বিয়াৰ কইনা

…..নিতুমণি নাথ……গুৱাহাটী বিশ্ববিদ্যালয়……

উলাহ- মালহেৰে বিয়াখন পাতিছে
আলহী অতিথিৰে ভৰা,
নানা ৰং ৰূপেৰে সজালে
কইনাজনীক।
নানা জন আহিছে গৈছে
ব্যস্ততাৰ নাই অন্ত।
পূজিছে সেই দেবীক
আসনত বহুৱাই,
লভিছে আশীষ, নিজৰ বাবে
দেশৰ বাবে নে দহৰ বাবে!!
বিয়া শেষ হ’ল..
ব্যস্ততা কমিল…
কিন্তু
কইনাজনী??
নদীৰ কোৱাল সোঁতত
নে দুৰ্গম পথৰ কাষত
নে গছৰ তলত আশ্রয় ললেহি
য’ত এখন অস্থায়ী চালিও নাই
জিৰাবলৈ! ! !

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *