বাপু আকৌ এবাৰ মাত

…..প্ৰাণজিৎ কলিতা….
……গুৱাহাটী বিশ্ববিদ্যালয়……

জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে ( শুভ গান্ধী জয়ন্তী )

বাপু বাপু
মাত এবাৰ বাপু ।
অতিষ্ঠৰ কোলাত তুলি ৰং চোৱাৰ ;
হেঁপাহ কমা নাই বাপু ,
জাতিৰ পিতা
জাতিৰ ৰক্ষক
জাতিৰ সপোন বাপু
আজিচোন সকলো শেষ ,
তথাপি বাপু মৌন ,
নিৰৱতা নিৰবচ্ছিন্নৰ সাজ পিন্ধি
কাৰ অপেক্ষাত বৰ্তী বাপু
তুমিয়েতো কৈছিলা ;
অহিংসাৰ কথা
তুমিয়েতো শিকাইছিলা ;
সত্যতাৰ পিছত দৌৰি নিজৰ
কৰ্ম কৰিবলৈ ।
দুৰ্নীতি অন্যায়ৰ ধোঁৱাৰে ধূসৰিত
আজিৰ আকাশ
ধুলিময় প্ৰকৃতিৰ প্ৰতীক ।
দেশৰ ভিতৰতে ইংৰাজৰ গড়;
জাতিৰ নায়ক জাতিৰ বিক্ৰেতা।
সংগ্ৰাম
বিনিময় বেহাৰ পৰিকল্পিত যোজনা ,
মৃত্যু স্বাভাবিক
কিশোৰীৰ চিঞৰ
হিয়াভগা মাতৃৰ কান্দোন
শুনা নাই বাপু ;
আমি অস্থিৰ দুৰ্ভগীয়া
মমবাতিৰ পোহৰত ন্যায় বিচাৰিছো বাপু
অহিংসা ধোঁৱাচাঙত
সত্যৰ কোলাত টোপনি
মাতৃৰ বুকুত কঠোৰ কুঠাৰৰ ঘাঁ
আন্ধাৰত বাৰে বাৰে উজুটি
খাইছে
জাতিৰ নিৰপেক্ষ সূচনা ।
হত্যাৰ কিৰিলি
তথাপি বাপু নিমাত ;
উপদ্ৰবত অতিষ্ঠ হৈ প্ৰকৃতিও
সলায় নিয়ম
ৰাজনৈতিক আৰ্দশত ৰক্ত নৈ প্ৰৱাহিত
আন্দোলনৰ সমাধিত সৃষ্টি
প্ৰতিটো পদত বিনিয়োগ
নাথাকিবো যেন দেশৰ ভবিষ্যত্ ।
আতংক দুৰ্ভিক্ষ
বাপু মাত এবাৰ বাপু
সুৰক্ষাৰ স্বাৰ্থত বাপু
দাণ্ডি যাত্রা
আন্দোলন অহিংসা
সংবিধানৰ নিয়ম
ঐক্যৰ এনাজৰীৰ কথা ।
আকৌ এবাৰ মনত পেলাই দিয়া বাপু ।
বাপু মাত এবাৰ
আকৌ এবাৰ মাত বাপু ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *