. হুচ বা জ্ঞান হেৰুৱালে এজন মানুহে অপকৰ্ম কৰিব পাৰে । এজন মানুহে অন্য এজন মানুহক হত্যা কৰিব পাৰে তেতিয়া তেওঁ এটা অপৰাধ কৰা বুলি অনুভব নকৰে , অৰ্থাৎ তেওঁ হুঁচ হেৰুৱাই পেলাইছে ।
    মানুহক আৰ্থিক পথলৈ উভতাই অনাৰ কোনো ব্যবস্থা নাই । পুলিছে অপৰাধীক কৰায়ত্ব কৰে আৰু অপৰাধ সাব্যস্ত হোৱাৰ পিছত শাস্তি শাস্তি ভোগ কৰে । কিছুবছৰ জেলত থকাৰ পাছত ওলাই আজিও অপৰাধী সৎ যোৱা দেখা নাযায় ।আনহাতে, বহু অপৰাধীক পুলিছে আটক কৰিবও নোৱাৰে ।
    মানুহ সৎ হবলৈ হলে মানুহে নিজেই সৎ হব লাগিব

Leave a Reply

Your email address will not be published. Required fields are marked *