…..ত্ৰিবেণী পাঠক…..
….গৱেষিকা ছাত্ৰী, মিজোৰাম বিশ্ববিদ্যালয়….
….Email id: [email protected]….
সময় সলনি হ’ল । আমি যেতিয়া স্কুলত পঢ়িছিলো,এখন নতুন কিতাপ পঢ়া বা এখন নতুন কিতাপ উপহাৰ পোৱাটো আমাৰ বাবে বৰ আনন্দৰ কথা আছিল । তাতোকৈ ভাল লগা কথাটো হ’ল,স্কুলত গৈ বন্ধু বান্ধৱৰ লগত শেহতীয়া ভাৱে পঢ়া নতুন কিতাপখনৰ বিষয়ে বৰ্ণনা কৰাটো । এনেকৈ আমি অসমীয়া বিভিন্ন গ্ৰন্থৰ বিষয়ে জানিব পাৰিছিলো । যদিও দেউতাই মোক আৰু ভন্টিক মাজে মাজে ইংৰাজী সাহিত্যৰ সাধুকথাৰ কিতাপ পঢ়িব দিছিল,অসমীয়া মাধ্যমৰ স্কুলত পঢ়া হেতুকে আমি অসমীয়া কিতাপ বহুত পঢ়িব পাইছিলো ।
এতিয়া ইণ্টাৰনেটৰ যুগ । সকলো বস্তু,সকলো সময়ত access কৰিব পৰাকৈ সুবিধাজনক পৰিৱেশ এটা গঢ় লৈ উঠিছে । মাকসকলে youtube ত সাধুকথা search কৰি শিশুসকলক সাধু শুনাব পাৰিছে । স্কুল কলেজীয়া ল’ৰা-ছোৱালীসকলে,তেওঁলোকৰ ভাল লগা গ্ৰন্থৰ pdf file whatsapp যোগে বন্ধু-বান্ধৱীক transfer কৰিব পাৰিছে ।
তথাপিওঁ সেই ছপা গ্ৰন্থ পঢ়াৰ উৎসুকতাত যেন অলপ সুকীয়া আমেজ আছে । তাহানি মোৰ শিশু মনত প্ৰভাৱ বিস্তাৰ কৰা কেইখনমান অসমীয়া গ্ৰন্থৰ চমু পৰিচিতি তলত আগবঢ়ালো –
১)বুঢ়ী আইৰ সাধু
অসমীয়া সাধুকথাৰ সংকলন । সময়ে সময়ে মানুহৰ মুখ বাগৰি অহা ডেৰকুৰী সাধুকথাৰ অতি মনপৰশাকৈ বৰ্ণনা কৰা সংকলনটো যুগুত কৰি উলিয়াই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই । ১৯১১ চনত গ্ৰন্থকাৰে প্ৰকাশ পোৱা এই সাধুপুথিখন অসমৰ প্ৰতিটো বয়সৰ মানুহৰে আদৰৰ,বিশেষকৈ শিশুৰ ।
২)ইছপৰ সাধু
উপদেশমূলক সাধুকথাৰ সংকলন । পোন প্ৰথমে আমাৰ দেশতেই এই সাধুবোৰৰ উৎপত্তি হৈছিল বুলি অনুমান কৰে আৰু একোটা সাধুৱে বেলেগ বেলেগ দেশৰ মানুহৰ মুখত পৰি বেলেগ বেলেগ ৰূপ লৈছে বুলি তেওঁলোকে ভাবে । ইছপৰ সাধুৰ ইতিহাস মোৰ জ্ঞাত নহয় যদিও,সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই আঢ়ৈকুৰী সাধুকথাৰে যুগুত কৰি উলিওৱা “ইছপৰ সাধু”ত সকলো দেশৰ অকণিয়েই এই সাধুবোৰ মনোযোগ দি শুনে । শিশুমনত গভীৰ সাঁচ বহুৱাব পৰাকৈ এই সাধুবোৰৰ আঁৰত গভীৰ সত্য লুকাই আছে ।
৩)এধানি মাহীৰ হাঁহি
কথাশিল্পী মহিম বৰাদেৱৰ এক অপূৰ্ব সৃষ্টি । ১৯৯৭ চনত প্ৰকাশ পোৱা এই উপন্যাসখনৰ বাবে মহিম বৰাদেৱে ২০০১ চনত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল । কুৰি শতিকাৰ অসমীয়া সমাজখনৰ জীৱন্ত বৰ্ণনাৰে সমৃদ্ধ এই উপন্যাসখন অসমৰ প্ৰতিজন ব্যক্তিৰে প্ৰিয় ।
৪)তোমালোকৰ ভাল হওঁক
ভবেন্দ্ৰনাথ শইকীয়াৰ অসমীয়া শিশু সাহিত্যলৈ আগবঢ়োৱা অপূৰ্ব অৱদান । ১৯৯৮ চনত প্ৰকাশ পোৱা এই গ্ৰন্থত আছে,শিশুসকলক উদ্দেশ্যি লিখা কিছু সাৰুৱা কথা । এই গ্ৰন্থখনে মোৰ মনত এনেকুৱাকৈ সাঁচ বহুৱাইছিল যে,কথা জনাৰ আগ্ৰহ,কোনো মানুহক ঈৰ্ষাৰ দৃষ্টিৰে নোচোৱা,আদি ভাল অভ্যাসবোৰ তেতিয়াৰ পৰা গ্ৰহণ কৰিবলৈ শিকিছিলো । এই গ্ৰন্থখনৰ এটি লিখা শিশুসকলৰ বাবে অত্যন্ত উপযোগী যিটোৰ নাম “তোমালোক নিজেই নিজৰ বনকৰা ল’ৰা-ছোৱালী হোৱা” ।
৫)অকণিৰ মহাভাৰত
শিশুসকলক আমাৰ বৃহৎ গ্ৰন্থসমূহৰ লগত চিনাকী কৰি দিয়াটো অতি টান কাম । মহাভাৰতৰ বিশালতাৰ মাজতো বাছি-বিচাৰি মুঠ পোন্ধৰতা কাহিনীৰে শিশুসকলৰ মনত প্ৰভাৱ পেলাব পৰাকৈ লেখক প্ৰদীপ কুমাৰে ২০০০ চনত “অকণিৰ মহাভাৰত” প্ৰস্তুত কৰি উলিয়ায় । ‘দানবীৰ কৰ্ণ’ৰ জীৱন কাহিনী,’অৰ্জুনৰ লক্ষ্যভেদ আদি কাহিনীবোৰৰ মাজেৰে লেখকে শিশুসকলক নীতিমূলক শিক্ষাৰ লগত চিনাকী কৰি দিছে ।
বহুত ভাল লাগিল ।
ধন্যবাদ।
Dhuniya hoise..bhal lagil
Thank you
সুন্দৰ উপস্থাপন | ভাল লাগিল |
সুন্দৰ উপস্থাপন । আগলৈ এনেকুৱা লিখনি আকৌ পাম বুলি আশা থাকিল । বৰ্তমান সময়ৰ শিশু সকলক এনেধৰণৰ অভিজ্ঞতাৰে উদ্বুদ্ধ কৰি তোলাৰ এনে প্ৰচেষ্টা লেখত লবলগীয়া ।
Thank you Karabi.
Bhal likhise….matho ingraji xobdo bur kom hole bhal hol hoi aru…
যেনে Transfer: সৰবৰাহ/ আদান প্ৰদান (এইটো ক্ষেত্ৰত)
Access: ঢুকি পোৱা
ইত্যাদি।
Thank u. Next likhile komabo try korim.
ভাল লাগিল দে। আগলৈ ও লিখি থাকিবি। বৰ্তমান সময়ৰ শিশু সকলক ও এনেধৰণৰ অভিজ্ঞতা দিয়াতো খুবেই প্ৰয়োজন বুলি ভাবো।
Thank you ☺️☺️
বহুত ভাল লাগিল… আগলৈ ও এনে ধৰনৰ লিখনী বিচাৰিছো পঢ়িবলৈ….
Thank you. Try korim likhibo.
সৰু কালৰ কথা মনত পৰি গ’ল ??
বহুত ধুনীয়া
Thank you.
ভাল লাগিল। সঁচাই ছপা পুথিবোৰ পঢ়াৰ আমেজ youtube ত শুনি বা browser ত search কৰি পোৱা নাযায়।