“ ককটেইল The life ” (ষোল্ল)
Assamese Novel
………ড° নয়না পাঠক শইকীয়া……….
মৌমিতাই নিজকে নিজে কৈ আছে আজি লতিকা বাইদেউলৈ ফোণ এটা কৰি কেতিয়ানো মাতিলে ভাল হ’ব পাতি ল’ব লাগিব পাই।
ঃ পৰাগমণিয়ে কথাখিনি শুনি মাত দিলে তুমি ইমান দিনে ফোণ কৰিম কৰিম কৈ ফোণটো কৰিব পৰাই নাই যে?
ঃ তাকেইতো আজি যেনে তেনে কৰি ল’বই লাগিব। এই কেইদিন বৰ খেলি মেলি হৈ আছে অ’। এদিনতো উৰ্ব্বশী বৌৱে মাতি দিলে, ফোণ কৰিবলৈ থাকিয়ে গ’ল আৰু, যোৱা দুদিনতো জানাই কেনেকৈ পাৰ হৈছে। মাজতে আকৌ চৰ্দি ………।
ঃ তুমি আজিকালি চৰ্দি হ’লেই ক’ভিদৰ নাম লৈয়েই লোৱা নহয়।
ঃ নহয় অ’ ‘এবাৰ সাপে খুটিলে কেছুলৈকো ভয়’।
ঃ ক’তা তোমাৰ ক’ভিদ এদিনতে ভাল হ’ল যে!
ঃ যত্ন কিমান লৈছো আকৌ! এনেয়ে বেমাৰ পলোৱা নাই নহয়।
ঃ সেইটোৱইতো, চৰ্দি হ’লে আপোনাআপুনি ভাল হ’ব বুলি ভাবি থাকিলে সহজে বেমাৰ শৰীৰৰ পৰা আতঁৰি নাযায়। আচলতে বেমাৰক ignore কৰিবই নালাগে।
ঃ আৰম্ভনিতে জোৰদাৰ protection ল’লেওতো হ’ব পাৰে। virus হে ক’ত কেনেকৈ আহিব কোনেও ক’ব নোৱাৰে। ইহঁতে সময় সাপেক্ষে ৰূপো সলাব, সময় সাপেক্ষে জড়তাও ধাৰণ কৰিব। কিন্ত এবাৰ infection হ’লে আচলতে infection হৈ থকা গৰাকী খুব বেছি সাৱধান হ’ব লাগে। বিজানুবিধক অক্ষম কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই যাব লাগে।
ঃ চেষ্টা নো কিদৰে চলাবা! বেমাৰে এবাৰ বাহ ল’লে সহজে জানো আঁতৰি যাবলৈ বিচাৰে?
ঃ ৰ’বা ৰ’বা এটা কথা কোৱা চোন মানুহে বেমাৰ বিধ হোৱাৰ পাছত medication কিহৰ বাবেনো লয়?
ঃ Definetly বেমাৰ ভাল কৰিবলৈ। কিন্ত মই specially covid ৰ কথাকে কৈছো।
ঃ ok with reference to covid এ কওঁ বাৰু। যিহেতু covid ৰ কাৰক corona, এবিধ ভাইৰাছ, ইয়ো ৰূপ সলাব পাৰে। লগতে তাৰ উৎপৰিৱৰ্ত্তনো হ’ব পাৰে। যিটো এতিয়াও হৈয়ে আছে আৰু এটা সময়ত তেনে পৰিৱৰ্ত্তনে হয়তো তাৰ সক্ৰিয়তা কমায়ো পেলাব পাৰে বা বঢ়ায়ো তুলিব পাৰে। কিন্ত চিকিৎসাবিজ্ঞান বা জীৱবিজ্ঞানৰ চৰ্চা কৰা সকলোতো ৰৈ থকা নাই। গতিকে চলি আছে দুয়োফালৰ পৰা আৰু চলি থাকিবও।
ঃ বাৰু বাৰু মই আহো তোমাৰ ক’ত কি কৰিবলৈ আছে কৰি পেলোৱা!
পৰাগমণি অফিচলৈ ওলাই যোৱাৰ পাছত লতিকা বাইদেউৰ লগত ফোণত কথা পাতি পাছৰ দেওবাৰটোত সিহঁতৰ পৰিয়ালটোক ভাত খাবলৈ মাতিলে।
মৌমিতা সিদিনা ৰাতিপূৱাৰ পৰাই ব্যস্ত! মাছ, মাংসৰ লগতে পনীৰৰ গ্ৰেভী অকনো বনাবলৈ লৈছে তাই। মাছ কেইডোখৰ ঢুই পখালি লৈ নিমখ হালধী সানি নেমু অলপ চেপি থৈ দিলে। তাৰ মাজতে মাংসৰ গ্ৰেভীৰ বাবে পিয়াজ, নহৰু, আদাৰ পেষ্টো ৰেডি কৰিলে। কিছু দেৰীৰ পাছত মাছ কেইডোখৰ কেৰাহিত বহাই ভাজিবলৈ লওঁতে পৰাগমণি পাকঘৰলৈ সোমাই আহিল।
Our Instagram Page: https://www.instagram.com/anazori2018/
ঃ ঠিকে আছে ন মাছ! মই বেয়া বুলি ভাবি, লওঁ নলওঁ কৰিও পাছত লৈ ল’লো। মাছ ল’বলৈ যোৱা অইন এগৰাকীয়েও ক’লে বেয়া নহয় বুলি।
ঃ ময়ো দেখি অলপ তেনে বুলিয়ে ভাবিছিলো। কিন্ত ভালেই। বেয়া হ’লে ভাজোতে গোন্ধ পালো হেতেঁন নহয়।
ঃ পৰাগমণিয়ে ডিঙি মেলি কেৰাহীত ভাজি থকা মাছ খিনিলৈ চাই ক’লে ঠিকে আছে ভাঙিও যোৱা নাই। আলহী মাতি লৈ মাছ বেয়া ওলালে বৰ বেয়া লাগিলহেঁতেন। ঠিকে আছে দিয়া।
ঃ হৈ যাব ৰেডি, বেছি সময় নালাগে, ২ বজালৈ সকলো বহিব পাৰিব। দিনত হ’লে ভাল বুজিছা! ৰাতি যে ভাত খাই লৈ বাচন বৰ্ত্তন চিজিল লগাই থওঁতে বহু দেৰী হৈ যায়।
ঃ হ’ব তুমি লাগি থাকা! মোৰ কাম দুটামান আছে কৰি আহোগৈ। মই আহি পাই যাম time ত।
ঃ এতিয়া আকৌ কি কামত যোৱা? আলহী গৃহস্হতকৈ ঘৰত আগতে সোমালে ভাল লাগিবনে?
ঃ মই সোণকালেই আহিম! আজি দেওবাৰতো পাওঁতেই যদি নকৰো কৰাই নহ’ব গোটেই সপ্তাহটো!
পৰাগমণি ওলাই যোৱাৰ পাছত মৌমিতাই ড্ৰইং ৰূমৰ দুৱাৰ খন জপাই থৈ পাকঘৰত সোমল। হঠাৎ কোনোবাই মাতি থকা যেন পাই বাহিৰলৈ ওলাই যাবলৈ লওঁতেই লতিকা বাইদেৱে আকৌ এবাৰ মাত লগালে! মৌমিতা………….সোমাইছো দেই!
মৌমিতাঃ আহক আহক সেইবাবেই দুৱাৰ খন এনেয়ে জপাই ৰাখিছো। অহ তুমিও পালাহিয়ে বুলি মৌমিতাই পৰাগমণি ফালে চালে।
লতিকাঃ কৰবালৈ গৈছিলা তুমি?
পৰাগমণিঃ বাইদেউ বহক, মই সেই Main road লৈ অলপ ওলাই গৈছিলো। মৌমিতা দেখিলা পুৰা টাইম মেইনটেইন কৰিছো মই।
মৌমিতাঃ হ’ব দিয়া ইমান একো ডাঙৰ কামো কৰা নাই। পিছে বাইদেউ বিমান আৰু দাদা নাই অহা যে!
লতিকাঃ আহিব আহিব! মইহে অলপ আগতীয়াকৈ ওলাই দিলো। লতাৰ তাতো সোমাবলগীয়া আছিলতো। তাইৰ তাত সোমাই অলপ বহিহে ইয়ালৈ আহিছো।
মৌমিতাঃ দাদা হঁতো আহিব লাগিছিল! ভাত হ’লেই মোৰ।
More Novel
লতিকাঃ আহিব ৰ’বা লাহে লাহে! পৰাগমণি সেয়া সোমাইছেহে!
পৰাগমণিঃ মই সোমাইছো মানে আৰু মাত্ৰ ১০ মিনিট ধৰি থঁওক। মই গা-পা ধুই ফ্ৰেচ হৈ যাম।
লতিকাঃ তেতিয়ালৈ আহি পাই যাবহি দাদাহঁত।
মৌমিতাঃ তেন্তে চাহ একাপ একাপ খাই লোৱা যাঁওক নে কি বাইদেউ।
লতিকাঃ এহ নালাগে নালাগে একেবাৰে ভাতকে খাম দিয়া। আহা তুমি বহাহি!
মৌমিতাঃ মৌমিতা কিছু সময়ৰ পাছত ভাত বাঢ়ি টেবুলত সজাই যাবলৈ ধৰিলে। তেনেতে বিমান হ’তো সোমাই আহিল। লতিকাই মৌমিতাক ক’লে এওঁলোকক ডাইৰেক্ট ডাইনিং টেবুলৰ ওচৰলৈ লৈ আহাহে! বিমান হ’ত নিজেই গৈ ডাইনিং টেবুলৰ চকীত বহি ল’লে।
বিমানঃ Aunty আমাকো যে মাতিলে! মই আকৌ ভবাই নাছিলো আহিব লাগিব বুলি। মাই ভাত খাব মতা বুলি কওঁতে মই ভাবিলো মা হঁতৰ মানে আপোনালোকৰ পাৰ্টিতোকেহে মাতিছে চাগে।
মৌমিতাঃ আচলতে তোমাকহে মাতিব লাগে। মা হঁতকতো মাজে মাজে পায়েই থাকো। তোমাকহে লগ পোৱা নহয়।
বিমানঃ ঘৰৰ পৰাই মোৰ ক্লাছ বোৰ হৈ আছে যে দিনতো তেনেদৰেই যায়। এতিয়া online হৈ থকা বাবে preparation বেছিকৈ হে লাগে।
মৌমিতাঃ এনেদৰেই যদি ডিগ্ৰীটো ল’ব লাগে তোমালোকৰতো বহুত সমস্যা হ’ব!
বিমানঃ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীটো অনলাইন কৰিব গ’লে patient, doctor সকলোৱে ভয় খাব। এতিয়া এইটো semester এনেদৰেই শেষ হ’ল আৰু আমাৰ। আমাৰ ইয়াত চৰকাৰে পঢ়াৰ সুবিধা কৰি দিয়াৰ কথাতোও হৈ উঠা নাই। next semester ৰৰ পৰা বেলেগত পঢ়াৰ বাবে খবৰ লৈ আছো ৰ’ব। আমাৰ ইয়াৰ আৰু ৩-৪ জন মান আছে। গোটেই কেইজনে য’ত যেনেদৰে পাৰে খবৰ কৰিছে।
মৌমিতাঃ মানে তোমালোকে একেলগে transfer লৈ বেলেগ কলেজত continue কৰিবা ন!
পৰাগমণিঃ হ’ব দিয়াচোন মৌমিতা ল’ৰাতোক আগতে ভালদৰে খাই ল’বলৈ দিয়া!
বিমানঃ খুৰা এইবোৰ কথা মই কাৰোবাক ক’ব পাৰিলে ভালেই পাওঁ। নিজৰ tention ও কমি যায় যে! সোণকালে বেলেগ কলেজ এখনত admission টো লৈ ল’ব পাৰিলেহে মনতো ভাল লাগিব।
লতিকাঃ দেউতাকে এইবোৰ গ’ম ল’বলৈ সময়েই নাই। মইহে তাক support দি আছো।
চলিহাঃ হয়হে পৰাগমণি, লতিকাই কথাতো ঠিকেই কৈছে! মই এইবোৰত ইমান সোমাই নাথাকো। বিমানে admission লোৱাৰ সময়তো লতিকাই কৰিবলগীয়া খিনি কৰিছে। মই অৱশ্যে cheque বোৰ টাইমত লিখি দি থাকো।
পৰাগমণিঃ লতিকা বাইদেৱে কৰিছেই যেতিয়া ঠিকেই আছে। দুয়োজনেনো একেটা কামতে কিয় effort দিব লাগে।
লতিকাঃ ভাল কৈছা তোমালোকে। তেওঁ সকলো দায়িত্ব ল’ব নোৱাৰাৰ বাবেইতো মই চিন্তা কৰি থাকো।
বিমানঃ হ’ব দিয়া এতিয়া মোৰ বাকী থকা semester কেইটা আন কৰবাত complete কৰিব পাৰিলেই হ’ল আৰু।
মৌমিতাঃ ভালেই হ’ব দিয়া, চিন্তা নকৰিবা। পিছে complete কৰি আকৌ ইয়ালৈ অহাৰ plane আছে নে?
লতিকাঃ নাই নাই মই তাক বাহিৰতে settle হ’বলৈ কৈছো। এনেয়ো বাহিৰত পঢ়া শুনা শেষ কৰি ক’তনো আৰু ইয়ালৈ ঘূৰি আহিবলৈ মন যাব।
মৌমিতাঃ সেইটোতো হ’য়েই। পিছে তাৰ মন গ’লেতো সি ইয়াতেই settle হ’ব।
লতিকাঃ নালাগে পাই। পাৰিলে ময়ো তাতেই তাৰ লগতেই থাকিমগৈ।
মৌমিতাঃ ভালেই plane কৰিছে লতিকা বাইদেউ।
বিমানঃ সেইবোৰ হৈ থাকিব। মোৰ এতিয়া transfer formality খিনি শেষ কৰি নতুনকৈ admission ল’ব পাৰিলেহে ভাল লাগিব।
মৌমিতাঃ তুমি মানে আকৌ transfer formality ৰ বাবে অহা যোৱা কৰিব লাগিব?
বিমানঃ নাই নাই online এ চব কৰি আছো। সেইবাবে খুব fast আগবঢ়া নাই। মানে মোৰ ফালৰ পৰা দিব লগা কাগজ পত্ৰ clear হ’ল। তেওঁলোকে এতিয়া মাত্ৰ certificate ৰ লগতে বাকীবোৰ documents update কৰি পঠিয়াব লাগিব।
পৰাগমণিঃ আহা আহা তোমাৰ হৈ গ’ল নহয়, ইয়াতে বহাহি। মৌমিতাৰ প্ৰশ্ন বাণত কেতিয়ানো বিমানে খোৱা শেষ কৰিলে, সি নিজেও গ’ম নাপালে চাগে পৰাগমণিয়ে চলিহাৰ ফালে চাই ক’লে।
Our Facebook Page: https://www.facebook.com/anazori2018
বিমানঃ নাই নাই মই খোৱাত সদায় enjoy কৰো। আজিতো খুবেই ভাল লাগিল।
লতিকাঃ ভাল বনালা মৌমিতা। খালো ল’লো এতিয়া উঠিমহে দেই।
মৌমিতাঃ ক’ৰবালৈ যাব নে কি?
লতিকাঃ নাই অ’ ভাত কেইটা খাই বিচনাত বাগৰিব পাৰিলে ভাল লাগে। ঘৰত এতিয়া আৰাম কৰি শুমগৈ।
মৌমিতাঃ বুজিছো বুজিছো।
লতিকা বাইদেউৰ কথা মতে চলিহা, বিমান আটাইকেইজন উঠি যাবলৈ ওলাল। মৌমিতাই পৰাগমণিলৈ চাই ক’লে দেখিলা বাইদেউৰ impact কিমান যাঁও বুলোতেই আটাইকেইজন ওলালেই।
পৰাগমণিয়ে অলপ ৰহচ্য ধৰ্মী হাঁহিৰে ক’লে সুখী পৰিয়ালত নাৰীয়ে মূখ্যকেন্দ্ৰ ………….।
……(আগলৈ)……