….প্ৰাণেশ্বৰ শৰ্মা….
আজিকালি মন্দিৰ সমূহৰ থাপনাৰ কাষত বা পুথিপাঠৰ থাপনাৰ কাষত মিঠাতেলৰ যিটো বটল থোৱা দেখা যায়, সেইটো ভালকৈ লক্ষ্য কৰিলে দেখা যাব যে , সেইটো আগতে আছিল এটা মদৰ বটল।কিছুমান ত আকৌ লেবেলখন লগোৱাই থাকে।
বটল সেই একেটাই ।আগতে মদ থকা অৱস্থাত তাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ আছিল, এতিয়া মদৰ পৰিবৰ্তে মিঠাতেল সোমোৱাত থাপনাৰ কাষত স্থান পালে।
মন্দিৰত বহি থাকিলে মই এই কথাটো ভাবো।
বটলৰ এই কথাটোৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰো যে, আমাৰ বাহ্যিক আৱৰণৰ প্ৰত্যক্ষ ভাৱে কোনো চুৱা বা অশুচিতা নাই।আভ্যন্তৰীণ মলিনতাইহে ভিতৰ বাহিৰ দুয়োকে অশুচি কৰি ৰাখে।
আমি যদি নিজৰ কৰ্মৰ দ্বাৰা আনৰ ঘৃণনীয়ও হৈ থাকো, সেই কৰ্ম ত্যাগ কৰিব পাৰো, তেতিয়া মদৰ বটলটোৰ দৰেই ঘৃণাৰ পৰিবৰ্তে মৰমৰ পাত্ৰ হব পাৰো।মনৰ ভিতৰৰ মলিনতাবোৰ ধুই মেলি নিকা কৰিব পাৰিলে দেহৰ চেকা অৱধাৰিত ভাৱেই আতৰি যাব।
মিঠাতেলৰ পাত্ৰত মদ ভৰাই থলে,ফত্কৈ হয়তো ধৰা নপৰিব পাৰে, কিন্তু সাফৰ খোলাৰ লগে লগে তাৰ স্বৰূপ ওলাই পৰিব।তেতিয়া মিঠাতেলৰ পাত্ৰটোকো মানুহে অশুচি জ্ঞান কৰিব।
গতিকে মন্দিৰৰ মদৰ(মিঠাতেল ৰ)বটলটোৱেই আমাক পৰিষ্কাৰ কৰি দিয়ে আত্মা আৰু ভেলৰ শুচিতাৰ কথা।।।।