বালিচাপৰি

…..মিৰ্জা হাছান…..

সৰুসুৰা মানুহ,নৈ খনৰ সিপাৰে লুঙলুঙীয়া বাটতোৰে প্ৰায়েই অহা যোৱা কৰে মানুহবোৰে,বহাগ মাহৰ কিনকিনিয়া বৰষুন জাকত যেন ৰাস্তাতো বোকাময় হব ধৰিছে…এনেদৰেই চলি যায় গাঁওখনৰ প্ৰায়ভাগ লোকৰেই আহ যাহ… দুই এটা  চহকী পৰিয়ালক বাদে প্ৰায় সংখ্যকেই দৰিদ্ৰ… নৈপৰীয়া জীৱন যুঁজত প্ৰত্যেকেই এজন এজন যুঁজাৰু… দিনতো সামৰি নৈ পাৰ এৰি ঘৰমুৱা মানুহ বোৰৰ মুখত পৰা শেওতাই যেন প্ৰমান কৰে তেওঁলোক একো একোজন ভিক্ষুক…বেলি ডুবু ডুবু পৰত দিনতো ভিক্ষা খুজি ঘৰমুৱা হয় এক নতুন সপোন লৈ…দিনবোৰ গুছি যায়,আশাবোৰ বাঢ়ি যায়,আৰ্তনাদ আহি যায়…কেইদিন মানৰ পৰা নৈখন উফন্দি উঠিছে, খহনিয়াই নিছে ইঘৰৰ পিছত সিঘৰ মানুহ…হাহাকাৰ পৰিয়াল বোৰৰ মাজত যেন উটি যোৱাৰ উপক্ৰম বাঢ়িছে…
গাঁওখন আজি শুন্যতাই আৱৰি ধৰিছে …কেতিয়াবা মৰুৰ বালি চাপৰিত লিখিব খোজে তাত বাস কৰা জীয়াল কাহিনীৰ চৰিত্ৰবোৰ…বৰ্তমান কেৱল বালিৰে ঢাক খোৱা ই এখন বালিচাপৰি…!!!!

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *