….নিতুমণি নাথ….. গুৱাহাটী বিশ্ববিদ্যালয়….
বহাগ তই কিয় আহিলি
লগত আকৌ নাচনী বৰদলৈচিলা
ডালে ডালে কপৌফুল ফুলিল
গছৰ ডালত কুলিটিয়ে বিনাই ক’লে
ঘৰতে থাক, বাহিৰ নোলাবি
বহাগ তই কিয় আহিলি
সৌ সিদিনালৈকে
অসমীয়াই যুঁজি আছিল
জাতি ৰক্ষাৰ যুঁজ
এতিয়া আকৌ জীবন ৰক্ষাৰ যুঁজ
কঁকাল পোনাবই পৰা নাই অ’ হিয়াৰ আমঠু বহাগ
তই কিয় আহিলি
চেনেহীৰ তাঁতৰশালৰ বিহুৱান
চেনাইৰ আচুতীয়া ধন
ডালৰ কপৌফুল ডালতে শুকাই গ’ল
চেনেহীৰ খোপাটিও উকা হৈ ৰ’ল
ঢোল পেঁপা গগনা
গামখাৰু থুৰীয়া
মুগা ৰিহা মেখেলা …..
এইবোৰ আৰু নুলিয়াবি
বৰ আঁহতৰ তলো আজি
উৰুঙা উৰুঙা হ’ল
বহাগ তই কিয় আহিলি
কিয় আহিলি তই
এই ধূসৰ ধৰালৈ ???