…..ডাঃ আজিমুদ্দিন আহমেদ…… কিমাননো গাঠিম সপোনৰ সেই নিবিড় মালাধাৰী মুহূৰ্ততে হেৰাব খোজে মোৰ বিমূৰ্ত নিশাতি,, পাৰভাঙি যাব খোজা মোৰ দুখৰ ৰাতি সপোন সপোন লগা তাহানিৰ সোৱৰনী আজি ধূৱলী কূৱলী,, বাজি উঠে আজিও শব্দৰ শিয়নী বুৰঞ্জী পাতৰ নষ্টালজিয়া খিনি চিঞঁৰি চিঞঁৰি কান্দে হৃদয়ে আজি কত ? কত হেৰুৱালো মোৰ প্ৰেমৰ উদ্দিপ্তContinue Reading

…..মনোৰঞ্জন দত্ত…. ….Research Scholar…. Department of Bioengineering & Technology …..Gauhati University…. কৃষ্ণচূড়া দেশৰ কথা….. ছন্দময় আকাশৰ তলসৰা কথা | ; শুনিবা ??? এজাক চিঞৰ – এটোপোলা কথা (?) পুৱালি পুৱাতে, দিনটোৰ কামবোৰ এহাতে থৈ ব্যস্ততাৰ চাকনৈয়াৰ অজুহাত লৈ, এই চহৰৰ বুকুৱেদি এখোজ – দুখোজ ?? নীৰৱ শীতল আৱেলিতে, উশাহ সৰাContinue Reading

…….মনিষা ডেকা…… প্ৰজাপতি পদানৰ ৰজনীৰ ৰাজ্ঞীত ফুলিল দৰদী হাঁহি মন নীৰদৰ ৰঙা ওৰণি গুচাই‌ কোনেনো বজালে বাহীঁ! ধবল প্ৰত্যুষৰ আসল মৰমত হেম বৰণীয়া কাতৰ অনঙ্গ মনৰ ভালপোৱাৰ সীৰলুত শুনিলো ৰাগ প্ৰিয় মাতৰ…Continue Reading

…..নিশামণি ডেকা…… মৰমৰ প্ৰিয়তম মৰম লবা। সকলোবোৰ তোমাৰেই যদিও খুলি দেখোৱাৰ প্ৰয়োজনীয়তা মাজে মাজে অনুভৱ কৰো,সেয়ে হিয়া বিয়পি থকা অবুজ-বুজনৰ অভিমানৰ টোপালাবোৰো মৰম হিচাপে গ্ৰহণ কৰিবদেই ।কুশলে আছা বুলি হৃদয় আৰু মস্তিষ্ক জ্ঞাত যদিও সদায় নেদেখা জনৰ ওচৰত হাত যোৰ কৰিব বাধ্য, তোমাৰ আশু আৰোগ্য কামনাৰ বাবে অভিমান হলেও।ইশ্বৰৰে যেনContinue Reading

…..অনুবাদক : দীপজ্যোতি বৰা…. …..অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়….. (১) বৰদান ঐশ্বৰ্যৰ ছাঁত থোৱা স্বৰ্ণ সিংহাসনত বহি থাকে এজনী গৰ্ভৱতী, দৃষ্টিত ক্ষুব্ধতাৰ এখন পথাৰ লৈ ঈশ্বৰক মাগে মাথোঁ এটাই বৰদান, পাষাণ হওক তাইৰ গৰ্ভৰ সন্তান! (২) নৈশব্দৰ সিপাৰে গছজোপা নিশব্দে আছে মৌন হৈ আছে ডালৰ কপৌজনী, সেই মৌনতাই জানো বসন্তক আদৰিবContinue Reading

…..অজিতা দাস….. শব্দবোৰ শিপাই ; হৃদয়ৰ গভীৰতালৈ, আঘাত কৰে আৱেগক। হীনমান্যতাই আৱৰি ধৰে, প্ৰশ্ন জাগে ….. কিয় প্ৰাধান্য দিওঁ আমি আনক? যাৰ বাবে হেৰাই পেলাওঁ নিজক, নিজৰ আত্ম-সন্মানক। প্ৰেম – ভালপোৱাবোৰ, হয়তো তেনেকুৱাই, যিয়ে প্ৰতাৰণা কৰে তাকে খেদি খেদি যায়।।Continue Reading

……মিৰ্জা হাছান…… ভালকৈ আজিও চাইকেল খন চলাব নাজানো জানা,কিন্তু তোমাক বহুৱাই লৈ মানালি যোৱাৰ হেপাঁহ,, আৰ্থিক দীনতাই কোঙা কৰা সপোন বোৰ বুকুত বান্ধিয়েই যেনিবা কল্পনাৰ সাগৰত ডুবি যাঁও,দৰিদ্ৰতা মাথো নামহে মাত্ৰ,চ’ত মহীয়া বৰদৈচিলাই উদং কৰি যোৱা খেৰৰ জুপুৰিতোত আৰু কিমান সপোন দেখিম। দিন হাজিৰা কৰি পোহপাল দিয়া দেউতাৰ কপালৰ কেচাContinue Reading

….হেমন্ত ফুকন…. …..হায়দৰাবাদ বিশ্ববিদ্যালয়…… নিগৰি অহা চকুলো কিদৰে বাধা দিও? আৱেগৰ বৈ যোৱা এখন নদী, নদীৰ সিপাৰে সূৰ্য্যাস্তৰ হেঙূলীয়া বিষাদ। ৰাতিবোৰ বৰ জটিল। পাৰ নোহোৱা সময় আৰু দুখবোৰৰ শেষ নোহোৱা বিদ্বেষ। দিনবোৰ বৰ কঠিন। পোৱা নোপোৱাৰ, বুজা নুবুজাৰ, ধোঁৱা আৰু ধূলিৰ অৱশেষ। এজাক বৰষুণৰ অপেক্ষা অন্তহীন। যেন ধুৱাই লৈ যাবContinue Reading

…..পুনম নাথ……. অই নৈৠ মই যাওঁ। ক’ত যাৱ বন্যা এই ৰ’দখনত।? আহো ক্লাছৰ পৰা..আইডলৰ ক্লাছ চলি আছে। তই নাযাৱ নেকি নাযাওঁ আজি গাইডে নালাগে ক’লে। বাৰ বাজিলেই চোন তই কি কৰিবি নো গৈ। এহ এটা ক্লাছ কৰিম আৰু শুন আহোঁতে দেৰি হব পাৰে মোৰ কাম আছে.. বন্যা তই নামতহে এডমিশ্যনContinue Reading

 ….নিতুমণি নাথ….. গুৱাহাটী বিশ্ববিদ্যালয়…. বহাগ তই কিয় আহিলি লগত আকৌ নাচনী বৰদলৈচিলা ডালে ডালে কপৌফুল ফুলিল গছৰ ডালত কুলিটিয়ে বিনাই ক’লে ঘৰতে থাক, বাহিৰ নোলাবি বহাগ তই কিয় আহিলি সৌ সিদিনালৈকে অসমীয়াই যুঁজি আছিল জাতি ৰক্ষাৰ যুঁজ এতিয়া আকৌ জীবন ৰক্ষাৰ যুঁজ কঁকাল পোনাবই পৰা নাই অ’ হিয়াৰ আমঠু বহাগContinue Reading