…..প্ৰপ্ৰীতি গগৈ …. শিৱসাগৰ…..
“বুইছা সৰুধনৰ মাক , মই কিন্তু নৰেনৰ দৰে কৃপণ মানুহ সংসাৰত দেখা নাই ! নামঘৰটো নতুনকৈ সজাব লাগে বুলিহে টকা বিচাৰি গৈছিলোঁ আমি ! ৫০ টকা এটি আগবঢ়াই দিছে বুইছানে , নাপায় নাপায় ৷ ”
সৰুধনৰ মাকৰ বিৰক্তি উপজে ৷ প্ৰায় সত্তৰ বছৰীয়া লোকজনৰ মুখত এনে কথাবোৰ শুনি শুনি সৰুধনৰ মাকে বহি থাকিবলৈ বৰ বেয়া পায় ৷ নিজৰ মানুহজনৰ সমবয়সীয়া এই যোগেন শইকীয়া বোলা মানুহজনক পদুলি মুখত দেখিলে সৰুধনৰ মাকৰ কেতিয়াবা ভীষণ খং উঠে ৷ মানুহজনে সময় অসময় বুজি নাপায় ৷ চাইকেলখন লৈ দুপৰীয়াতে আহি ওলায়হি ৷ ষ্টেণ্ড নথকা চাইকেলখন চোতালৰ জেওৰাতে আওজাই থয় ৷ তাৰপিছত পিৰালিতে জোতা চেন্দেল মুচিবলৈ পাৰি থোৱা বস্তাটোত পিন্ধি অহা চেন্দেলযোৰ বহুসময় ধৰি ঘঁহি থাকে আৰু সমান্তৰালভাৱে হাঁহি হাঁহি তেওঁৰ ক’বলগীয়া কথাখিনিও কৈ থাকে ৷ সৰুধনৰ মাকে এটা মিঠা হাঁহিৰে তেওঁক সম্ভাষণ জনালেও কিন্তু ভিতৰি খঙত তিঙিৰিতুলা হৈ থাকে ৷ বাৰাণ্ডাতে শইকীয়া বহেহি ৷ তাৰপাছত সৰুধনৰ মাকলৈ চাই কয় ,
“ পানী এগিলাচ দিয়াহে , বহু দূৰ চাইকেল মাৰিলোঁ ৷ লাইটৰ বিল দিলোগৈ বুইছা , তাৰপাছত বেংকলৈ গ’লো ৷ বৰ ভাগৰ লাগিছে পায় ৷ মেনেজাৰজন আকৌ আমাৰ মিতিৰেই হয় নহয় ৷ বৰুৱা শুই আছে হ’বলা ৷ হেৰা , উঠাহে তোমাৰহে আৰাম আৰু ৷ মই ৰাতিপুৱাই শুই উঠি শাকনি বাৰীত কোৰ মাৰি তাৰপাছত বজাৰ সমাৰ কৰি এতিয়া আজৰি হৈছোঁ বুইছা ৷ ”
সৰুধনৰ মাকে পানী এগিলাচ আনি দিয়ে ৷ লগতে তামোলৰ বটাটোও লৈ আহে ৷ পীৰা এখন পাৰি ওচৰতে বহি সৰুধনৰ মাকে তামোল কাটে ৷ যোগেন শইকীয়াই ইখনৰ পাছত সিখন তামোল খায় ৷ সৰুধনৰ মাকে তামোল কাটি ভাগৰি পৰে ৷ ইফালে দুই তিনিঘণ্টাৰ পাছতো উঠি যোৱাৰ নামেই নলয় ৷
বৰুৱা বিচনাৰপৰা উঠি আহে ৷ তেতিয়া ঠিক বাৰটা বাজে ৷ ঘৰলৈ সমবয়সীয়া এজন আহিব আৰু তেওঁ ওলাই নাহিলে বেয়া কথা হ’ব বুলিহে বৰুৱা সদায় ওলাই আহে ৷ কাষৰ চকীখনত বহি হামিয়াই হিকটিয়াই বহি থাকে ৷
যোগেন শইকীয়াই প্ৰায়ে একেবোৰ কথাকে কয় ৷ প্ৰায় দুবছৰমানৰ পৰা যোগেন শইকীয়া বৰুৱাৰ ঘৰৰ নিয়মীয়া আলহী ৷ সৰুধনৰ মাকৰ ভাষাত“ বজ্ৰলেপ” ৷ আলহী দুলহী আহিলেও তেওঁ উঠি নাযায় ৷ সৰুধনৰ মাকে কেতিয়াবা তেওঁক আলহীৰ দৰে ব্যৱহাৰ নকৰোঁ বুলি ভাবে ৷ কিন্তু যোগেন শইকীয়াৰ তালৈ ভ্ৰূক্ষেপ নাই ৷ মুঠতে বাৰাণ্ডাত বহি কথা ফেলফেলাবলৈ পালে তেওঁক একোৱেই নালাগে ৷ কিছুমান কথাত শইকীয়াই অত্যধিক ৰহন সানে , কেতিয়াবা ধেমেলীয়া কথা কৈ হহুৱাবলৈ চেষ্টা কৰে , মুখখন ডাঙৰকৈ মেলি হা হা কৈ হাঁহে ৷ সদায় একেবোৰ কথা শুনি থাকি সৰুধনৰ মাকৰ খং উঠে ৷ যিয়ে হ’লেও অতিথি দেৱ ভৱঃ বুলি সান্ত্বনা লভে ৷ ঘৰৰ বাকী সদস্যবোৰে শইকীয়াৰ অস্তিত্ব অনুভৱেই নকৰে ৷ তেওঁ আহিলে ওলাই অহাৰ প্ৰয়োজনবোধো নকৰে ৷ কাৰণ তেওঁ সদায় আহে ৷
সৰুধনৰ মাকে চাহ একাপ দিবলৈ বুলি পাকঘৰত সোমাই চচ এটাত পানী অলপ দি গেছত বহাই সদায় ভোৰভোৰাই থাকে ৷
“ বুঢ়াৰ কাম বন নাই যে ঘৰত , জঞ্জাল নাই আৰু এটাই মানুহ ! দুপৰীয়াই আহি ওলাবহি ৷ লোকৰো কাম বন নাই বুলি ভাবে ”
চাহ দুকাপ লৈ সৰুধনৰ মাক ওলাই যায় আৰু যোগেন শইকীয়াই কথা কৈয়েই থাকে ৷
“ বুইছে , মই যেতিয়া অমুকত চাকৰি কৰি আছিলোঁ, ছোৱালী চাবলৈ গৈ যিহে লটিঘটি হ’ল ঐ… আমাৰ তেওঁ আকৌ মোক নেদেখাকৈয়ে বিয়া হ’ল নহয় মোৰ সৈতে ৷ বিয়াৰ পিছদিনা ৰাতি শুৱাপাটিতহে দুয়ো দুয়োকে চাইছোঁ…বুইছা ” সেইবুলি তেওঁ হা হা কৈ মুখখন মেলি হাঁহে ৷
কথাৰ মাজতে সৰুধনৰ মাকে চাহ কাপ আগবঢ়াই দিয়ে ৷
এদিন সৰুধনৰ মাকে অতিষ্ঠ হৈ ক’লে , “ বুইছে শইকীয়াদেউ , আপোনাৰ বয়স হৈছে ৷ পাতলীয়া কথা কিছুমান নক’ব ৷ কথা বতৰাত গাম্ভীৰ্য থাকিব লাগে বুইছে ৷ এতিয়া ধৰ্মালোচনা কৰাৰহে বয়স ৷”
যোগেন শইকীয়াই ,“ এৰা পায় ” বুলি বহুত সময় নীৰৱ হৈ থাকে আৰু
“ আজিলৈ যাওঁ দেই সৰুধনৰ মাক” বুলি যায়গৈ ৷
দুদিন তেওঁৰ দেখা দেখি নাথাকে ৷ আহিব বুলি ভাবি বৰুৱা বিচনাত নপৰে ৷ বাৰাণ্ডাতে বহি থাকে ৷ বিচনাত পৰাৰ পাছত উঠিবলৈ তেওঁৰ বৰ এলাহ লাগে , ইফালে নুঠিলেও নহয় ৷ তিনিনম্বৰৰ দিনা যোগেন শইকীয়া নাহে বুলি ভাবি বৰুৱাই দুপৰীয়া বিনদাচ ভগৱানৰ নাম লৈ বিচনাত পৰোতেই “ গৃহস্থ আছেনে ? অ’ সৰুধনৰ মাক কি কৰিছা হয়নে ?” বুলি যোগেন শইকীয়া সোমাই আহে ৷ বৰুৱাই ঘড়ীটোলৈ চায় ঠিক বাৰটা বাজে ৷
দুদিনৰ তেওঁৰ অনুপস্থিতিৰ প্ৰভাৱ ঘৰখনত নপৰা নহয় ৷ দুদিনৰ পাছত তেওঁ যিদিনা আহে সিদিনা ঘৰখনৰ সকলো সদস্যৰ মাজত হাঁহিৰ খুটখুটনি আৰম্ভ হয় ৷ পুনৰ পুৰণি অভিজ্ঞতাৰ বখলা মেলা শইকীয়াৰ কথাবোৰে বৰুৱা বৰুৱানীৰ বাবে বিৰক্তিকৰ কৰি তুলে তেওঁলোকৰ বাৰাণ্ডাখন ৷
হঠাতে এদিন খবৰ আহিল ৷ শইকীয়াৰ এক্সিডেণ্ট হ’ল ৷ ভৰি এটা ভাগিল ৷ তেওঁ আৰু বহুতদিনলৈ ঘুৰা মেলা কৰিব নোৱাৰে ৷ তাতে বুঢ়া মানুহ ৷ টাউনলৈ গৈ থকাৰ পথতে শইকীয়াৰ চাইকেলে এখন স্কুটিৰ সৈতে মুখামুখিকৈ খুন্দা মাৰিলে ৷ স্কুটি চালকৰ গাত বোলে দোষ নাই ৷ তেওঁ ডাক্তৰক ক’লে ,
“ হাই প্ৰেচাৰ থকা মানুহ ৷ চাইকেল চলাই থাকোতেই মূৰটো ঘূৰাই থকা যেন লাগিছিল ৷ চকুৰে জলক তবক দেখিলোঁ হে ৷”
বৰুৱাই তিনিদিনমানৰ পাছত শইকীয়াৰ ঘৰত গৈ খবৰ লৈ আহিল ৷ শইকীয়াই বাৰাণ্ডাতে আৰামী চকী এখনত ভৰিটো দীঘলকৈ মেলি বহি আছিল ৷ সিদিনাও তেওঁ ঢেৰ কথা পাতিলে ৷
সৰুধনৰ মাকে এইকেইদিন ভাতকেইটা খাই বৈ শান্তিৰে বিচনাত পৰিবলৈ সময় পাইছে ৷ কিন্তু , এসপ্তাহ আগতে শইকীয়া বাৰাণ্ডাত বহি কথা পাতি থাকিলে অহা টোপনিটো সৰুধনৰ মাকৰ এইকেইদিন নহা হ’ল ৷ বিচনাত ঘণ্টা ধৰি পৰি থাকিলেও টোপনি নাহে ৷ ইফালে বৰুৱা শুই দিলেই টোপনিত ঢলি পৰে ৷ সৰুধনৰ মাকে ঘড়ীটো চায় ৷ বাৰটা বাজে ৷ তেওঁ বিচনাৰ পৰা উঠি আহে ৷ বাৰাণ্ডাত বহেহি ৷ চোতাললৈ চায় ৷ জেওৰাখন খালী হৈ থাকে ৷ এসপ্তাহ আগৰ দৰে এখন ষ্টেণ্ড নথকা চাইকেল চোতালত নাথাকে , তামোল ভৰ্তি বটাটো টেবুলখনতে থাকে ৷ সৰুধনৰ মাক পাকঘৰলৈ যায় ৷ চাহ একাপ মনে মনে বনায় ৷ আনদিনাৰ দৰে বকি নাথাকে ৷
হঠাতে সৰুধনৰ মাকে পিন্ধি থকা কাপোৰসাজ সলাই বৰুৱাক হেঁচুকি সোধে ,
“ হেৰি , শইকীয়াৰ খবৰ এটা ল’বলৈ যাবনেকি ?”
“ মই কালি গৈ আহিছো , তুমিয়েই যোৱা আজি”
সৰুধনৰ মাকে খোজেৰে শইকীয়াৰ ঘৰলৈ পোনালে ৷ দীঘলীয়া পদুলিটোৰ নঙলা খুলি তেওঁ সোমাই গ’ল ৷
“কিমান দিন এইখন ঘৰলৈ অহা নাই !” তেওঁ ভাবিলে ৷ শইকীয়ানী থাকোতে তেওঁৰ সৈতে নামলৈ পাঠলৈ যাবলৈকে সঘন অহাযোৱা আছিল এইখন ঘৰলৈ ৷ শইকীয়ানীৰ মৃত্যু হোৱা প্ৰায় দুবছৰেই হ’ল ৷ শইকীয়ানীৰ সবাহৰ বাবেই শেষবাৰৰ বাবে এইখন ঘৰলৈ আহিছিল ৷ দীঘল পদুলিটোৰ দুয়োকাষে থকা ফুলগছবোৰ নাই ৷ দুই এজোপা আছে যদিও তেনেই শুকান ৷ বাৰাণ্ডাতে শইকীয়া আৰামী চকী এখনত বহি আছিল ৷ ভৰিটো দীঘলকৈ মেলি থৈছিল ৷ শইকীয়াৰ মুখখন শেঁতা পৰি আছে ৷ কাষতে থকা চাহকাপটোত তেওঁৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছিল ৷
সৰুধনৰ মাক আহি তেওঁক মাত দিলতহে তেওঁ গম পালে ৷
“ আৰে সৰুধনৰ মাক , আহা আহা ৷ বহা ইয়াতে ৷ ভুৱনে কি চাহ বনাইছে চোৱাচোন ৷ চাহ একাপ বনাব নজনা ল’ৰাটো থৈ গ’লহি ইহঁতে ৷”তেওঁ বহি থকা ঠাইতে উচপিচাই উঠিল ৷
ইহঁত বুলি শইকীয়াই পুতেক-বোৱাৰীয়েকৰ কথা ক’লে বুলি সৰুধনৰ মাকে অনুমান কৰি ল’লে ৷
“ ভুৱন , এইফালে বৰমা এগৰাকী আহিছে চাহ তামোল দেহি আহ ৷ সি দিলেহে দিয়া আৰু ৷ আমাৰ তেখেত থকা হ’লে…”
“ হ’ব হ’ব আপুনি সেইবোৰ চিন্তা কৰিব নালাগে ৷ চাহ মই নিজেই বনাও ৰ’ব ” বুলি সৰুধনৰ মাক পাকঘৰৰ ফালে খোজ ল’লে ৷
শইকীয়াই একো নক’লে ৷ কিমানদিন হ’ল ভালকৈ চাহ একাপ খাবলৈ পোৱা নাই শইকীয়াই ৷ সৰুধনৰ মাকে ভিতৰলৈ সোমাই যাওঁতে মন কৰিলে ঘৰখনৰ প্ৰতিটো বস্তু আগতে থোৱাৰ দৰেই আছে , শইকীয়ানী থকাৰ দৰেই ৷ কিন্তু নিস্তেজ হৈ পৰি আছে ,শইকীয়ানীৰ লগে লগে বস্তুবোৰৰো প্ৰাণ নোহোৱা হৈ পৰিল ৷ প্ৰতিটো বস্তুৱেই নিঃসংগতাত ডুব গৈ আছে ৷ সৰুধনৰ মাকে ভাবিলে এনে নিঃসংগতাত পৰিলে তেওঁ বাৰু কি কৰিব ? ঘৰখনত ইমান মানুহ থাকিলেও কেতিয়াবা তেওঁ নিঃসংগ যেন অনুভৱ কৰে ৷ শইকীয়াৰ ঠাইত তেওঁ নিজক কল্পনা কৰি চালে ৷ তেওঁ ভাবিবই নোৱাৰিলে ৷
চাহ দুকাপ বনাই আহি সৰুধনৰ মাকে শইকীয়াক দিলে আৰু নিজে একাপ লৈ বহিল ৷ শইকীয়াই কথা ক’বলৈ আৰম্ভ কৰিলে ৷
“ বুইছা সৰুধনৰ মাক ভৰিটোত এতিয়া বিষ নাই কিন্তু ডাক্তৰে খোজ কাঢ়িবলৈহে সময় লাগিব বুলি কৈছে ৷ তোমালোকৰ ঘৰলৈ ছাগে যাব নোৱাৰিম আৰু ৷ বয়সো হ’ল নহয় আকৌ… ৷”
সৰুধনৰ মাকে শইকীয়াৰ মুখখনলৈ চালে ৷ সৰুধনৰ মাকৰ চকু চলচলীয়া হৈ উঠিল ৷ সংগীবিহীন জীৱন কিমান মৰ্মান্তিক হ’ব পাৰে ! এৰা , এইজন মানুহক নিসংগতাই কোঙা কৰি ৰাখিছে ৷ কিন্তু তেওঁ সেইকথা প্ৰকাশ কৰিবলৈ নিবিচাৰে ৷ অনৰ্গল কথাৰে যেন নিঃসঙ্গতাবোৰক খেদিব খোজে ৷ সৰুধনৰ মাকে নিজকে দোষী দোষী অনুভৱ কৰিলে ৷ এজন নিঃসংগ মানুহে সংগ বিচাৰি তেওঁৰ ঘৰলৈ গৈছিল ৷ কাষত আৰু অনেক মানুহৰ ঘৰ আছে ৷ কিন্তু শইকীয়াই তেওঁলোকৰ ঘৰলৈ যোৱাটোহে পছন্দ কৰিছিল ! এইটো সৰুধনৰ মাকৰ বাবে বৰ্তমান মুহুৰ্তত অপ্ৰিয় সত্য যে এতিয়া আৰু তেওঁ “বজ্ৰলেপ” বুলি ভবা এই মানুহজন কেতিয়াও চাইকেল চলাই তেওঁলোকৰ ঘৰলৈ যাব নোৱাৰিব ! উকা হৈয়েই ৰ’ব চোতালৰ জেওৰাখন আৰু ঘৰৰ বাৰাণ্ডাখন ৷
সৰুধনৰ মাকে এই প্ৰথমবাৰৰ বাবে শইকীয়াৰ কথাবোৰ মন দি শুনিলে , হাঁহিলে , তেওঁৰ ছোৱালী চাবলৈ যোৱাৰ অভিজ্ঞতাৰ কথা নিজেই আগবাঢ়ি সুধিলে ৷ কথাবোৰ কৈ থাকোতে শইকীয়াৰ মুখখন উজ্জ্বল হৈ পৰিছিল আনদিনাতকৈ অধিক উৎসাহেৰে তেওঁ কথাবোৰ বৰ্ণনা কৰিছিল ৷ দুঘণ্টামান থাকি সৰুধনৰ মাক যাবলৈ ওলাই শইকীয়াক ক’লে ,
“ মই গৈ থাকো , গধূলি এখেতক পঠাই দিম ৷ কাইলৈ দিনত আকৌ মই আহিম ৷ মুঠতে , আপুনি আমাৰ ঘৰলৈ যাব নোৱাৰিলে কি হ’ল আমি আহি থাকিম নহয় ৷ ”
সৰুধনৰ মাকে চালে, শইকীয়াৰ মুখখন পোহৰ হৈ পৰিছে ৷ নিঃসংগতাৰ ভয়ত সংগ বিচাৰি ফুৰা মানুহজনে যেন সৰুধনৰ মাকৰ কথাষাৰত বহুখিনি সকাহ পালে…
খুব সুন্দৰ… ভাল লাগিল পঢ়ি ।