ভগ্নাংশ

…দীপজ্যোতি বৰা…
অসমীয়া বিভাগ, গুঃ বিঃ…

আজি কেইবাদিন ধৰি মনাই ভালদৰে শুব পৰা নাই, খাব পৰা নাই। সন্ধিয়া তিনিআলিৰ দোকানত বহি আড্ডা মাৰিব পৰা নাই। সকলো সময়তে কিবা এটা চিন্তা কৰি থাকে। সৰুমাইৰো মনটো গোমা। এনেয়ে হোৱা হ’লে পুতেক ঘৰলৈ অহাৰ খবৰ পালেই সৰুমাইৰ গা সাতখন-আঠখন হৈ থাকে। পুতেকক কি খুৱাব, বোৱাৰীয়েকক কাৰ কাৰ ঘৰত ফুৰাবলৈ নিব, নাতিনীয়েকক কি সাধু শুনাব এইবোৰৰ বাদে বেলেগ কোনো চিন্তা সেই দিনকেইটাত সৰুমাইৰ মনলৈ নাহে। পুতেকে ভালপোৱা কচু-ঢেকীয়া বুটলে, নাতিনীজনীৰ কণমানি হাত দুখনত লগাবলৈ জেতুকা পাত চিঙে। জেতুকাৰ ৰং গাঢ় হবলৈ মধুৰীআমৰ কোঁহ, চাহ গছৰ কুমলীয়া পাত আদিও বিচাৰি আনে। মনেশ্বৰে বাধা নিদিয়ে সৰুমাইক। বাধা দিলেও সৰুমাইয়ে শুনিব বুলি মনাইৰ মনে নধৰে।
কিন্তু আজি সেই উৎসাহ নাই, আনন্দ নাই। অৱশ্যে ব্যস্ততা নথকা নহয়। কিন্তু, দুয়োটা ব্যস্ততাৰ একে নহয়।
ৰাতিৰ ভাত সাজ ৰান্ধি হৈছিল হে মাত্ৰ। পুতেক-বোৱাৰীয়েক আহি ঘৰ সোমাল। কণমানিজনীক অনা নাই। কাইলৈ পুৱাই উভতিবই যেতিয়া তাইক অনিনো কিয় কষ্ট দিব লাগে। গুৱাহাটীৰ মোমায়েকৰ ঘৰতে তাইক থৈ আহিছে।
পুতেক বোৱাৰীয়েকে আহিয়ে কিমান বস্তু সামৰিব আছে, তাৰে হিচাপ ল’লে। নোহোৱা খিনি নিজেই কৰাত লাগিল। প্ৰয়োজনীয় বয়-বস্তু সামৰি-সুতৰি শেষ হোৱালৈ ৰাতি এক বাজিল।মনাই আৰু সৰুমাই ইতিমধ্যে শোৱাপাটিত পৰিলগৈ। কিন্তু চকুত টোপনিৰ কোনো চিন-চাপেই নাই।
দুয়োৰে চকুত একেবোৰ কথাকে ভাঁহি আছিল। কিদৰে ঘৰখন নিজ হাতে সজাইছিল, বাৰীখন চকুত লগা কৰিছিল, সেইখন চোতালতে ওমলি জামলি তিনিতাকৈ সন্তান ডাঙৰ হৈছিল। কিন্তু আজি …!
ফ’ৰলেন যুক্ত পথ নিৰ্মাণৰ বাবে কাইলৈ পুৱা তেওঁলোকৰ ঘৰ-বাৰী সকলো ভাঙি দিব। চৰকাৰী আদেশ। ৰাজহুৱা স্বাৰ্থত ৰাস্তাৰ কাষৰ সকলো মানুহেই এক নিৰ্দিষ্ট অংশ এৰি দিব লগীয়া হৈছে। কোনোবাই কমকৈ, কোনোবাই বেছি। কাৰ কিমান মাটি চৰকাৰী খণ্ডলৈ যাব, তাক চৰকাৰী পক্ষই ঠিক কৰিছে। কাৰোবাৰ যদি বাটচৰাটো গৈছে, কাৰোবাৰ কেৱল পদূলিটো। অন্য কাৰোবাৰ আকৌ গোটেই ঘৰখনেই। অৱশ্যে চৰকাৰী পক্ষই সকলোৰে উচিত মূল্য নিৰ্ধাৰণ কৰিছে। মাটি, ঘৰৰ পৰা আৰম্ভ কৰি সাঁচি, তামোললৈকে। প্ৰতিটো বস্তুৰে মূল্য গৰাকীক দিয়া হব।
কিন্তু মনেশ্বৰৰ দৰে হোজা মানুহৰ সেই টকালৈ মোহ নাই। জন্মৰে পৰা আপোন ঘৰখন, চকুৰ সমুখত পুৰঠ হোৱা গছবোৰ, পুৰণি দোকান-ঘৰৰ বাৰাণ্ডাত বহি দেশৰ খবৰৰ পৰা ধৰ্ম-শাস্ত্ৰ, এই সকলোবোৰৰ কত যে আলোচনা…! সেই অতীতক কি টকাৰ দগা-পাল্লাত জুখিব পাৰি?
বেলেগে পাৰিলেও মনাইয়ে নোৱাৰে। গোটেই জীৱন কৰি থকা দোকানৰ খাটা বহীৰ অংকবোৰ কিজানি ইমান জটিল নাছিল !
দোকান ঘৰ…! উফ !
যিখন দোকানৰ টকাৰে মনাইয়ে সংসাৰ কৰিলে, দুজনী জীয়েকক উচিত হাতত গতালে, পুতেকক বৰ মানুহ কৰিলে; তাত বহি বহিযেই মনাই ডেকাৰ পৰা বুঢ়া হল। দেউতাকৰ পৰা ককাক হল। আজি সেই দোকান ঘৰটো ভঙাৰ কথা ভাবি মনাইৰ বুকুখন কঁপি নুঠিলে, তাৰ নিজৰে কাঠ-চিতীয়া যেন লাগিব।
মনাইৰ দেউতাক ভোলাৰামৰ দোকানখনেই এটা সময়ৰ অঞ্চলটোৰ একমাত্ৰ দোকান আছিল; যত নিত্য প্ৰয়োজনীয় সকলো বস্তুৱেই উপলব্ধ। ভোলা দোকানী বুলিয়েই তেওঁক সকলোৰে চিনাকি। মনাইহঁতৰো চিনাকি সেই নামেৰেই। এটা সময়ত দোকানখন গাঁও পঞ্চায়তৰ অনুমোদিত সুলভ মূল্যৰ দোকান হল। ভোলা দোকানীৰ খ্যাতিও বাঢ়িল। কৰিব পৰা হোৱাৰে পৰা মনাইও দোকান খনৰ লগত লাগি থকা হল। এইবোৰ কেইবা দশক পুৰণি কথা।
দেউতাকৰ পাছত ভায়েকক খেতি মাটিখিনি এৰি দি দোকানখন মনায়েই ললে। মাটি কম হলেও ঘাইপথৰ কাষৰ মাটিৰ দাম বেছি। চুবুৰীয়াই আহি বুজাই গল বহু কথা, যিবোৰ কথা মনাইৰ মূৰৰ ওপৰেদি গৈছিল। দোকানখনৰ লগতে তিনি কঠামান মাটি। ঘৰ এটা সাজি তাতে থাকিব পাৰিব, সৰুমাইৰ লগত। তাৰ বাহিৰে একো ভবা নাছিল মনাইয়ে।
লাহে লাহে বাঁহ-কাঠৰ দোকানখন পকী হৈছিল। ঘৰখনো নকৈ সাজিছিল। বাৰীত লাগনি গছ, চোতালৰ একাষত ফুলি উঠা কণমানি ফুল, চোতালত তিনিটা সন্তানৰ হাই উৰুমি, দোকান-ঘৰৰ বাৰাণ্ডাত সময়ে সময়ে আড্ডা― এইবোৰকে লৈ মনাই সুখেৰে আছিল।
কিন্তু যোৱা মাহত অহা চৰকাৰী চিঠিখনে সব ওলট-পালট কৰি দিলে। অৱশ্যে, খবৰটো তাৰ কিছুদিন আগতেই ঘুনুক-ঘানাকৈ নুশুনাকৈ নাছিল। কিন্তু শুনিও আওকাণ কৰি আছিল কথাবোৰ। মনাইৰ বিশ্বাস নহয়, যে ইমান মানুহৰ শিপা চৰকাৰে একেলগে উভালি পেলাব পাৰে। ইমানবোৰ ঘৰ ভাঙিব পাৰে, গছ কাটিব পাৰে !
বিশ্বাস নকৰাকৈয়ে ঘটনাবোৰ ঘটি গল। আজীৱন যোৰহাটত থাকি মনাই মৰিবলৈ গুৱাহাটীলৈ যাব। মনাইৰ দুখৰ কথা জানি ভায়েকে তাৰ মাটিতে ঘৰ এটা সাজি লোৱাৰ কথা কৈছিল। কিন্তু পুতেক আঁকোৰ গোজ। আকৌ এটা ঘৰ সজা নহব। মাক-দেউতাক তাৰ লগত গুৱাহাটীলৈ যাব। সি আৰু বাৰে বাৰে যোৰহাটলৈ আহি থাকিব নোৱাৰে। ইয়াত বাকী থকা মাটিখিনিত এলানি দোকান সাজি ভাড়ালৈ দিব। তাত এখন হোটেলো থাকিব। সকলো ঠিক কৰা হৈছে। নাথাকে মাথোঁ মনাই!
মনাই–সৰুমাই মহানগৰীৰ ফ্লেটত থাকিব। কাৰ লগত আড্ডা মাৰিব মনাইয়ে, ধৰ্মৰ কথা পাতিব ? সৰুমাইয়ে গুৱাহাটীত কত ঢেকীয়া বুটলিব কোন যাব মনাই মৰাৰ খবৰ লবলৈ সেই গুৱাহাটীলৈ ! সহোদৰ ভায়েক ভনীয়েক কেতিয়াও কিজানি যাব নোৱাৰিব। ইয়াত থকা হলে অন্ততঃ মৰিশালীত দেউতাকৰ কাষতে শুব পাৰিলে হয় !
কথাবোৰ ভাবি ভাবি মনাই অৱশ হৈ পৰিল!

হঠাৎ চকু চাট মৰা এচাটি পোহৰ।
পোহৰ হল!
খিৰিকীখনৰ ওচৰত পুতেক। বাহিৰত ৰদ বাৰুকৈয়ে ওলাইছে। বেলি মূৰৰ ওপৰ পাওঁ পাওঁ হল। ৰাতি কিমান পৰত মনাইৰ টোপনি আহিল, তাৰ মনত নাই। কাষত সৰুমাই নাই। হয়তো কেতিয়াবাই উঠি গৈছে। অন্যদিনা হোৱা হলে সৰুমাইয়ে মনাইক শোৱাপাটিৰ পৰা সাত বজাৰ আগতেই উঠাই দিলে হয়। কিন্তু মুখেৰে এটা শব্দ উচ্চাৰণ নকৰিলেও সৰুমাইয়ে বুজে মনাইৰ মনৰ বেথা।
বাহিৰত এটা ঘৰঘৰীয়া শব্দ।
মনাই খৰধৰকৈ বাহিৰলৈ ওলাই গল। তিনিআলিৰ প্ৰায়কেইখন দোকানৰ অস্তিত্ব শূন্য কৰি জে.চি.বি.খন ইতিমধ্যে মনাইৰ পদূলি পালেহি। কোনো বিৰাটকায় অসুৰে মনাইক গুৰি কৰি দিয়াৰ দৰে কেই মুহূৰ্তমান সময়তে পুৰণি দোকান-ঘৰটো ভাঙি জে চি বি খন ওলাই গল। মনাইও আগবাঢ়ি দোকান ঘৰৰ অৱশিষ্টখিনিক এবাৰ ভালদৰে চালে। ইটাত দুটা সৰু সৰু ভগা টুকুৰা হাতৰ তলুৱাত তুলি মনাইয়ে আকাশলৈ চালে, যেন সেয়া মাত্ৰ ইটাৰ টুকুৰা নহয়, খহি পৰা পপীয়া তৰাৰ ভগ্নাংশ !!

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *