ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (ছাব্বিশ)
Assamese Novel cocktail
………ড° নয়না পাঠক শইকীয়া……….
হঠাৎ উৰ্ব্বশী আহি মৌমিতা হঁতৰ ড্ৰইং ৰূমত সোমোৱাত তাই আচৰিত হ’ল। (Assamese Novel cocktail)
মৌমিতাঃ আজি কি মনত পৰিল বৌ!
উৰ্ব্বশীঃ এনেয়ে অলপ ওলাই আহিছিলো, তোমালোকৰ ঘৰৰ ওচৰ পাই ভাবিলো এপাক সোমায়ে যাওঁ।
মৌমিতাঃ ভালেই হ’ল। আমি ভাবিহে আছিলো, কি কৰা যায়! মানে আজি বন্ধ বুলি ক’ৰবালৈ ওলাই যাওঁ নে ঘৰতে কিবা কিবি চাফচিকুণত হাঁত দিও ভাবি আছিলো।
উৰ্ব্বশীঃ তোমালোকৰ ভালেই বন্ধ বুলি special কিবা চিন্তা কৰা। আমাৰ যে এতিয়া সদায়েই বন্ধ। চাকৰি শেষ হোৱাৰ পাছত দাদাৰ কাম কমাৰ লগত মোৰো কাম একেবাৰে কমি গ’ল। বাৰু বাদ দিয়া, পৰাগমণি তেন্তে ঘৰতে আছে ন!
মৌমিতাঃ অ’ ভিতৰতে আছে। ওলাই যাব এবাৰ, বজাৰ সমাৰ অলপ কৰিব লগীয়া আছে।
উৰ্ব্বশীঃ তুমিও যাবা নে কি?
মৌমিতাঃ নাই তেওঁ অকলেই যাওঁক। আপুনি ইমান সুধিছে যে মই নাযাওঁ নহয়, আপোনাক লগো পোৱা নাই কেইবাদিনো।
উৰ্ব্বশীঃ মোৰ কাৰণে তুমি নযোৱাকৈ থাকিব নালাগে দেই।
মৌমিতাঃ নাই নাই নহয় সেইটো নহয়, মোৰ যোৱাৰ plane নায়েই।
Follow us on Instagram (ধাৰাবাহিক উপন্যাস)
তেনেতে পৰাগমণি ভিতৰৰ পৰা কাপোৰ কানি পিন্ধি ওলাই আহিল, আনা আনা বজাৰৰ বেগটো আনা!
উৰ্ব্বশীঃ পৰাগমণি বজাৰলৈ ওলাইছা?
পৰাগমণিঃ অ’ অলপ সাপ্তাহিক বজাৰ কৰি আনো।
মৌমিতাঃ গ’ম পালে বৌ, এওঁ অকলেই যোৱাৰ কথা!
পৰাগমণিঃ অ’তো তুমি আকৌ কিয় ওলাব লাগে। আপুনি বহক বৌ। মই আহি আপোনাৰ লগত চাহ একাপ খাম।
মৌমিতাঃ বৌক তেতিয়ালৈ চাহ খুৱাবলৈ ৰখাই থম নে মই।
পৰাগমণিঃ প্ৰথম কাপ তোমাৰ লগত খাঁওক, দ্বিতীয় কাপ মোৰ লগত খাব আকৌ।
উৰ্ব্বশীঃ তোমালোক দুয়োজন খুব ফুৰ্টিত থাকা, দেখি ভাল লাগে।
মৌমিতাঃ চলি থাকো আৰু এনেদৰেই অৱশ্যে মাজে সময়ে খুত খাত লগাও হয়।
উৰ্ব্বশীঃ সেইবোৰতো থাকিবই।
মৌমিতাঃ বাৰু এতিয়া আৰু কিবা নতুন কামত হাত দিছেনে বৌ?
উৰ্ব্বশীঃ Earrings অলপ বনাই আছো, গ’লে দেখুৱাম তোমাক। আচলতে আমিবোৰ লগ হ’লে এই Hand made বস্তু বনোৱাৰ চৰ্চাওতো কৰিব পাৰো ন!
মৌমিতাঃ নিশ্চয়। আচলতে সকলোৱে নিজে জনা বা কৰা বস্তুটো দেখুৱাই শিকিবলৈ বিচৰা সকলকতো শিকাবও পৰা যায়।
উৰ্ব্বশীঃ পাৰিতো কেলেই নোৱাৰি!
Assamese Novel cocktail
মৌমিতাঃ আপুনি সিদিনা ৰোমা বৌৰ ঘৰত গোটেইবোৰ থাকোতে কথাবোৰ উলিয়াব পাৰিলেহেঁতেন।
উৰ্ব্বশীঃ মন ন’গল আচলতে, কোনোৱেই যদি seriously নলয় কথাতো। মানে ধৰা কোনোবাই তোমাক ক’ত কম দামত পাবা address এ দি দিব। কোনোবাগৰাকীয়ে যদি আকৌ ইমান low grade বস্তু ব্যৱহাৰ নকৰো বুলিয়ে ক’য়, ভাবা চোন!
মৌমিতাঃ চাওঁক আপুনি বিচাৰে, মই বিচাৰো সিদিনাতো ৰোমা বৌৱেও কিবা কিবি নতুন কৰিব বিচাৰে বুলি গ’ম পালোৱেই। আচলতে individually ল’গ পালে গ’ম পাব আৰু ২-৩ গৰাকী মান ওলাব কিজানি। কিন্তু group ত থাকিলে যিটো পক্ষত সন্মতি বেছি সেইফালেই মাত দিব।
উৰ্ব্বশীঃ সেইবাবেইতো একো creative চিন্তা কৰিব নোৱাৰি। কিন্ত আমাৰ group টোৰ প্ৰয়োজনো আছে নহয়নে?
মৌমিতাঃ আপুনি জানো আগতে তেনে চেষ্টা কৰিছে?
উৰ্ব্বশীঃ নাই কৰা দেখা নাই জানো ময়োতো সিদিনা তেওঁলোকৰ দৰেই মতামত দিলো।
মৌমিতাঃ তেনেহ’লে এটা কাম কৰো মই ভবা কেইগৰাকীক এদিন মাতি তেনে ধৰণে organize কৰো যিদৰে আমি বিচাৰো। বাকী কেইগৰাকী লাহে লাহে, মানে অলপ দেৰীকৈ timing দি মাতিম। ইতিমধ্যে আমি ভবাৰ নিচিনাকৈ আৰম্ভ কৰিয়েই দিম, গতিকে সমস্যা একো নহ’ব। তাৰ আগতে আপুনি individually মই কোৱা দুগৰাকী মানৰ লগত কথা পাতি কেনে পালে মোক জনাব।
উৰ্ব্বশীয়ে মৌমিতাক শলাগি সিদিনাৰ বাবে যাবলৈ সাজু হ’ল।
…..(আগলৈ)…..