final episode

“ককটেইল The life” (উনৈশ) (ধাৰাবাহিক উপন্যাস)

“ ককটেইল (cocktail) The life ” (উনৈশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

 

এটা কথা তোমাক কোৱাই নাই নহয়। পাহৰিয়ে আছো জানা। বিমানে সিদিনা ফোণ কৰিছিল বলাৰুছৰ পৰা মৌমিতাই পৰাগমণিৰ ফালে চাই ক’লে।
ঃ অ’ সি বেলাৰুছ পালেগৈ যে
ঃ ওম, তাত তাৰ এডমিচন হৈ গ’ল। আগৰ college খনৰ পৰাই তেওঁলোকে তাৰ formality খিনি কৰাই দিছে।
ঃ সি যে আকৌ খবৰটো দিছে, তাত গৈ হ’লেও। ল’ৰাটো বৰ সহজ। পাছত নিজৰ profession ত ভালদৰে কাম কৰিব পৰাতোহে কথা।
ঃ ভালেই হ’ব লাগে। তাৰ ব্যক্তিত্বত দায়িত্ববোধ আছে বুলিতো গ’ম পালোৱেই, patient ৰ প্ৰতি দায়িত্ববোধ যে বহুত দৰকাৰী, পাৰিব সি!
ঃ এদিন ল’গ পায়েই ভাল লাগিল ল’ৰাতোক।
ঃ তাকেইতো। তাৰ মাক হঁ‌তৰ লগত খা- খবৰ চলিয়ে থাকে। মাকেও ক’বলৈ পাহৰিলে সি যে অমুক তাৰিখে যাবগৈ বা তাৰ college ৰ seat confirm হৈ গ’ল। সি পিছে খবৰতো দিব লাগিব বুলি মনত ৰাখিছে।
ঃ তাৰ এতিয়ালৈ এই কথাবোৰ ঠিকে আছে যেতিয়া, পাছলৈও ভালেই থাকিব। এইবোৰ কথা সৰু সুৰা যদিও দৰকাৰী। লতিকা বাইদেৱে চাগে সিদিনাৰ পাছত তোমালৈ ফোণ এটাও কৰা নাই!
ঃ নাই সিদিনা আবেলী ওলাই যাঁ‌ওতে ৰাষ্টাতে পাইছো নহয় লতাৰ লগত।
ঃ দুয়ো গৰাকীৰ খুব জমে যেন পাইছো।

Our Instagram Page: https://www.instagram.com/anazori2018/

ঃ লতাৰ চবৰে লগতে ভাল, মানে মন্তি বৌ, লতিকা বাইদেউ,পাপৰি আটাইৰে লগতে সমানে ভাল। তাৰ মাজে মাজে মই, ছায়াৰূপা, উপামণি বৌ, উৰ্ব্বশী আমিবোৰতো আছোৱেই।
ঃ কিছু পাৰে দেই মানুহবোৰে এনেদৰে সম্পৰ্ক ৰক্ষা কৰি অহা যোৱাবোৰ কৰি থাকিবলৈ।
ঃ ওম সকলোৱে নোৱাৰে অৱশ্যে! সম্পৰ্ক ৰক্ষাৰ ইমান উদ্যম অকল লতাৰ হে আছে যেন লাগে কেতিয়াবা। বাকী কিছুমানৰ অলপ অলপ আছে যদিও লতাক অইনতকৈ অলপ ওপৰত বুলি মানিবই লাগিব।
ঃ লতা হতঁ‌ৰ বাৰু আমনি, ভাগৰ ইত্যাদি বোৰ নাই নেকি?
ঃ আছে কিয় নাথাকিব! আমনি জাতীয় কিবা কিবি feel কৰিলে দুদিনমানৰ বাবে speed অলপ কমি যায়। সেইবোৰ শেষ হ’লে আকৌ pick up লৈ লয়।
ঃ ইচ ৰাম কিছু energetic কিন্ত।
ঃ অ’ মনৰ পচন্দৰ কামৰ বাবে আচলতে সকলোৰে energy থাকে। Ultimately মনতোক মগজুৱেহে নিয়ন্ত্ৰণত ৰাখে।
ঃ বাপৰে হ’ব দিয়া। আমি topic টোৰ গুড়াৰ্থ ভাঙি ভাঙি কথা পাতিব ল’লে আমাৰেই সমস্যা বাঢ়িব।
ঃ মানে?
ঃ মানে কি আৰু, Topic সলনি নহৈ একেতাতে লাগি থাকিব লাগিব।
ঃ ঠিকেই।
ঃ মোৰ মতে এইবোৰৰ সলনি এখন progressive সমাজৰ চিন্তা কৰিব লাগিছিল। progressive মানে মই সাজ সজ্জা, বেশ ভূষাৰ কথা বুজোৱা নাই দেই।
ঃ তুমি কি বুজাইছা সেয়া জানো আৰু বুজো। কিন্ত তুমি অথবা মই ভালপোৱা বা বিচৰাতোৰ লগত সকলোৰে মিল নাথাকিবও পাৰে। সকলোৰে ধ্যান ধাৰণাতো একে নহয়।
ঃ সেইটোতো হয়েই। সেই সকলে কিজানি তেনেদৰে দৰে ভাবিবলৈ space এই পোৱা নাই। সেই space যদি কোনোবাই উলিয়াই, কেনে হয়!
ঃ ক’তনো তুমি এতিয়া space উলিওৱাৰ কথা ভাবিছা। মানুহৰ জন্মগত ব্যক্তিগত অথবা চিন্তা ধাৰা সলনি কৰাতোনো ইমান সহজ কথা নে?
ঃ ময়েইতো তোমাক আগতে কঁ‌ও। Try to cope up in any surrounding. এতিয়া আকৌ ময়েই তোমাক কৈছো খুব বেছি involve নহ’বা, পাৰিলে try to create some good ideas in their minds.

cocktail  More Novel 

ঃ নাই ইমান সহজ নহয়। তাতকৈ নিজে দূৰে দূৰে থকাই ভাল।
ঃ আচৰিত তুমিও passimist ৰ দৰে কথা কৈ আছা!
ঃ এনেদৰে কৈ আছা যেন মই ক’লে বা কৰিলেই সকলোবোৰ কথাতোৰ লগত actively involve হৈ পৰিব।
ঃ ঠিক তেনে নহয়………কিন্ত direction টোৰ ফালে অলপ ৰাষ্টা উলিয়াই দিব পাৰিলে আচলতে বেয়া নহয়।
ঃ ইচ্ছা কৰিলে সকলোৱে সামাজিক দায়িত্ব থকা ঢেৰ কাম কৰাৰ ঠল থাকে। কিন্ত তেনে ধৰণৰ মানসিকতা সকলোৰে নাথাকে। আচলতে কিছুমানে তেনেদৰে ভাবিবলৈ ভয়ো কৰে।এটা যুক্ত পৰিয়ালতে চোৱাচোন তুমি ৮-১০ জন সদস্যৰ ২ জনে একে ভাবিলে ৮ জনে বেলেগ ভাবিলে সেই দুজনে জানো risk ল’ব।
ঃ পৰিয়াল বুলি ভাবিলে ক’তনো risk ৰ কথাতো আহিল আৰু সেইটোতো প্লাছ পইন্ট। পৰিয়াটোত বয়স্ক, চেঙেলীয়া, শিশু সকলো থাকিব কিন্ত এইক্ষেত্ৰত সকলোবোৰ প্ৰায় সমবয়সীয়া।
ঃ বান্ধোনতো আচলতে সেইখিনিতে ঢিলা হয়। এটা কথা কোৱাচোন তুমি বা মইয়ে বাৰু সমনীয়াই কিবা এটা ক’লেই মন ন’গলেও involve হৈ পৰিব পাৰিম নে? Involve হ’ব পাৰিলেও নহওঁ‌ কিন্ত পৰিয়ালটো একত্ৰিত হৈ থকাৰ ভাবনাত আমি involve হৈ যাব লগা হয়। অৱশ্যে ইয়াতো বিৰোধী পক্ষ থাকিব বা মতবিৰোধ হ’ব। কিন্ত
সমবয়সীয়া হ’লে সেই বান্ধোনৰ পৰা মুক্ত। মানে বেয়া পালে প্ৰায় প্ৰতি গৰাকীয়ে শক্তিশালী গৰাকীৰ পক্ষ ল’ব। যদিহে সেই শক্তিশালী মানে শাৰিৰীক অবয়ব বা উচ্চ চিন্তা লৈ শক্তিশালী বুলি মই বুজোৱা নাই। শক্তিশালী in the scence নিজৰটো এৰিব নিবিচৰা বা ভূৱা আত্মবিশ্বাসী সকলৰ কথাহে কৈছো।
ঃ মোৰ কেতিয়াবা চিন্তা লাগে হে সদায় মানুহ এনেদৰে থাকিলে জানো কোনোবা জন কিবা ধৰণে উপকৃত হ’ব।
ঃ তুমি কিয় tention ল’ব লাগে! তেওঁলোকৰ ধাৰণাত তেওঁলোক উত্তম। সকলোৱে নিজৰ মতে চলি থাকিলেই হ’ল। মুঠতে তুমি চিন্তা এৰা। চলো বুলি বিচাৰিলে তাৰ মাজতে কোনোবাই নিজৰ বৌদ্ধিকতাক সন্মান জনাই নিজক নিয়োজিত কৰিব।

…..(আগলৈ)……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *