…….মুনমী পাঠক……
বেজেৰুৱা এজাৰৰ কাষেৰে পাৰ হোৱা
কোন হেৰ’ ভাগৰুৱা তই?
খহি ফুটু ফুটু হোৱা চেণ্ডেলৰ সাচতে
আলিবাটৰ বুকুৱেদি ধূলি উৰুৱাই যোৱা
কোন বাটৰুৱা তই?
জোলোঙাটোত বাজি থকা
মুঠি মুঠিকে বান্ধি অনা স্মৃতিক
শুনাই যাচোন এবাৰ।
ৰ’দ-বতাহ-বেলিৰ দৃষ্টিৰ লুনীয়া উপহাৰ
ক’ত ৰাখিবি বাৰু তই?
ৰৈ যা ক্ষন্তেক..!
আবেলিৰ পথাৰত বলা প্ৰেমৰ ছবি
সাঁথৰ হৈ জিলিকিছে আজি।
পোহৰ আন্ধাৰ হৈ যাবলৈ ধৰিছে।
সম্মুখত সপোনৰ শ্মশান
ৰৈ আছে থৰ হৈ।
য’ত প্ৰত্যেক দিনাই মৃত্যু হয়;
প্ৰত্যেক দিনাই জ্বলিবলৈ চিতাত বহে একোখনকৈ হৃদয়।
মৌনতা সাঙুৰি জ্বলে দপদপাই।
নুমাবলৈ নাথাকে চণ্ডাল।
হেৰ’ ভাগৰক থৈ যা আঁহত জোপাৰ তলতে
ছাঁ বোৰ হেৰাব এতিয়া।
তথাপিও ভয় নাই তোৰ।
বাটৰ উজুতিয়ে শিকায় তোক সহিবলৈ।
বাটৰ অচিনাই দিয়ে বিশ্বাস।
পুৱাৰ বেলিটোই কয় মাথো আগবাঢ়িবলৈ।