…..ৰাজু চেতিয়া ফুকন…..
কালি দিনটোত বাঘজান ত্ৰেজেডি ।ইয়াৰ আগতে আমি দেখিছোঁ যে হঠাৎ নামনিৰ সোৱণশিৰী নদীবান্ধ প্ৰকল্পত চপৰা-চপৰে ৱাল খহিছে।তাৰ আগতে সৰ্বভাৰতীয় স্তৰত দেখা যায় যে ডাঙৰ ডাঙৰ দুৰ্যোগবোৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ ডাৱৰ বিস্ফোৰণ।ভূপালৰ গেছ দুৰ্ঘটনা ।কেৰেলা বানৰ কথা সকলোৱে জানেই ৷যাৰ বাবে আমি সকলোৱে এদিন চকুলো টুকিছিলোঁ।তাৰ কাৰণো আছিল নদীবান্ধ।এই যে সম্পদৰ লগত লুণ্ঠনৰ অত্যাচাৰ,এই অত্যাচাৰে আকৌ যে শ্ৰমজীৱী বা নিম্ন মধ্যবিত্ত মানুহক আক্ৰমণ কৰাত পুঁজি আৰু জাতীয়তাবাদী চিন্তাৰ আন্দোলনৰ উকমুকুনি ঘটাব পৰাটোহে এই সময়ত ভাৰতৰ প্ৰতিটো গণতান্ত্ৰিক আন্দোলনত বিশ্বাস কৰা প্ৰত্যেকজন কৰ্মীৰ মূল দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত।এতিয়া আপোনালোকে মোক ক’ব যে মই বুদ্ধিজীৱীৰ দৰে কথা কৈছোঁ, আচলতে এই সময়ত আমি কি কৰিব লাগিব?
কথাটো এনেকুৱা নহয় যে আপোনালোকে ক’ব কেৰেলা কথাটো আজি আমি কিয় আলোচনা কৰা নাই।কেৰেলা বান্ধ কিয় প্ৰাসংগিক হোৱা নাই ?উত্তৰপ্ৰদেশৰ বান্ধটোৰ কথা কিয় অহা নাই?গোলাঘাটত যে বানপানী হৈছিল।এটা সৰু ডেমৰ কাৰণে।সেই কথাবোৰো আছে।
আমি ভাবিছোঁ সম্পদৰ সঠিক ব্যৱহাৰ আৰু সম্পদৰ লগত জনতাক সম্পৰ্ক কৰিব পৰা কথাটোহে বৰ্তমান সময়ত প্ৰাসংগিক প্ৰশ্ন।কিয় আজি সম্পদৰ লগত জনতাক সম্পৰ্কিত কৰিব পৰা নাই?কিয় ONGC য়ে আমাৰ পৰা তেল লৈ যোৱা পিছতো কেৱল আমি ৰাস্তাটোৰ ডিমান কৰাতে সীমাবদ্ধ থাকোঁ।ONGC ,OIL আদিয়ে আমাৰ পৰা তেল নি থাকিব আৰু আমাৰ শেষ ডিমানটো হৈছে মথাউৰি আৰু ৰাস্তাৰ নিৰ্মাণ। তেওঁলোকে ব্লক দি ৰাস্তাটো বনাই দিব!অসমীয়াৰ কি এয়াই প্ৰাপ্য নেকি?তেওঁলোকে স্কুলখনত ১০খন দেক্স-বেঞ্চ দিব।ইয়াতে আমি অসমীয়াই সুখী হৈ থাকিম?কেৱল এয়াই আমাৰ প্ৰাপ্য নেকি ?ইয়াৰ বাবেই আমি জীয়াই আছোঁ নেকি?আচলতে আমাৰ প্ৰাপ্যবোৰ বেলেগ আছিল।প্ৰশ্নবোৰ বেলেগ আছিল।যিবোৰ প্ৰশ্ন পৰাগ দাসে কৰিছিল।যাৰ বাবে ৰাষ্ট্ৰদ্ৰোহী খিতাপ লাভ কৰিছিল।সেই প্ৰশ্নবোৰৰ প্ৰাসংগিকতা এটা পৰ্যায়ত আমি হেৰুৱাই পেলাইছোঁ।ৱেভ আন্দোলনকাৰীলৈ আমি পৰিবৰ্তন হৈছোঁ।যিটো আচলতে অসমীয়া জাতীয়তাবাদলৈ হওক বা সৰ্বভাৰতীয় জাতীয়তাবাদী আন্দোলনৰ লগতে অসমৰ আঞ্চলিক জাতীয়তাবাদী লৈ এটা বৃহৎ প্ৰত্যাহ্বান।এই চিন্তাবোৰ যদি আমি পুঁজি,সম্পদ, মানুহ আৰু প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ কথা যদি আনিব নোখোজোঁ,পানী-মাছ সম্পদ আৰু উৎপাদনৰ লগত এই প্ৰশ্নবোৰ আনিব নোখোজোঁ।হয়তো প্ৰতি বছৰে বছৰে আজি বাঘজান কাইলৈ গেলেকি, দুলিয়াজান, লখিমপুৰ নদীবান্ধ,কেৰেলা বানপানী আৰু হয়তো ক’ৰবাত ফুটু ফুটু অৱস্থাত থকাবোৰ আমি এতিয়াও দেখা নাই।এই সময়ত আমি বিশ্বাস কৰিছোঁ,আঞ্চলিক জাতীয়তাবাদৰ প্ৰয়োজনীয়তা প্ৰত্যেকখন দেশতে প্ৰত্যেকখন ৰাজ্যতে আহি পৰিছে।সৰ্বভাৰতীয় জাতীয়তাবাদে দেশৰ সংবিধানক বচোৱাৰ বিপৰীতে আঞ্চলিক জাতীয়তাবাদে জাতীয় প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব লাগিব।বিহাৰত যিধৰণে বান আহে।বিহাৰৰ ষ্টাইলত আমি বানৰ সমস্যা সমাধান কৰিব নোৱাৰোঁ।আমাৰ ইয়াত হোৱা তেলৰ দুৰ্যোগটো গুজৰাটত হোৱা হলে অলপ বেলেগ হ’লহেঁতেন।কিয়নো স্থান-কাল-পাত্ৰ নিৰ্বিশেষে গঠনমূলক আন্দোলনটো বেলেগ হব লাগিব।সেই কথাটো প্ৰত্যেকজন ৰাজনৈতিক তাত্বিক বা প্ৰতিজন বুদ্ধিজীৱীয়ে হওক বা প্ৰতিজন গণ আন্দোলনৰ লগত জড়িত নেতৃত্বই আকৌ এবাৰ চালি জাৰি এই কথাটো চিন্তা নকৰিলে।এনে বহু ঘটনা সাক্ষী হব লাগিব। আমি কওঁ বাঘজান বা অন্যান্য হয়তো বহুতো এতিয়াও গৰ্ভৱতী হৈ আছে।কেতিয়াবা তেওঁলোকে গৰ্ভস্থৰ পৰা ওলাই আহি তেজেৰে লুতুৰি পুতুৰী হ’ব।তেতিয়াৰ বাবে আমি কান্দিবলৈ সাজু হ’ব লাগিব।এতিয়াও হয়তো বাঘজানৰ দৰে অসমৰ চুকে কোণে তেনে ভয়ংকৰ অগ্নিকাণ্ড গৰ্ভস্থ হৈ আছে আৰু কোনদিনা সেই গৰ্ভস্থৰ পৰা ওলাই আহি সকলো তেজেৰে ৰাঙলী কৰিব আমি সেইদিনটোলৈ এতিয়া বাট চাব লাগিব।
ৰাজু চেতিয়া ফুকন।
বৈদেশিক ভাষা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়।
৯৩৬৫৬১৩২২৩