॥ অস্হিৰ আবেগ…বিষাদ..প্ৰাপ্তি অপ্ৰাপ্তিৰ পূৰন হৰণ…॥

…..নিৰিবিলি ৰাজবংশী……

প্ৰশ্নবোৰে প্ৰায়েই আউল লগায়,নতুবা নিজক বুজাৰ অন্য এটা সুজোগ দিয়ে….”বিষন্নতাবোৰেৰে চকুহালি ঢাকিচা !!”….”ইমান অন্যমনস্ক কিয়??” …..তেনেকুৱা ধৰনৰ ইত্যাদি ইত্যাদি……..
অভ্যাস হৈ পৰিচে প্ৰশ্নবোধক চিনৰ কাঠগৰাত নিজকে থিয় কৰায়..। মোৰ বোধেৰে সকলোৰে জীৱনৰ এইবোৰ একো একোটা অধ্যায়। কোনোয়ে বুকুত সামৰি মিচিকিয়া হাহি এটি নতুনকৈ পিন্ধি লয়….আৰু কোনোয়ে……………!!!

থিক যেন তেনেকুৱাতেই মোৰ বিশৃঙ্খল শব্দবোৰত মুখ থেকেচা খাই পৰে অস্থিৰতাবোৰ. ..  মুখচেপি কেকাই উঠে বুকুত বাহ লোৱা বিষাদবোৰে. ..বিহপানীবোৰ চকুয়েদি বাগৰে…কব গলে দোপাল পিটা বৰষুণ. …নহলে কেতিয়াবা চ’তৰ শেষৰ বৰদৈচিলা । হিচাপবহীত আৰম্ভ হয় প্ৰাপ্তি অপ্ৰাপ্তিৰ যোগ বিয়োগ. ..পূৰন হৰন…॥………

ক্ৰমশঃ ………

শুকান আবেগবোৰ নতুন হবলৈ বিচাৰে…যদিওবা চোচৰি বাগৰি বখলীয়াই যায় মনৰ এফাল ।. .শিৰোনামবিহীন অসমাপ্ত কাহিনীটো লুকাই পৰে হেজাৰখলপীয়া জীৱন নামৰ ডায়েৰীৰ কোনোবাটো পৃস্ঠাত. …।উজাই অহা উচুপনিবোৰ খিলখিলাই হাহি হৈ বাগৰে. …যদিওবা ৰৈ যায়এটি নিশ্চুপ হুমুনিয়াহৰ বোকোচাত । ক্ৰমাৎ উৱলি যায় পুৰনি অঙ্কৰ হিচাপবহী. …যদিওবা বুকুৰ কোনোবাখিনিত অবাধে চলে প্ৰাপ্তি অপ্ৰাপ্তিৰ যোগ বিয়োগ…পূৰন হৰন…

আৰু চলি গৈ থাকে অসুখী সুখাভিলাষী জীৱন……লক্ষ্য মাথো প্ৰাপ্তি অপ্ৰাপ্তিৰ সমীকৰনত এজাউৰিৰ হাহিৰ পুৰন হৰন ॥

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *