“ ককটেইল The life ” (ওঠৰ)
Assamese Novel
………ড° নয়না পাঠক শইকীয়া……….
কি হ’ল বহুদিন দেখোন তোমাৰ মূখত পাৰ্টি চাৰ্টিৰ নামেই শুনা নাই। সেইবোৰ চব বন্ধ হৈ গ’ল নে কি?
মৌমিতাঃ নাই কিয় বন্ধ হ’ব। চব চলি আছে, মইহে attend কৰা নাই। (Assamese Novel)
পৰাগমণিঃ আচৰিত! তোমাক নিমন্ত্ৰণ দিয়া নাই?
মৌমিতাঃ অ’ তেনেকুৱা বুলিয়ে ধৰা আৰু। আচলতে সকলোকে অলপ মুকলিমূৰীয়া অনুভবো লাগে দিয়াচোন।
পৰাগমণিঃ মানে কিনো কৈ আছা, মই একো ধৰিবই পৰা নাই।
মৌমিতাঃ ৰ’বা মই কৈ আছো। আজিও এঘৰত পাৰ্টি আছে।
পৰাগমণিঃ গৈ আহিবা! মই আমনি নাপাওঁ নহয়। ওচৰতে যেতিয়া দুৱাৰ খন জপাই থৈ গ’লেও একো নাই আৰু তলা লগালেও লগাই যাবা, চাবি মই পাছত লৈ আহিমগৈ।
মৌমিতাঃ ধেৎ তেৰি! মই আকৌ কিয় যাম। মই এইবাৰৰ পাৰ্টি টোত নিমন্ত্ৰিত নহয় বুলি তুমি ধৰিবই পৰা নাই নেকি?
পৰাগমণিঃ তুমিনো পাৰ্টি আছে বুলি কিদৰে গ’ম পালা?
মৌমিতাঃ লতা কালি বজাৰলৈ যাওঁতে ইয়াত সোমাই গ’ল। লগতে কৈ গ’ল যে আমনি পাব পাৰো বাবে এইবাৰ দুগৰাকীমানক include কৰা নাই। মানে কেইবাগৰাকীয়েও হেনো dry party কৰি কৰি ভাগৰি পৰিছে।
পৰাগমণিঃ হা……হা ……. মানে অকল তুমিহে বাকী ৰ’লা যেন পাওঁ।
Our Instagram Page: https://www.instagram.com/anazori2018/
মৌমিতাঃ ঠিক তেনেকুৱা নহয়! দুগৰাকীমান আছে আৰু কিন্ত এতিয়া তুমি নাম চাম সুধি ব’ৰ নকৰিবা।
পৰাগমণিঃ জানো দিয়া। one and only বুলি!
মৌমিতাঃ মই আচলতে নাম ক’ব বিচৰা নাই।
পৰাগমণিঃ কিন্ত মই sure তেনে পাৰ্টি কৰা মানুহ আৰু এগৰাকীও নাই।
মৌমিতাঃ তাৰমানে তুমি বিশ্বাস নকৰা, তেন্তে শুনা বাৰু, আচলতে দুগৰাকী মানৰ বাহিৰে বাকী বোৰ supportive, মানে company দিব বিচৰা ধৰণৰ।
পৰাগমণিঃ তেন্তে তুমিহে বাহিৰত ৰ’লা নহয় জানো।
মৌমিতাঃ এহ নহয় অ’ আৰু আছে।
পৰাগমণিঃ অ’কে তেন্তে তোমালোক দুয়োগৰাকীয়ে বেলেগকৈ লগ হৈ চাহ নাষ্টাকে কৰিবাগৈ।
মৌমিতাঃ মোৰ এনে চখ নাই বুলি তুমি নাযানা নেকি?
পৰাগমণিঃ এনেয়ে মূখৰ চুপতি আকৌ। কিনো কৰিবা ন’হলে। সদায় serious কথা পাতিব নোৱাৰি নহয়।
মৌমিতাঃ হ’ব যোৱা এতিয়া উল্টা পুল্টা কথাকৈ থাকিব নালাগে। আজি অলপ kitchen ত তেই help কৰিবা।
পৰাগমণিঃ কিয় কোনোবা আহিব নে কি?
More Novel
মৌমিতাঃ কোনোবা আহিলেহে সোমাব লাগে নে কি?
পৰাগমণিঃ নহয় আমি দুজনহে কিনো আৰু help কৰি দিম! তুমি দেখোন ৰান্ধি বাঢ়ি ভালেই পোৱা।
মৌমিতাঃ পাকঘৰত সোমাবলৈ মন নাই যোৱা বুলি কোৱা আকৌ। এনেইনো কি বোৰ কৈ আছা!
পৰাগমণিঃ তুমি দেখোন জানাই কথাবোৰ। বাৰু ৰ’বা এটা কাম কৰো তুমি ডালি,ভাজি বনাই পেলোৱা। ভাততো বাৰু কিবা এটা কৰিম মই।
মৌমিতাঃ হ’ব হ’ব ভাত, ডালি মোৰ almost ready হ’লেই। তুমি পাৰা যদি তৰকাৰী এখন বনোৱা।
পৰাগমণিঃ আজি ডালি, ভাতেই চলি যাব। তুমি মাত্ৰ নেমু আৰু পিয়াজ অলপ কাটি ল’বা। তেনেতে টিং টং টিং টং কৈ কলিং বেলটো বাজি উঠাত মৌমিতা পাকঘৰৰ পৰা ওলাই আহি পৰাগমণি লৈ চাই ক’লে তুমিও যে আৰু কোন আহিছে চোৱা কিয় নাই! কিছু সময়ৰ পাছত মৌমিতাই পৰাগমণিলৈ চাই ক’লে তুমিও যে আৰু কোন আহিছে চিৱা কিয় নাই! কিছু সময়ৰ পাছত মৌমিতাই পৰাগমণিৰ ফালে আগবাঢ়ি আহি ক’লে ইমানবোৰ কি অৰ্ডাৰ কৰিলা তুমি!
পৰাগমণিঃ Surprise Surprise খুলি চোৱা আকৌ, সেইবাবেইতো অকল ডালি ভাত বনাবলৈ ক’লো।
মৌমিতাঃ তোমাৰ যে কাম আৰু! বনাবলৈ ইমান যে এলাহ! তদুপৰি amount ও অলপ বেছি হ’ব!
পৰাগমণিঃ ৰৈ গ’লে থৈ দিম আকৌ। freeze টো নো কেলেই আছে। অৱশ্যে যদি তুমি কাৰোবাক খুৱাম বুলি ভাবা মাতি দিয়া।
মৌমিতাঃ এতিয়া ইমান দেৰিকৈ কাৰোবাক খাবলৈ মাতিম নে কিবা! ৰৈ যোৱা খানা খাবলৈ মাতা বুলি ভাবিব।
পৰাগমণিঃ বাঢ়া, বাঢ়া গোন্ধ পায়েই জিভাই লকলকাই পেটক কলমলাবলৈ permit কৰিছে!
মৌমিতাঃ ব’লা ব’লা বাঢ়িছো।
……(আগলৈ)……
পঢ়ি ভাল লাগিচে।লিখি থাকা।