বাৰ্তালাপ

…..প্ৰিয়ংকা বেজবৰুৱা…..

আজিকালি একোৱেই মনত নাথাকে
ভাল নলগা কথাবোৰ;
আনকি, ভাল লগাবোৰো।

এই যে আমি মুখামুখিকৈ বহি কথা পাতোঁ‌
ক্ষন্তেকতে পাহৰি যাওঁ‌ সকলো।
কিমান যে আমাৰ কথা …

তুমি অনৰ্গল কৈ গ’লা
ৰং, বতাহ, আকাশ, নদী।
মই ৰ’ লাগি চাই ৰ’লো
(কথাবোৰ মনত ৰাখিবলৈ ইমান যে দিগদাৰ!)
ৰ’বাচোন;
অকমাণ আগত তুমি মোক
ভালপাওঁ‌ বুলি ক’লা নেকি?

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *