….প্ৰাণজিৎ কলিতা…..
…..গুৱাহাটী বিশ্ববিদ্যালয়……
মইতো ভুল কৰা নাছিলো ,
কাৰোবাৰ মৰম প্ৰবঞ্চনাৰ বলি হোৱাৰ ইচ্ছা মোৰ নাছিল ।
মাথো বিচাৰিছিলো কাৰোবাৰ
অন্তৰৰ এচুক ,
ভিজা হৃদয়খন শুকাব পৰা
এডোখৰ ঠাই ,
যান্ত্ৰিক যুদ্ধৰ আঘাতত হোৱা
পোৰণি সহিও ;
জ্বলি জ্বলি শেষ হোৱা আগলৈ
তোমাৰ সান্নিধ্যত বিচাৰিছিলো এবুকু মৰম ।
সৰলতাবিহীন স্বাৰ্থপৰ হৃদয়খন
মোৰ বিশ্বাসৰ কোলাত তুলি নোলোৱা হ’লে ,
আজি মই সমাজৰ চকুত বেশ্যাৰ
ৰূপ ধাৰণ কৰি হাঁহিৰ মালা পিন্ধিব নালাগিলেহেঁতেন ।
জ্ঞানৰ অত্যন্ত পৰিসীমাৰ অধিকাৰী তুমি ,
ব্যক্তিত্ব উজলোৱা মহাপুৰুষ তুমি ,
সমাজৰ স্বাৰ্থত নিজৰ প্ৰেমক
ব্যভিচাৰ কৰিব পৰা পুৰুষ তুমি ,
হৃদয়ৰ অভ্যস্ত কোণত মুৰ গুজি
গোৱা ৰঙীণ সপোনৰ নিচুকণি গীতৰ সুৰ
আজিও মোৰ বুকুত বাজি উঠে ।
নাভাবিবা , মোৰ হৃদয় খন
তোমাৰ মিছা মৰমৰ কঠিনতম
শিলাখণ্ড বুলি ,
হেজাৰ বদনামী হৈও
বেশ্যা বুলি নিজকে চিনাকী দি ;
তুমি দি যোৱা মৰমৰ চিনটো
সমাজৰ বুকুত এদিন সিঁচিমেই
আৰু তাক ক’ম ;
স্বাৰ্থপৰ সমাজখনত স্বাৰ্থপৰ হৈ চলিব শিকিবা ।
এই সমাজখনত মৌনতাৰ সুযোগত তোমাৰ হৃদয় বাৰে বাৰে দহিত হব ,
কিন্তু তুমি ভাঙি নপৰিবা !