…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..
৩
“মই….একমাত্ৰ ময়েই তাৰ প্ৰিয়তম বা প্ৰিয়পাত্ৰ বোলা অমূলক ধাৰণাটোত সুখ থাকে, প্ৰাপ্তি নাথাকে৷ আচলতে এক্সপেক্টটেচন বস্তুটোৱেই আপেক্ষিক৷ এক্সপেক্ট নকৰাকৈ যিখিনি পোৱা যায়, সেয়া বোনাচ, যেন এটা এক্সট্ৰা হেপ্পীনেছ ! যেনে এই যে নিদিওঁ নিদওঁ বুলিও পৰীক্ষাটো দি একো আশা নকৰাকৈয়ে ট্ৰেন্সলেটৰৰ চাকৰিটো পাই গ’লো, অথচ দুবছৰে দিন ৰাত একাকাৰ কৰি কষ্ট কৰিও গাইডৰ লগত সামান্য মনোমালিন্যৰ বাবেই মোৰ ফাইলবোৰ তেওঁ নাচাওঁ বুলিয়েই নোচোৱাকৈ থৈ দিছে, আৰু শূন্যত উফৰি আহি দাঁত নিকটাই তাৎচ্চিল্য কৰিছে মোৰ পিএইচডিৰ দিশহাৰা সপোনটোৱে ! যেনে টিপিকেল নহওঁ বুলিও মই বাৰে বাৰে সমীৰ নামৰ সত্ত্বা এটাৰ স’তে মিলনাকাংক্ষাত বিভোৰ হৈছোঁ, পথভ্ৰষ্ট হৈ বাৰে বাৰে বিচাৰি ফুৰিছোঁ গধুৰ অথচ উমাল এখন হাত… আৰু দৈনন্দিন পৰিহাসৰ সন্মুখীন হৈ নিজকে সুধিছোঁ- আমাৰ এই সম্পৰ্কৰ শিৰোনাম কি?”……..
মেছেজ টোনটো বাজি উঠাত ডায়েৰীৰ পৰা কলমটো সামৰি মলয়াই ফ’নটো তুলি ল’লে..
: ঘৰতে আছনে? মই গৈ আছো আফটাৰ ফিফটিন মিনিটছ.. টাউনলে যাম ওলাই থাকিবি…”
জাগৃতিৰ মেছেজ৷ সেই থুপুক থাপাককৈ স্কুললৈ যোৱাৰে পৰা মাষ্টাৰডিগ্ৰী কৰালৈকে একান্তই অন্তৰংগ বুলিবলৈ কোনোবা যদি আছে, সেয়া জাগৃতি৷ সুখবোৰ উদযাপন কৰিবলৈ, দুখবোৰ ভগাই ল’বলৈ, দোষবোৰ আঙুলিয়াই দিবলৈ আৰু সমস্ত গালি গালাজ নিসংকোচে বৰ্ষণ কৰিবলৈ দুয়ো দুয়োৰে বাবে সদা প্ৰস্তুত৷ “আহ্” বুলি ৰিপ্লাই দি কলমটো আৰু ডায়েৰীখন সামৰি মলয়াই কাপোৰসাজ সলাই ল’লে.. বিনা কাৰণত মনটো বেয়া লাগি থকাটো অভ্যাসত পৰিণত হৈছে৷ “যাহ অলপ ওলাই গ’লে ভালো লাগিব পাৰে’ বুলি মলয়াই নিজকে সজাবলৈ ধৰে…. মাকৰ ৰূমৰ ড্ৰেচিং আইনাখনত সামান্য সাজোন কাচোন কৰি নিজৰ ৰূমলৈ আহে মানে তাই জাগৃতিক দেখি আচৰিত হৈ যায়..
: আটচা সাহিত্যক বাইদেৱে মানে এইবোৰ লিখি আছিলি?
: ষ্টুপিড ! মনে মনে আহি পঢ়ি আছহি ? -মলয়াই ডায়েৰীখন টান মাৰি আনে..
: অহ পাৰ্চনেল ডায়েৰী টেবুলত এনেকৈ মেলি থৈ দিবি, আৰু মই যুধিষ্ঠিৰৰ জীয়েক যে চকু মুদি বন্ধ কৰি দিম..
: ফাল্টু কৰবাৰ… গোটেইকেইটা পেজ পঢ়িলি? হা? চব পঢ়িলি?
: অ’ পঢ়িলোঁ, হে হে… সমীৰক ফ’ন কৰি জনাই দিম বাৰু, নিজেতো মুখ খুলি একোদাল ক’ব নোৱাৰই….
জাগৃতিৰ মুখখনত হেচি ধৰে মলয়াই৷ চুপ একদম চুপ… যাৱ যদি ব’ল নহলে ঘৰলে যাগৈ…
: চাহ একাপ খাই যাওঁ নেকি? খুৰীইইইইই… জাগৃতিয়ে চিঞৰে…
: একদম নালাগে, কি খাৱ বাহিৰত খুৱাম৷ ব’ল এতিয়া.. মলয়াই জানে, এইক বেছি দেৰি ঘৰত ৰাখিলে টেপটেপাই চব বকি দিব…. মাক পাকঘৰৰ পৰা ওলাই জাগৃতিক মাত লগাইহি মানে দুয়ো গৈ ৰাস্তা পাইগৈ৷ স্কুটিত জাগৃতি৷ পিছপিনে মলয়া..
মলয়াহঁতৰ ঘৰৰ কেঁকুৰিটো পাৰ হৈ চিধা অলপদূৰ গৈ ঘূৰি দিলেই চহৰখনৰ মাজমজিয়া৷ স্কুটিৰে সাত আঠ মিনিটৰ বাট৷ সেইপিনেৰে নগৈ জাগৃতিয়ে অইন এটা গলিৰে বাট পোনাই দিয়ে..
: ঐ তইটো কৈছিলি টাউনলে যাম ! ক’ত গৈ আছ মানে?
: ৰহ তিনিআলিৰ সিমূৰে নতুনকৈ কফিহাউচ এখন খুলিছে৷ কফি একাপ খাই যাওঁ… নে কি?
: উমমম ব’ল..
কফিহাউচৰ বাহিৰত স্কুটিখন ৰখাই হেলমেটটো হাতত লৈ জাগৃতি সোমাই যায়৷ পিছে পিছে মলয়া….
: তহঁতৰ প্ৰব্লেমটো কি?
: কাৰ?
: তোৰ আৰু সমীৰৰ..
: একো প্ৰব্লেম নথকাটোৱেই আমাৰ মেইন প্ৰব্লেম
: সাহিত্যিক ভাষা এৰি অলপ চিধাচিধিকৈ বুজাই দিবনে বাইদেউ?
: হাহাঃ… এ মানে এইবোৰ বুজাই ক’ব নোৱাৰি অ’ ! তই ক তই জানো কল্লোলৰ স’তে সম্পূৰ্ণ সুখী? তহঁতৰ কি একো সমস্যা নাই?
: সমস্যা কাৰ নাথাকে মলয়া ! কম বেছি পৰিমাণে আমিতো সমস্যাৰ সৈতেই সহবাস কৰি থাকোঁ৷ কিন্তু আমাৰ এটা স্থিতি আছে৷ এটা লক্ষ্য আছে৷ কিন্তু তই ইমান অনিশ্চয়তাৰ মাজত আৰু কিমান দিন থাকিবি?
: জু তই জান যে সমীৰ ” ৰিলেচনশ্চিপ”ত থকা টাইপৰ মানুহ নহয় ৷ ব’ৰ হৈ যাব সি ! তাতকৈ ডাঙৰ কথা মই নিজেই ব’ৰ হৈ যাম৷ এনেকেই ভাল লাগেচোন, ভাললগা কিবা এটাৰ বাবে ৰৈ ৰৈ, অথচ হঠাৎ নভবাকৈ কেতিয়াবা প্ৰাণভৰি ভালপাবলৈ… বুছিছ, এই এক্সাইটমেন্টটো জীৱনত লাগে !এণ্ড লাষ্টত, এই যে তাৰ মোৰ প্ৰতি থকা আস্থা, এই যে তাৰ ভিৰৰ মাজতো ভাগৰৰ শেষ নিশ্বাসকণত মোৰ নাম লিখা থাকে, তাক মই নেওচা দিব নোৱাৰোঁ৷
কফিমগত চুমুক দি তাই কয়..
: মোৰ এনেকুৱা লাগে মলয়া, সমীৰ তোৰ ক্ষেত্ৰত চিৰিয়াছ নহয়৷ আচলতে সি কাৰো লগতেই চিৰিয়াছ নহয়৷ নহ’লেনো অংকিতাই তাক এৰি যায়নে !
: অংকিতাৰ কেছ বেলেগ আছিল জু ! মই অংকিতা নহয় ! আৰু সমীৰ কি, কেনেকুৱা সেয়া মই তোক বুজাই দিব নোৱাৰিম৷ তই কোৱাৰ দৰে মোৰ তাৰ লগত থকাৰ যুক্তি নাথাকিব পাৰে, কিন্তু অইন বিকল্পৰ কথা ভবাটোও মোৰ বাবে সম্ভৱ নহয় !
: হমমমমমমমম কিন্তু সোনকালে কিবা এটা চেটেল কৰ৷ জীৱনটো ফেন্টাচী নহয়, তই লিখা সাহিত্যবোৰো নহয়… ঘৰত বিয়াৰ কথা উলিয়ালে কাৰ কথা কবি…?
ব’ল ব’ল এতিয়া জল্দি জেৰক্সখিনি কৰি আনোগৈ….
জাগৃতিৰ শেষৰ প্ৰশ্নটোৰ উত্তৰ দিয়া নহয়৷ কাউন্টাৰত পইচাখিনি জমা দি মনে মনে তাই স্কুটিত বহে… টাউন পাবলৈ এতিয়াও দহ মিনিটৰ বাট…
: জু…
: হু?
: …. “কেহনেকো চাথ অপনে এক দুনিয়া চলতিহে
পৰ চুপকে ইছ দিল মে তনহায়ি বনতিহে…’
জাগৃতিয়ে জোৰকৈ হাঁহি দিয়ে…আৰু লগতে গুনগুনাই…
: তেৰে য়াআআআআআআদ চাথ হে….
To be continued…