ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (চৌবিশ)
Assamese Novel cocktail
………ড° নয়না পাঠক শইকীয়া……….
আজি প্ৰায় আটাইকেইগৰাকী ৰোমাৰ ঘৰত গোট খালে। ঋতিকা নহা দেখি ৰোমাই উৰ্ব্বশীকে তাইৰ কথা সুধিলে। উৰ্ব্বশীয়ে ক’লে আহিব আহিব তাইৰ ছোৱালী tuition class ত গৈছে। ছোৱালী জনী ঘৰ আহি পোৱাৰ পাচতহে ঋতিকা ওলাবহি। ৰোমাই ঠিক আছে বুলি শলাগিলে আৰু ক’লে তোমালোক এইদৰে লগ হ’লে মানে খুব ফুৰ্টী কৰা ন! লতাই লগে লগে মাত দিলে। আমি ঢেৰ কথা পাতো আৰু খাওঁ। খুব ভাল লাগে।
ৰোমাঃ অ’ বৰ ভাল কথা। পিছে আমি আৰু এটা কাম কৰিব পাৰো। তোমালোকে কেনে পোৱা মোক জনাবা চোন। আজি নহ’লেও পাছত হ’লেও ক’বা চোন। আমি এনেই time pass কৰাতকৈ দেখোন অলপ নিজকে develope কৰাব পাৰো।
লতাঃ মানে?
ৰোমাপ্ৰিয়াঃ মানে ধৰা কাৰোবাৰ কিবা সমস্যা থাকিলে সমাধানৰ দিহা। লগতে মাজে মাজে গীত মাতৰ চৰ্চা ইত্যাদি।
লতাঃ আমিতো নাছ,গাণ কৰিয়ে থাকো। মোবাইলত গাণ লগাই নাছোতো মাজে মাজে।
মৌমিতাঃ নহয় নহয় বৌৱে সেইটো কোৱা নাই মই বুজিছো কথাতো।
মন্তিঃ হ’ব হ’ব আমাৰ এনেদৰেই ভাল time pass হৈ যায়। কেলেইনো লাগে এইবোৰ।
গীতাঃ পাৰি………. কিন্ত আমি আচলতে এনেয়ে অলপ enjoy কৰো। কিনো আৰু serious হৈ থাকিব লাগে।
উৰ্ব্বশীঃ হ’ব আৰু বাকীবোৰে যি মতামত দিয়ে সেইটোৱেই হওঁক তেন্তে।
ৰোমাপ্ৰিয়াঃ ৰ’বা ৰ’বা মোৰ কথাতো নুশুনাকৈয়ে তোমালোক সকলোৱে finale মতামত দিয়েই দিলা দেখোন।
মৌমিতাঃ মোৰ সম্পূৰ্ণ সহমত আছে ৰোমাবৌ।
ৰোমাপ্ৰিয়াঃ তোমালোক সকলোৱে ঘৰত কথাতো অলপ চিন্তা কৰি চাবাচোন। বেয়া নহ’ব লাগে কিন্ত।
ছায়াৰূপাঃ আমাৰনো কি আৰু সকলোৱে যিটোকে কয় সেইটোৱেই মোৰ মত।
ৰোমাপ্ৰিয়াঃ তোমালোকো যে আৰু! উপামণি তুমি কি ভাবা।
উপামণিঃ নহয় মানে যিটোৱে হয় ভাল দৰে হ’ব লাগে। সেইটোৱেই আৰু।
Follow us on Instagram (ধাৰাবাহিক উপন্যাস)
ৰোমাপ্ৰিয়াঃ মানে তুমি safe side ত আছা আৰু থাকিবা। বাৰু বাৰু মই কথাতো উলিয়াইছোহে তোমালোকে অলপ ভাবি চাবা।
উৰ্ব্বশীঃ হ’ব হ’ব সকলোৱে ভাবি চাব নহয় জানো। এতিয়া কি আছে খোৱা বোৱা সেইটোহে জানিবলৈ আমিবোৰ আগ্ৰহী।
ৰোমাপ্ৰিয়াঃ সকলো ready কৰি থৈছো মই তোমালোকে খাওঁ বুলি ক’লেই উলিয়াই দিম।
লতাঃ তাৰ আগত অলপ dance হৈ যাওঁক লগাঁওক লগাঁওক অলপ danching number লগাঁওক, নহ’লে bihu কে এপাক মাৰো।
ৰোমাপ্ৰিয়াঃ ঠাই ক’ম হ’ব নহয় ইয়াত আটাইবোৰে নাছিবলৈ। এটা কাম কৰা মাজৰ টবুল খন আঁতৰাই লোৱাচোন।
লতাঃ ল’ম ল’ম আপুনি খোৱা লোৱা arrange কৰক, আমি দুগৰাকী তিনিগৰাকী কৈহে নাছিম হৈ যাব adjust. নাছ চলি থকাৰ মাজতে dinning table ত খোৱা বস্তু বোৰ এফালৰ পৰা সজাই থোৱা দেখি মন্তি উঠি গ’ল।
মন্তিঃ তহ’তে নাছি মেলি ল’। মই এতিয়া খাবলৈ আৰম্ভ কৰিম। উৰ্ব্বশী,মৌমিতা তোমালোকে নাচা নাই নহয়! আহি যোৱা আহি যোৱা।
লতাঃ আমিও আহিছো ৰ’ব ৰ’ব।
পাপৰিঃ খুব ভালকৈ বনাইছে দেই ৰোমা বা। সচাকৈয়ে বৰ ভালকৈ খালো।
উৰ্ব্বশীঃ ৰাইজ খালে ল’লে, এতিয়া গৃহষ্ঠক আৰ্শীবাদ এভাগ দি উঠিবহে লাগে নহয় নে কি?
পাপৰি, গীতা, মন্তি হ’তে একেলগে কৈ উঠিল নিশ্চয় নিশ্চয়। গৃহষ্ঠৰ সুখ,শান্তি আনাগত দিনত আৰু বছিকৈ বাঢ়ক। আমি এইদৰে আকৌ আহিম আপোনাৰ পৰিয়ালৰ মঙ্গল প্ৰাৰ্থনা কৰি। লতাই চিঞৰি উঠিল জয় ৰাম বোলা, জয় হৰি বোলা। উপামণিয়ে ক’লে কৃষ্ণ কৃষ্ণ হ’ব পাই আইসকল যাওঁগৈ বলক।
….(আগলৈ)…..