…. নৱজ্যোতি বৰ্মন…..
অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়….
হাজাৰ হাজাৰ শতিকাৰ পিছত
পৃথিৱীৰ চকুপানীত বৈ যোৱা শব্দবোৰ
কৰে পৰা আহিলি ,কিয়নো আহিলি
মৰিশালীৰ নির্জনতাত পাৰ হোৱা দুঃ সময়।
তেওঁলোকৰো হৃদয় আছিল
আছিল জীৱন জীয়াৰ বাসনা
কিয় মাৰিলি সিহঁতক ,
উদং কৰি মাতৃৰ বুকু
ভুগিছো তাৰেই অভিশাপ।
পৃথিৱী,মংগল নে বুধ!
কত আছো আমি
ইমান নিৰ্মম অত্যাচাৰ,
কিয় আহে চাৰিওফালৰ পৰা মৃত্যুৰ বাতৰি।
এন্ধাৰ বিনাশ হবনে!
আহিবনে পোহৰৰ বোৱতী নৈ!