final episode

“ককটেইল The life” (বিশ) (ধাৰাবাহিক উপন্যাস)

“ ককটেইল (cocktail) The life ” (বিশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

এটা কথা মন কৰিছানে মৌমিতা, তোমালোকৰ এই লতিকা বাইদেউ গৰাকী অলপ আঁ‌তৰত যোৱাৰ পৰা যেন তোমালোকৰ এই লগ হোৱা বা party arrangement কৰা বোৰ যেন কমি গৈছে।
ঃ কথাতো সেইতোৱে অকল নহয়। আজিকালি উৰ্ব্বশী বাইদেৱে ইমান সময় দিব নোৱাৰে। ছায়াৰূপাও ব্যস্ত ল’ৰা ছোৱালী দুটাক লৈ।
ঃ কিয় সিহঁতৰ ল’ৰা ছোৱালীতো তেতিয়াও আছিল। এতিয়ানো কি ইমান বেলেগকৈ ব্যস্ত হৈছে।
ঃ সেইবোৰ ইমান ক’ব নোৱাৰিম। কিন্ত ছায়াৰূপাই নিজেই কৈছে ‘ ইহঁত দুটাৰ লগত আজিকালি সময় মিলাব লগীয়া হৈছে’। চাগে কিবা extra curricular activity ত ব্যস্ত কৰাইছে।
ঃ ওম, ভালেই কৰিছে। অকল নিজে party arrange কৰি থাকিলেনো ক’ত সিহঁতক সময় দিব পাৰিব। পিছে ছায়াৰূপাক তো তুমি আগতে বৌ বুলিহে সম্বোধন কৰিছিলা!
ঃ এহ বৌ, বাইদেউ কিবা এটা মাতিলেই হ’ল বুলি ভাবো মই। কিন্ত নামধৰি মাতিলেহে আচলতে তেওঁলোক comfortable হয়। মই আকৌ নাজানোতো কথাতো সেইবাবেই মাতিছিলো তেনেদৰে।
ঃ কেলেই তেওঁ কিবা ক’লে নে কি?
ঃ নাই একো কোৱা নাই। কিন্ত ধৰিব পাৰি দিয়াচোন। মই অৱশ্যে তেওঁৰ মূখত শুনা নাই। এদিন উপামণি বৌৱে কথা প্ৰসঙ্গত কৈছিল। বহুতে হেনো নাম কাঢ়ি মতাতোকেই পচন্দ কৰে। নহ’লে হেনো নিজকে অইন গৰাকীত কৈ ডাঙৰ ডাঙৰ লগা যেন অনুভৱ কৰে।
ঃ ইহ তোমালোকৰ মাইকী মানুহ বোৰৰো যে কথা আৰু। কিনো বয়সৰ কথা লৈ any time consious হৈ থাকিব লাগে। খুৰী, পেহী বুলি নামাতিলেই হ’ল চোন।

Follow us on Instagram 

ঃ কি কথা কৈছা? খুৰী, পেহী বুলি কোনে বাৰু সমনীয়াৰ দৰে থকা মানুহ এৰাকীক মাতিব। সৰু ল’ৰা ছোৱালীয়ে তেনেদৰে মতাতো বেলেগ কথা।
ঃ তেনে চেম্পোলো ওলাব পাৰে কেতিয়াবা, তেতিয়াযে কি অৱস্থা হ’ব এই concious মহিলা সকলৰ।
ঃ আছে আছে তেনে কাহিনীও মই শুনিছো।
ঃ উপামণি বৌৱে আচলতে তোমাক alert কৰি দিছে। কিজানি কোনিবাই সেই বিষয়ে পাতিছেও, ‘মৌমিতা জনী যে নিজক সৰু দেখুৱাবলৈ আমাক বৌ, বাইদেউ বুলি মাতে’।
ঃ এটা কথা কোৱাচোন মানুহ গৰাকীৰ মানুহ জনক যদি তুমিয়ে দাদা বুলি মাতা, মই মানুহ
গৰাকীক প্ৰথম চিনাকিতে কেনেদৰে নাম কাঢ়ি মাতিম। বয়সত সৰুৱে হ’ল যেনিবা কিন্ত মানুহজনতো ডাঙৰ বুলি কথা বতৰাতে ওলাই পৰে।
ঃ মুঠতে বৰ complicacy হে এইবোৰ। এটা কাম কৰিবা নহ’লে প্ৰথম চিনাকি পৰ্বতে সুধি ল’বা আপুনি কি বুলি মাতিলে comfortable fill কৰিব বাৰু!
ঃ তেনেকৈ সোধা মানুহো চাগে কোনোবা ওলাব।
ঃ নাজানো দেই মই কিন্ত এই aunty বুলি মাতা কাহিনী কেইবাটাও মই শুনিছো।
ঃ এবাৰ নতুনকৈ অহা এগৰাকীয়ে তেনেদৰে aunty uncle বুলি মাতোতে direct নতুনকৈ অহা গৰাকীৰ date of bitrh সুধিহে problem solve কৰিব লগীয়া হৈছিল হেনো।
ঃ নতুনকৈ অহা গৰাকীয়ে date of birth ৰ certificate submit কৰিলে নে কি?
ঃ ইচ ৰাম কিযে কথাবোৰ সোধা তুমি?
ঃ তেনে ক্ষেত্ৰত আচলতে sister শব্দটোকেই ব্যৱহাৰ কৰি দিব লাগে ন! sister মানে ধৰা Elder বা younger যি কোনো হ’ব পাৰেতো!
ঃ হ’ব হ’ব তোমাৰ এই comedy কথাবোৰ শুনি বহি থাকিলে আৰু যে কি কি কথা ওলাব ঠিক নাই।

….আগলৈ….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *