আত্মহত্যা

……প্ৰাণজিৎ কলিতা….

সেইদিনা জেঠ মাহৰ ২৫ তাৰিখ , পূৰ্ণিমা ; গাওঁৰ নামঘৰত ভকতসকলে কীৰ্ত্তন পঢ়িব । নীতি আৰু পৰম্পৰা অনুসৰি হৰেশ্বৰকাই নামঘৰলৈ শৰাই নিব লাগিব । হৰেশ্বৰকাইৰ ঘৈণীয়েকে গধূলি নহঁওতেই মাহ-প্ৰসাদ ধুই শৰাইৰ সকলো যা- যোগাৰ কৰি থৈছে , কিন্তু আজি ইমান দেৰি হ’ল হৰেশ্বৰকাই বেপাৰৰ পৰা আহি পোৱা নাই । অথচ , ৰাতিপুৱা ওলাই যাওঁতে ঘৈণীয়েকে কৈ পঠাইছে ” নামঘৰলৈ যাব লাগিব বুলি ” । এইফালে নামঘৰত দবা কোবাইছে , ভকতসকল আহিলেই । উপায় নাপাই সিহঁতৰ সৰু ল’ৰাটোৱে শৰাইখন লৈ গ’ল । কিছুসময় পিছত মদ্যপানৰ নিচাত মগ্ন হৈ হৰেশ্বকাই ঢলং পলং কৈ চাইকেল খনৰ সৈতে ঘৰত সোমাল । দূখ আৰু বেজাৰত অতিষ্ঠ হৈ ঘৈণীয়েকে অকথ্য ভাষাৰে হৰেশ্বকাইক গালি পাৰিলে ; কিন্তু সেয়াই যে ঘৈণীয়েকৰ জীৱনৰ মধুৰ সপোনৰ ৰংবোৰ কাঢ়ি নিব তাই ভবা নাছিলে । হৰেশ্বৰকাই মনে মনে গৈ বাৰীৰ পিছফালৰ আম জোপাত চিপ্ জৰী লৈ ওলমি থাকিল । গাওঁখনৰ চাৰিওফালে হুৱা দুৱা লাগিলে , ভকতসকলেও কীৰ্ত্তন পাঠ আধাতে সামৰি ল’ৰাজনক ঘৰলৈ লৈ আহি সকলোৱে হৰেশ্বৰকাইৰ সৎকাৰৰ ব্যবস্হা কৰিব ধৰিলে ।

প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *