…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..
৪
…..”সমীৰ তোৰ ক্ষেত্ৰত চিৰিয়াছ নহয়৷ আচলতে সি কাৰো লগতেই চিৰিয়াছ নহয়৷ নহ’লেনো অংকিতাই তাক এৰি যায় নে !”……
জাগৃতি গুচি যোৱাৰ বহু দেৰিলৈ মলয়াৰ কাণত কথাষাৰ বাজি থাকিল৷ মনৰ ভিতৰৰ অস্থিৰতাখিনিক থাপি থুপি থৈ যিমান পাৰে সহজ হ’বলৈ যত্ন কৰিও যেন মলয়া হাৰি গৈছে ৷ ইমান সৰৱ পৰিৱেশ এটাৰ মাজতো সেয়ে কামৰ অজুহাত লৈ টেবুলখনতে বহি আছে তাই৷ পৃষ্ঠাই পৃষ্ঠাই কাগজ… হাতত নিৰৱে ৰৈ থকা কলম৷ সমীৰৰ ফ’নটো আধাঘণ্টাৰ পৰা বিজি৷ মই এইবোৰ কিয় ভাবি আছোঁ? জাগৃতিয়ে কোৱাৰ দৰে জীৱনটোক ফেণ্টাছী বুলি সামৰি থৈছোঁ নেকি মই? নে সত্যৰ মুখামুখি হোৱাৰ ভয়ত উভতি দৌৰিছোঁ নেকি আৰম্ভণিৰ ৰেখালৈ ? এই দৌৰৰ সীমা ক’ত….?
হঠাৎ ফ’নটো বাজি উঠিল..
: মু…
: হম৷ ভালে আছ?
: আছোঁ৷ তই?
: “ভালে আছেনে মলয়া? আছেনে?” ….উম, ভালে আছোঁ৷ বিজি আছিলি?
: অহ, এই গুঞ্জনে কল কৰিছিল৷ কথা পাতি আছিলোঁ৷
: গুঞ্জন কোন?
: আছে এজনী… ডিগ্ৰীৰ দিনৰে ক্ৰাছ ! বহুত কথা বুইছ ! সঘনাই কথা পতা নহয় যে৷ ফ’ন কৰিলে সেয়ে থ’বলৈকে মন নাযায়৷
: অহ…. গুঞ্জনৰ কথা মই জনা নাছিলো !
: হাঃ হাঃ
: হোৱাট?
: হাঃ হাঃ হাঃ
: হাঁহি আছ যে পগলাৰ নিছিনা
: মেছেজ ছেক কৰ৷ গুঞ্জনৰ ফটো দিছোঁ..
: মুঠেই চাবলৈ মন নাই মোৰ তোৰ গুঞ্জনক
: চা না মু..এবাৰ চা…
মলয়াই ৱাটছএপটো অন কৰে ৷ সমীৰে দিয়া ইমেজ ডাউনল’ড কৰি দেখা পায়, নৈৰ পাৰত হাঁহিমুখে প’জ দি থকা এজন ল’ৰা…. অহ তাৰমানে !!
: ষ্টুপিড ! তই এইটো গুঞ্জনৰ কথা কৈছ?
: অ আকৌ ! পাগলীজনী…. চাচোন মুখখন, কেনে নীলবৰণীয়া হৈছে৷
: নীলবৰণীয়া? হাঃ হাঃ…. জ্বলাই মাৰ’ মোক সদায় !
: ভাল লাগে ! আৰু কি ভাল লাগে কওঁ?
: ক…
: চচমাৰ আঁৰৰ ডহা ডহা চকুযুৰি…এই যে হাঁহো নাহাঁহোকৈ মুখ টিপি হাঁহ, সেই সময়খিনি…. বতাহে উৰুউৱা চুলিখিনি কাণৰ কাষেৰে পাৰ কৰি দিয়াৰ পিছতো দুই এডাল যে উন্মুক্ত হৈ থাকে, সেইখিনি…আৰু আৰু খুব আব্দাৰেৰে যে কৱ, বিজি আছিলি? খুব খঙেৰে যে কৱ, ষ্টুপিড ! খুব কনফিডেণ্টত যে কৱ, মোক এৰি তই মুঠেই ক’লৈকো নাযাৱ ! মলয়া….মলয়া, শুনি আছনে?
: হম ? উমম… শুনি আছোঁ ! শুনি আছো সমীৰ !!
: ……
: সেয়ে হ’বলা ফ’ন নকৰ দুই তিনিদিনলে ! খবৰ এটাও নলৱ..
: ফ’ন নকৰিলে এনে তীব্ৰতাটোৰ নাইকিয়া হৈ যায় নেকি মু? বাৰু ক এইকেইদিনত কিবা লিখিলিনে?
: নাই লিখা
: কিয়? আলু পৰঠা বনাই খুব ষ্টেটাছত দি আছ ! লিখিবলেহে আহৰি নাই তোৰ !
: অহ মনে মনে ষ্টেটাছ ছেৰ ক’ৰ’ তাৰমানে? হাঃ হাঃ… এই মানে এক্সপেৰিমেন্ট বুজিছ ! চব ফালে থাকিব লাগিব টেলেণ্ট !
: হ’ব ! আলুপৰঠাৰ ওপৰত টেলেন্ট নেদেখুৱালেও হ’ব তুমি৷ লিখ বুইছ৷ সদায় ঘটা সৰু সৰু কথাবোৰেই লিখি উলিয়াছোন৷ ফ’ন কিয় নকৰিলোঁ তাকে ভাবি মূৰটো বেয়া কৰি থাকিব নালাগে…
: উম !
: উম মানে, আজি ৰাতিলৈ কবিতা পাব লাগিব৷ বুজিছ নহয় ! ৰাখোঁ এতিয়া৷ মই অলপ ওলাই যাওঁ…
: এই ৰাতি তই ক’ত ওলাই যাৱ?
: কাম আছে মু… এতিয়া ৰাখিব লাগিব !
: উম… ভালকৈ থাকিবি !
কোৱা নহ’ল৷ সোধাও নহ’ল৷ তিনিদিনে পুঞ্জীভূত হৈ থকা অতবোৰ কথাৰ এটাও ব্যক্ত কৰা নহ’ল৷ ইমান ৰাতিখন সি ক’লৈ যায়? ইমান আকুলতাৰে কথা কোৱা সমীৰে এনেকুৱা কথাবোৰ সুধিলে কিয় কঠোৰ হৈ পৰে? যিবোৰ কথা পৰিষ্কাৰ হোৱাটো তাই বিচাৰে, সেইবোৰ কথা ভগাই ল’বলৈ সি কিয় মান্তি নহয় ?!
টোপনি নাহে৷ মলয়াই বাৰে বাৰে মবাইলৰ স্ক্ৰীণখনলৈ চায়, দিছে নেকি সমীৰে এটা মেজেছ? ওহোঁ ৷ আৰু কেতিয়া কথা পাতিব সিহঁতে? কোনোবাদিনা সমীৰে ক’বনে…. মলয়া, জীৱনটো ভগাই লওঁ আহ….!
ৱাটছএপটো খুলি টাইপ কৰিবলৈ লয় মলয়াই…
” মচি লোৱা চকুপানী, হাউলি পৰা কাজল মেঘক কলোঁ
অস্থিৰ বতাহত জী থকা শলিতাৰ আত্মকথাৰ বাদে আজি আন একোৱেই নুশুনিলোঁ ৷
পৰ্দাৰ সিপাৰে লুকাই আছিল বুদ্ধৰ আধাকেঁচা জোন !
বিষন্ন ৰাতি এটাৰ বিবৰ্ণ ছবিখন তুমি বোলাই দিবা নেকি দুচকুত !
জোনক সোধা নহ’ল,
বিষাদ বাঁহীত কি বাজি উঠে দুঃস্বপ্নৰ সুৰ
বাউলী চুলিৰ ভাঁজত গুজি দিছিলহিনে অপেক্ষাৰ ভাগৰুৱা মুখ !”
মেছেজ চেন্ট৷ চিন দুদাল নীলা হোৱালৈ অপেক্ষা কৰি ৰয় তাই….
To be continued…