“ ককটেইল The life ” (সোতৰ)
Assamese Novel
………ড° নয়না পাঠক শইকীয়া……….
মৌমিতা …..মৌমিতা এয়া কেতিয়া তুলিলা তুমি? মৌমিতা উধাতু খাই আহিল ক’ত কি হ’লনো? পৰাগমণিয়ে মৌমিতাৰ ফোণটো দেখুৱাই ক’লে।
মৌমিতাঃ হুহ তোমাৰেই ফটো আকৌ! বেয়া দেখিছা নে কি?
পৰাগমণিঃ কিবা বেলেগ ধৰণৰ যে ফটো কপি!
মৌমিতাঃ ক’তনো বেলেগ ধৰণৰ? সেই সময় খিনিত তুমি যেনেদৰে আছিলা, তেনে ধৰণৰহে হ’ব ফটো কপি।
পৰাগমণিঃ তাৰমানে কি মই এনেকুৱাই?
মৌমিতাঃ সেইটো নহয়। সেই সময়খিনিৰ অভিব্যক্তি হে দেখিছা ফটো কপিত।
পৰাগমণিঃ তুমি মানুহ মাৰিবা দেই ! সেইটো হাঁহিয়ে নে দূখৰ মূহুৰ্তই নে ৰহচ্যত ঘন মূখায়ব ধৰিবই নোৱাৰা হৈছে।
মৌমিতাঃ সেই কাৰণেইতো তুলি থ’লো।
পৰাগমণিঃ কিবা এনে মূহুৰ্ত আছিল তেতিয়া?
মৌমিতাঃ আছিল আৰু, এতিয়া ফটো কপি চাইহে অনুমান কৰিব পাৰিবা, তুমিনো মাজে মাজে কেনে অভিব্যক্তি দেখুৱাই থাকা।
পৰাগমণিয়ে মৌমিতাৰ ফোণটো কিছু সময় পিটিকি থাকি চিঞৰি উঠিল পালো পালো মৌমিতা মই গ’ম পালো। এয়া photo detail ত লিখাই আছে date & time. এইখন সিদিনা ভাত খাই উঠাৰ পাছত তোলা ফটো নহয় জানো?
মৌমিতাঃ হয় হয় এক্কেবাৰে ঠিক ধৰিছা!
পৰাগমণিঃ লতিকা বাইদেউ হ’ত যোৱাৰ পাছত যদি এই হাঁহিতো মাৰিছিলো, তেনেহ’লেতোএকো সমস্যা নাই। পিছে যদি তেওঁলোক থাকোতেই মাৰিছিলো……..!
মৌমিতাঃ মই নাজানো দেই সেইবোৰ ! তেতিয়ালৈ চাগে লতিকা বাইদেউ হ’তে বাহিৰত ওলাই চেণ্ডেল পিন্ধিবলৈ লৈছিল। লতিকা বাইদেৱে যদি মন কৰিছে তেওঁ তোমাৰ হাঁহি দেখিছে! অৱশ্যে মন নকৰিবও পাৰে।
Our Instagram Page: https://www.instagram.com/anazori2018/
পৰাগমণিঃ চেহ তেওঁ নেদেখিলেই হ’ল পাই।
মৌমিতাঃ দেখিলেনো কি হ’ব। তেওঁলোকৰ সংসাৰতে খেলিমেলি লাগিব নে তোমাৰ খনতে লাগিব!
পৰাগমণিঃ নহয় ঠিক সেইটো কথা কোৱা নাই। কিন্ত মোৰ প্ৰতি image টো বেলেগো হৈ যাব পাৰে।
মৌমিতাঃ একো ইমান serious হ’ব লগীয়া কথা নাই! লতিকা বাইদেৱে অকল তোমাৰ কথা ভাবি থাকিব নে? ধেৰ কাম থাকে তেওঁৰ। সেয়া গ’ম পালাই দেখোন ল’ৰাৰ গোটেই Tention তেওঁৰ নিজৰ। তদুপৰি মানুহজন মন কৰিলেও গ’ম পাবা, তেওঁ কোনো কথাতে বিশেষ সক্ৰিয় হৈ নাথাকে, মানে যিকোনো কথাতে আশক্তি নাইকিয়া ধৰণে থাকিব বিচৰা ধৰণৰ।
পৰাগমণিঃ ইমান আশক্তিহীন মানুহ এটাই কিয়নো ল’ৰা বিদেশত পঢ়াই আছে আগতে ভাবিছিলো,এতিয়াহে গ’ম পাইছো কেনেদৰে সম্ভব হৈছে।
মৌমিতাঃ যিয়ে যেনেদৰে পাৰে চলিছে আৰু। বিমান ল’ৰাতোও কিন্ত smart দেই।
পৰাগমণিঃ অহ সেইখিনি smart নহ’লে সি কেনেদৰে চলিব বাহিৰত। তদুপৰি সেই যুদ্ধৰ condition ৰ মাজতে যে তাৰ পৰা ওলাই আহিব পাৰিলে একো অঘটন নহোৱাকৈ, সেইটো কম কথা নে?
মৌমিতাঃ ও লতিকা বাইদেৱে কৈছিল সিদিনা, সি হেনো প্ৰথমে ঘৰলৈ ঘূৰাৰ decission লোৱাই নাছিল। বাইদেউৰ পৰিয়ালৰ সম্পৰ্কীয় এজনেহে বোলে পৰিস্থিতিৰ ভনয়াবহতা বুজি তাক সৈমান কৰালে।
পৰাগমণিঃ সৰু ল’ৰা পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰাতো বৰ বেছি ডাঙৰ কথাও নহয় অৱশ্যে।
মৌমিতাঃ মাকেও হেনো প্ৰথমে ইমান বেছি ভাবিবলগীয়া কথা বুলি ধৰিব পৰা নাছিল।
More Novel
তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্কীয় এগৰাকীয়েহে বোলে কি ধৰণৰ হৈ গৈ থাকিব পাৰে, তাৰে আভাষ দিছিল তেওঁক। সি ঘৰলৈ ঘূৰি আহিবলৈ সৈমান হোৱালৈ হেনো লাহে লাহে আন্তৰ্জাতিক বিমান সেৱা সমূহ বাতিল হ’বলৈ আৰম্ভ হৈছিল। বিমান ঘৰলৈ ঘূৰাৰ পাছদিনাই হেনো ইউক্ৰেইনৰ আন্তৰ্জাতিক বিমান বন্দৰত বোমা বিস্ফোৰিত হৈছিল।
পৰাগমণিঃ বেচেৰা এতিয়াও তাৰ tention শেষ হোৱাগৈ নাই। মাক দেউতাক বোৰৰো জানো কি ইমান ইচ্ছা বিদেশত ইমানবোৰ পইচা খৰছ কৰি পঢ়োৱাৰ। আমাৰ কিছুমান অকল show off ৰ বাবেই শেষ। কোনোবাই যদি telent ৰ জোৰত কিবা চৰকাৰী সাহাজ্যত বিদেশত পঢ়িছে সেইটো বেলেগ। কেতিয়াবা কিছুমানে পঢ়াৰ সময়ত বিদেশী শিক্ষানুস্থানৰ পৰা জলপানি লাভ কৰে সেইটোও বেলেগ কথা। বাকী বোৰৰ কথাহে চিন্তা কৰিবলগীয়া।
মৌমিতাঃ এওঁলোক কোনতো criteria ৰ বুলি ভাবা?
পৰাগমণিঃ মই তেওঁলোকৰ criteria উলিয়াবলৈ কথা খিনি কোৱা নাই। কিন্ত চৰকাৰী সংস্থাত ন’হলেও সিমানখিনি পইচা খৰছ কৰি দেশৰ ভিতৰতো পঢ়াব পৰাৰ সুবিধা আছে।
মৌমিতাঃ সুবিধা থাকিলেও কিছুমানৰ উদ্দেশ্য অকল ডিগ্ৰীতো লোৱা বা পঢ়া শেষ কৰোৱাতোৱেই নহয়। তেওঁলোকে হয়তো বিদেশতে কৰ্ম্মজীৱন আৰম্ভ কৰি স্থিতি ল’ব বিচাৰে সেইবাবেই পঢ়া সময়ৰ পৰা সেই যাত্ৰা আৰম্ভ কৰিলেহে সুবিধাজনক হয়।
পৰাগমণিঃ সেই সিদ্ধান্ত ল’ৰাতো বা ছোৱালী জনীৰ নহয়। আচলতে সেইয়া অভিভাৱকৰ সন্মতি অনিহনে সন্তানেতো অকলে তেনে সিদ্ধন্ত নলয়।
মৌমিতাঃ অ’তো সন্তানৰ অকলে কেনেদৰে হ’ব, ইয়াত অভিভাৱক সন্মত হ’বই লাগিব যদিহে কোনো জলপানি বা চৰকাৰী বৃত্তি নাথাকে।
পৰাগমণিঃ নহয় বাহিৰতে যেনিবা পঢ়ালে কিন্ত ক’ত পঢ়াব বা কেনে institute ত পঢ়াব ইত্যাদিও যে জৰুৰী সেইটো বহুত ক’ম মানুহেহে লক্ষ কৰে। বিদেশতে যেনিবা পঢ়িলে at least ঠাই খনৰ সামাজিক, ৰাজনৈতিক, শৈক্ষিক পৰিবেশ গোটেই খিনিতো অলপ বিচাৰ কৰি লোৱা উচিত নহয় জানো।
মৌমিতাঃ নহয় তেনে নহয় চাগে। আচলতে তুমি মই ভবা সেই factor কেইটা তেওঁলোকে countable বুলি ভাবিলেও মই ভবা ঋনাত্মকতো তেওঁলোকৰ বাবে ধনাত্মকো হ’ব পাৰে।
পৰাগমণিঃ হয় বাৰু তোমাৰ কথাতোও শুদ্ধ। বাৰু, বাদ দিয়া সেইবোৰ, মই অকণমান ওলাই যাওঁ ৰ’বা কাম দুটা মান আছে, আহোতে কিবা আনিব লাগিলে whatsapp কৰিবা।
…….(আগলৈ)…….