বেদনা

……প্ৰাণজিৎ কলিতা…..

উকা কাপোৰযোৰ পিন্ধি
মূৰত হাত থৈ গোমোথা মাৰি
বহি থকা মোৰ চিতাৰ কাষত
তোমাক দেখি আজি মোৰ ভাল লাগিছিল ।।
আকৌ যেন এবাৰ ঘুৰি গৈছিলো
তোমাৰ সৈতে হাতত হাত ধৰি
নৈ পাৰে পাৰে ঘুৰি ফুৰা সেই
ৰাঙলী আভাষৰ সূৰ্য্যদোয় আৰু সূৰ্য্যস্তৰ সময়কন লৈ ।।
চিতাত জ্বলি থকা জুইকুৰালৈ চাই
তুমি যে কান্দি কান্দি সেৱা জনাই
ঘিউ ঢালিছা মনত পৰিছে আকৌ এবাৰ ।।
সেই দিনাও তুমি কান্দি কান্দি ঘিউ ঢালিছিলা কিন্তু সেয়া চিতাৰ জুই নাছিল পবিত্ৰ হোমৰ জুইহে আছিল আৰু
তুমি যে কান্দিছিলা মোৰ মৃত্যুৰ বাবে নহয় ;
মৰম, আদৰ সকলো নেওচি মোৰ কাষলৈ চিৰদিনলৈ অহাৰ বাবে ।।
সম্পূৰ্ণ উকা কাপোৰ যোৰেৰে আজিও তোমাক ধুনীয়া দেখিছে,
সেই পাটৰ সাজযোৰত যিমান ধুনীয়া লাগিছিল ।।
এদিনৰ ফুলসয্যা বিচনাৰ স্বপ্ন মধুৰ নিশাবোৰ আজিৰ পৰা
কলাত্মক বেদনাৰ তিক্ত মধুৰ
ঘোৰ অন্ধকাৰ নিশালৈ পৰিণত হ’ব ।।
ক্ষমা কৰিবা;
সপোনৰ ৰঙবোৰ আঁকি দিব নোৱাৰিলো !
বৰঞ্চ ৰঙা ৰঙবোৰ আঁতৰাই হে আনিলো তোমাৰ কপালৰ পৰা ।।
দূখ নকৰিবা;
সমাজৰ ব্যাধিবোৰ প্ৰতিপালন কৰিও
সামান্য ৰঙ সানি লবা তোমাৰ জীৱনত,
সম্পূৰ্ণ উকাবোৰে মোক বৰকৈ আমনি কৰিব ও ।।

 

Share কৰক:

1 Comment

  1. সুন্দৰ

Leave a Reply

Your email address will not be published. Required fields are marked *